--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চনে পান মচলা ব্ৰেণ্ডলৈ আইনী জাননী প্ৰেৰণ কৰিছে। চুক্তি বাতিল হোৱাৰ পাছতো পান মচলাৰ বিজ্ঞাপন প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অমিতাভ বচ্চনে। পান মছলা ব্ৰেণ্ডৰ মই-মতালিৰ বাবে সামাজিক মাধ্যমতো তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বলীউড শ্বেহেনশ্বাহে। পান মচলা ব্ৰেণ্ডলৈ আইনী জাননী প্ৰেৰণৰ বাতৰি নিশ্চিত কৰি অমিতাভ বচ্চনৰ এজন ঘনিষ্ঠ সহযোগীয়ে কয়, ‘মিঃ বচ্চনৰ কাৰ্যালয়ৰ পৰা জানিবলৈ পাইছো যে, মিঃ বচ্চন অভিনীত পান মচলাৰ বিজ্ঞাপনটো অতি শীঘ্ৰে টেলিভিছনৰ পৰ্দাত সম্প্ৰচাৰ বন্ধ কৰিবলৈ কমলা পচন্দলৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছে।’

উল্লেখ্য যে, অমিতাভ বচ্চনে অলপতে তেওঁৰ ৭৯ সংখ্যক জন্মদিনত পান মচলা প্ৰচাৰৰ বিজ্ঞাপনৰ সৈতে তেওঁৰ চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। এক বিবৃতিযোগে তেওঁ কয়, ‘যেতিয়া পান মচলা ব্ৰেণ্ডৰ সৈতে জড়িত হৈছিলো তেতিয়া জনা নাছিলো যে এইটো চাৰোগেট বিজ্ঞাপনৰ অধীনত পৰে।চাৰোগেট বিজ্ঞাপনৰ অৰ্থ হৈছে চিগাৰেট, ধপাত, সুৰাৰ দৰে নিষিদ্ধ সামগ্ৰীৰ বিজ্ঞাপন।’ অমিতাভ বচ্চনৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত এইটোও কোৱা হৈছে যে, অমিতাভ বচ্চনে বিগত সপ্তাহত কমলা পছন্দৰ সৈতে বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ সকলো বাণিজ্যিক চুক্তি বাতিল কৰিছিল আৰু বিজ্ঞাপনৰ বাবে লোৱা আগতীয়া ধন উভতাই দিছিল। তথাপি, বিজ্ঞাপনটো টিভিত সম্প্ৰচাৰ কৰা হৈছে। সেইবাবে এনবাৰ অমিতাভে পান মচলা ব্ৰেণ্ডৰ বিৰুদ্ধে প্ৰেৰণ কৰিছে আইনী জাননী। উল্লেখ্য যে, ধপাতজাতীয় সামগ্ৰী নিৰ্মূলৰ বাবে চৰকাৰেও অমিতাভ বচ্চনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত কোৱা হৈছিল যে বিগ-বি হৈছে পলিঅ'ৰ অফিচিয়েল ব্ৰেণ্ড এম্বেচেডৰ। গতিকে তেওঁৰ মুখত পান মচলাৰ বিজ্ঞাপনে শোভা নাপায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু