--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চনে পান মচলা ব্ৰেণ্ডলৈ আইনী জাননী প্ৰেৰণ কৰিছে। চুক্তি বাতিল হোৱাৰ পাছতো পান মচলাৰ বিজ্ঞাপন প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অমিতাভ বচ্চনে। পান মছলা ব্ৰেণ্ডৰ মই-মতালিৰ বাবে সামাজিক মাধ্যমতো তিক্ত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে বলীউড শ্বেহেনশ্বাহে। পান মচলা ব্ৰেণ্ডলৈ আইনী জাননী প্ৰেৰণৰ বাতৰি নিশ্চিত কৰি অমিতাভ বচ্চনৰ এজন ঘনিষ্ঠ সহযোগীয়ে কয়, ‘মিঃ বচ্চনৰ কাৰ্যালয়ৰ পৰা জানিবলৈ পাইছো যে, মিঃ বচ্চন অভিনীত পান মচলাৰ বিজ্ঞাপনটো অতি শীঘ্ৰে টেলিভিছনৰ পৰ্দাত সম্প্ৰচাৰ বন্ধ কৰিবলৈ কমলা পচন্দলৈ এখন আইনী জাননী প্ৰেৰণ কৰা হৈছে।’

উল্লেখ্য যে, অমিতাভ বচ্চনে অলপতে তেওঁৰ ৭৯ সংখ্যক জন্মদিনত পান মচলা প্ৰচাৰৰ বিজ্ঞাপনৰ সৈতে তেওঁৰ চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। এক বিবৃতিযোগে তেওঁ কয়, ‘যেতিয়া পান মচলা ব্ৰেণ্ডৰ সৈতে জড়িত হৈছিলো তেতিয়া জনা নাছিলো যে এইটো চাৰোগেট বিজ্ঞাপনৰ অধীনত পৰে।চাৰোগেট বিজ্ঞাপনৰ অৰ্থ হৈছে চিগাৰেট, ধপাত, সুৰাৰ দৰে নিষিদ্ধ সামগ্ৰীৰ বিজ্ঞাপন।’ অমিতাভ বচ্চনৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত এইটোও কোৱা হৈছে যে, অমিতাভ বচ্চনে বিগত সপ্তাহত কমলা পছন্দৰ সৈতে বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ সকলো বাণিজ্যিক চুক্তি বাতিল কৰিছিল আৰু বিজ্ঞাপনৰ বাবে লোৱা আগতীয়া ধন উভতাই দিছিল। তথাপি, বিজ্ঞাপনটো টিভিত সম্প্ৰচাৰ কৰা হৈছে। সেইবাবে এনবাৰ অমিতাভে পান মচলা ব্ৰেণ্ডৰ বিৰুদ্ধে প্ৰেৰণ কৰিছে আইনী জাননী। উল্লেখ্য যে, ধপাতজাতীয় সামগ্ৰী নিৰ্মূলৰ বাবে চৰকাৰেও অমিতাভ বচ্চনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত কোৱা হৈছিল যে বিগ-বি হৈছে পলিঅ'ৰ অফিচিয়েল ব্ৰেণ্ড এম্বেচেডৰ। গতিকে তেওঁৰ মুখত পান মচলাৰ বিজ্ঞাপনে শোভা নাপায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ