--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • বাশবাৰীত ৰে'লৱে কোচ ফেক্টৰী নিৰ্মাণৰ বাবে মাটি আবণ্টনৰ অসুবিধাসমূহ দূৰ কৰা হ'ব বুলি মন্তব্য কৰি বাশবাৰী পথটো ৰাষ্ট্ৰীয় ঘাইপথলৈকে বহল কৰা হ'ব বুলি মন্তব্য কৰিছে হাগ্রামা মহিলাৰীয়ে।

ডিজিটেল ডেস্ক : বি টি চিৰ বিধান পৰিষদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণিৰ পাছতে আজি বি টি চি সচিবালয়ৰ প্রেক্ষাগৃহত অসম চৰকাৰ আৰু বি টি চি চৰকাৰৰ মাজত এক সমন্বয় বৈঠক তথা পর্যালোচনা সভা অনুষ্ঠিত হয়। বৈঠকত বি টি চি প্রধান হাগ্রামা মহিলাৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্রী ক্রমে অজন্তা নেওগ, জয়ন্তমল্ল বৰুৱা আৰু চৰণ বড়োৰ উপৰি অসম চৰকাৰৰ মুখ্য সচিব, প্রায়ভাগ বিভাগৰ মুৰব্বী বিষয়া আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।


বৈঠকৰ অন্তত বিত্ত মন্ত্রী অজন্তা নেওগে সংবাদ মাধ্যমৰ আগত কয় যে বি টি চিৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অসম চৰকাৰৰ পৰা যেনেধৰণে সহায়-সহযোগিতা লাগে সেয়া দিয়া হ'ব। বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ পৰ্যালোচনা কৰা হয়। বৰ্তমান ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল বুলি মন্তব্য কৰি বি টি চিয়ে ১০০ শতাংশ অর্থনৈতিক স্বাধীনতা পাইছে বুলি মন্তব্য কৰি অসম চৰকাৰে বি টি চিক অতিৰিক্ত পুঁজিও যোগান ধৰিছে। তদুপৰি বি টি চিয়ে নিজাববীয়া পুঁজি সংগ্ৰহৰ প্ৰচেষ্টা আদৰণীয় বুলি মন্তব্য কৰি বি টি চিয়ে অচিৰেই নতুন ৰূপ পাব বুলি আশা প্রকাশ কৰিছে অজন্তা নেওগে।


ইপিনে বৈঠকত অংশগ্রহণ কৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে বি টি চিত বহু নতুন প্রকল্প হ'ব। কোকৰাঝাৰৰ পৰা গেলেংফুলৈ নতুন ৰে'ল লাইন হ'ব আৰু উক্ত প্ৰকল্পৰ শুভাৰম্ভ কৰিবলৈ অহা জানুৱাৰী মাহত কোকৰাঝাৰলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহাৰ সম্ভাৱনীয়তা ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । তদুপৰি ৰূপচী বিমান বন্দৰ উন্নীতকৰণৰ বাবে আলোচনা কৰাৰ লগতে বাশবাৰীত ৰে'লৱে কোচ ফেক্টৰী নিৰ্মাণৰ কথাও বৈঠকত আলোচিত হয়।


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বি টি চিৰ সৰ্বাংগীণ উন্নয়ন বিচাৰিছে আৰু সেয়ে বি টি চিত এতিয়া তীব্রগতিত উন্নয়ন হ'ব বুলি মন্তব্য কৰি অসম চৰকাৰে এইক্ষেত্রত সর্বদিশতে সহায় কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বৰুৱাই। ইপিনে উক্ত বৈঠকৰ পাছত বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত বৈঠক অত্যন্ত ফলপ্রসূ আছিল বুলি সদৰী কৰি সকলো বিষয়বস্তু ধনাত্মক দিশেৰে আগবাঢ়িছে বুলি মন্তব্য কৰে।


বাশবাৰীত ৰে'লৱে কোচ ফেক্টৰী নিৰ্মাণৰ বাবে মাটি আবণ্টনৰ অসুবিধাসমূহ দূৰ কৰা হ'ব বুলি মন্তব্য কৰি বাশবাৰী পথটো ৰাষ্ট্ৰীয় ঘাইপথলৈকে বহল কৰা হ'ব বুলি মন্তব্য কৰিছে হাগ্রামা মহিলাৰীয়ে। তদুপৰি কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেংফুলৈ যোৱা ৰে'ল লাইনৰ জৰীপ প্রায় সম্পূৰ্ণ হৈছে আৰু অচিৰেই মাটি অধিগ্রহণৰ কাম আৰম্ভ হ'ব বুলি সদৰী কৰি হাগ্ৰামা মহিলাৰীয়ে বি টি চিলৈ হস্তান্তৰিত হোৱা ৩৯টা বিভাগত অফিচাৰৰ পৰা চতুৰ্থবৰ্গ শ্ৰেণীলৈ কৰ্মচাৰীৰ অভাৱৰ বিষয়েও আজিৰ বৈঠকত আলোচনা হোৱা বুলি সদৰী কৰে।


 অহা ১৫ দিনৰ ভিতৰত দিছপুৰত পুনৰাই পৰ্যালোচনা বৈঠক সম্পন্ন হ'ব বুলি সদৰী কৰে হাগ্রামা মহিলাৰীয়ে। আনহাতে সাংবাদিকৰ এক প্রশ্নোত্তোৰত বি টি চি বিধান পৰিষদৰ লংকাকাণ্ড ঘটনাত এবছু আৰু ইউ পি পি এল জড়িত আছে বুলি পুনৰাই দাবী কৰিছে। হাগ্ৰামা মহিলাৰীৰ মতে আমাৰ দক্ষিণ মানে এবছু-ইউ পি পি এলৰ উত্তৰ, এবছু-ইউ পি পি এলে ঘটনাটো কৰা নাই কোৱা মানে তেওঁলোকে কৰিছে আৰু কৰিছোঁ কোৱা মানে কৰা নাই বুজায়।


ইপিনে সাংবাদিকৰ এক প্রশ্নত্তোৰত মন্ত্রী জয়ন্ত মল্লবৰুৱাই বি টি চি বিধান পৰিষদত আক্ৰমণৰ দৰে ঘটনা হ'ব নালাগিছিল বুলি মন্তব্য কৰি মন্ত্ৰী গোটে প্রতিবেদন দাখিল কৰাৰ পূর্বেই আন্দোলন কৰাটো বুজিবলৈ অসুবিধা হৈছে বুলি মন্তব্য কৰে। সকলোৰে আৱেগ আছে আৰু সকলোৱে ইজনে সিজনৰ আৱেগক সন্মান প্ৰদৰ্শন কৰা উচিত বুলি মন্তব্য কৰি প্ৰতিবেদন দাখিলৰ পূৰ্বে চি চি অ'টি এৰ সৈতে বহুবাৰ আলোচনা হৈছিল। ২০১৯ চনৰ পৰা আৰম্ভ কৰা প্ৰক্ৰিয়াৰ দ্বাৰা এতিয়া এটা সমাধান-সূত্র ওলাব বিচৰা হৈছে আৰু ইয়াৰ পূৰ্বে অৰ্থাৎ দীঘলীয়া ছয় বছৰীয়া সময়ছোৱাত বহুবাৰ আলোচনা হ'ল আৰু চৰকাৰ এতিয়াও আলোচনাৰ বাবে সাজু আছে বুলি কয় মন্ত্রী জয়ন্ত মল্লবৰুৱাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement