--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক জঘন্য আৰু নিকৃষ্ট ঘটনা সংঘটিত হৈছে এইখন ভাৰততে, এগৰাকী নাবালক ছোৱালীক মুম্বাইৰ এণ্টপ হিল এলেকাত এগৰাকী ২৫ বছৰীয়া চুবুৰীয়াই ধৰ্ষণ আৰু গৰ্ভধাৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো পোহৰলৈ আহিছিল যেতিয়া ছোৱালীজনীয়ে পেটৰ বিষ অনুভৱ কৰিছিল, যাৰ পাছত ভুক্তভোগীৰ পৰিয়ালৰ লোকে কিশোৰীগৰাকীক নিকটতম চিকিৎসালয়লৈ লৈ গৈছিল, তেতিয়াই চিকিৎসকে কৈছিল যে ছোৱালীজনী পাঁচ মাহৰ গৰ্ভৱতী। এজন আৰক্ষী বিষয়াই কয় যে, কিশোৰাগৰাকীৰ পিতৃ-মাতৃয়ে তাইক এগৰাকী চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়াই তেওঁ গৰ্ভৱতী হোৱাটো নিশ্চিত হৈ পৰিছিল।" আৰক্ষীৰ মতে, অভিযুক্তজনে কিশোৰীগৰাকীক ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণ কৰে। অভিযুক্তজন তেওঁৰ পত্নী আৰু দুই সন্তানৰ সৈতে পলাই গৈছিল। আৰক্ষীয়ে লগতে কয় যে "আমি অভিযুক্তজনক গ্ৰেপ্তাৰৰ বাবে অনুসন্ধানত নামিছিলো আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলো। অভিযুক্তজনক শুক্ৰবাৰে ৰিমাণ্ডৰ বাবে আদালতত হাজিৰ কৰোৱা হ'ব, আৰক্ষীৰ লোকে জানিবলৈ দিয়ে। অভিযুক্তজনৰ ওপৰত ধৰ্ষণৰ আৰু পকশ্বো আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান সময়ত নাৰীক পুৰুষৰ সৈতে সাংবিধানিকভাবে সম অধিকাৰ দিয়া হৈছে যদিও নাৰীৰ প্ৰতি থকা শাসনকাৰী মনোবৃত্তি পুৰুষ সমাজৰ পৰা আঁতৰ হোৱা নাই। নাৰীসকল এতিয়া কেৱল শিক্ষা–দীক্ষাতে নহয়, বিভিন্ন বিভাগৰ চাকৰি, ক্ৰীড়া, কলা, সাহিত্য-সাংস্কৃতিক দিশত আৰু ৰাজনৈতিক ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি গৈছে। কিন্ত নাৰী সুৰক্ষিত বা মুক্ত বুলি বিবেচনা কৰিব নোৱাৰোঁ আজিও নাৰী মুক্তভাৱে চলা-ফুৰা কৰাটো এটা সপোন হৈয়ে আছে। এচাম পুৰুষৰ হাতত নাৰী ধৰ্ষিতা, নিৰ্যাতিতা, লাঞ্চিতা আৰু অৱহেলিতা হৈয়ে আছে। এচাম পুৰুষৰ আধিপত্যশীল মনোবৃত্তিয়ে এতিয়াও নাৰীক ভোগৰ সামগ্ৰী কৰি ৰাখিব বিচাৰে। প্ৰতিটো ধৰ্ষণেই হৈছে পুৰুষতান্ত্ৰিক মানসিকতালব্ধ আধিপত্য আৰু নাৰীক পৰাধীন কৰি ৰাখিব খোজাৰ একপ্ৰকাৰ নিৰ্দয় অভিব্যক্তি। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন