--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মাই নেম ইজ ক’ভিড এণ্ড আই এম নট এ ভাইৰাছ …’। সমগ্ৰ বিশ্বজোৰা মহাব্যাধি ক’ভিড সংক্ৰমণ আৰম্ভ হোৱাৰ আগলৈকে তেওঁৰ কাৰণে সকলো সহজ আছিল। কোনেও তেওঁৰ নামটোক লৈ একো প্ৰশ্ন কৰা নাছিল আশ্বৰ্যও প্ৰকাশ কৰা নাছিল। কিন্তু হঠাতে সকলো সলনি হৈ গ’ল। বিশ্ব বিয়পা মহামাৰী ক’ভিডে তাণ্ডৱ আৰম্ভ কৰিলে আৰু তাৰ পাছতে এই নাম মানুহৰ মুখে মুখে বাগৰিবলৈ আৰম্ভ কৰিলে। লগে লগে এটা আচহুৱা পৰিস্থিতিৰ সন্মুখীন হ’ল এজন ৩১বছৰীয়া যুৱক। ইয়াৰ একমাত্ৰ কাৰণ তেওঁৰ নামটো। বিশ্ববিখ্যাত লেখক শ্বেইক্সপীয়েৰে নামটোনো কি বুলি হয়তো ঠিকেই কৈছিল কিন্তু এই যুৱকজনৰ বাবে তেওঁৰ নামটোৱেই হৈ পৰিছে এটা ডাঙৰ কথা। নিজৰ নামটোক লৈ তেওঁ হাঁহিমেই নে কান্দিম অৱস্থা এতিয়া। কাৰণ তেওঁৰ নাম আন একো নহয়, তেওঁৰ নাম হৈছে ক’ভিড কাপুৰ।

কিছুবছৰ আগলৈকে অতি স্বাভাৱিক আন এশটা নামৰ দৰে এই নামটো এতিয়া হৈ পৰিছে আশ্বৰ্য আৰু আমোদৰ বিষয়। তেওঁ যেতিয়া কাৰোবাৰ আগত গৈ কয় যে, মোৰ নাম ক’ভিড তেতিয়া স্বাভাৱিকতেই সকলোৰে মুখত আশ্বৰ্য আৰু আমোদৰ ভাব এটা ফুটি উঠে। ৩১ বছৰীয়া ক’ভিড কাপুৰ এতিয়া সকলোতে আচহুৱা কিছুমান অবিব্যক্তি আৰু প্ৰতিক্ৰিয়াৰে সন্মুখীন হ’বলগীয়া হয়। এইগৰাকী লোক হৈছে বেংগালুৰুৰ এগৰাকী উদ্যোগী ক’ভিড কাপুৰ।

ক’ভিড কাপুৰেও তেওঁৰ জীৱনলৈ অহা এই অপ্ৰত্যাশিত আৰু আকস্মিক পৰিৱৰ্তনক আমোদেৰেই গ্ৰহণ কৰিছে। তেওঁৰ নামক লৈ বিভিন্নজন লোকতো বিভ্ৰান্ত হয়েই আনকি আৰ্টিফিচিয়েল ইণ্টালিজেন্সো বিভান্ত হৈ পৰে। এই পৰিস্থিতিক লৈ সৰসতাৰে ক’ভিড কাপুৰে তেওঁৰ টুইটাৰ বায়’ত লিখিছে, ‘মই নেম ইজ ক’ভিড এণ্ড আই এম নট এ ভাইৰাছ ।’ শ্বাহৰুখ খান অভিনীতি বিখ্যাত ছবি মাই নেম ইজ খানৰ অনুসৰনেৰে নিজৰ পৰিচয় এনেদৰে দিছে ক’ভিড কাপুৰে। ক’ভিড পৰিস্থিতিৰ পাছত তেওঁ আনকি প্ৰথমবাৰ বিদেশ ভ্ৰমণৰ সময়তো তেওঁ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ টুইটাৰত নিজৰ বায়’ সলনিৰ পাছতে ই ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে আৰু ই নিমিষতে ভাইৰেল হৈ পৰিছে।

নিজৰ নামটো এটা মহামাৰীৰ যহতে মামুহৰ মুখে মুখে হৈ পৰা পৰিস্থিতিক লৈ তেওঁৰনো অনুভৱ কি সেই বিষয়ে ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত ক’ভিডে কয়, ‘এয়া অতি আমোদজনক। আমি প্ৰথমে সকলোৱে খুব হাঁহি-স্ফূৰ্তি কৰিছিলোঁ ইয়াক লৈ। এতিয়া আশ্বৰ্যকৰভাৱে এই নাম বিশ্বতে বিয়পি পৰিছে। মই এতিয়া হাঁহিমেই নে কান্দিম সেয়া একো ভাবিব নোৱৰা অনুভৱ হৈ ৰৈছে।’

তেওঁৰ নামৰ স্ক্ৰীণশ্বট ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পাছত তেওঁ মাকক যেতিয়া দেখুৱাইছিল তেতিয়া মাকেও ইয়াক লৈ খুব ৰসিকতা কৰিছিল বুলি ক’ভিডে প্ৰকাশ কৰে। এতিয়া তেওঁৰ নামটোৰ অৰ্থনো আচলতে কি সেয়াও বহুতেই জানিবলৈ আগ্ৰহ কৰে বুলি তেওঁ প্ৰকাশ কৰে। বিমানবন্দৰ বা আন যিকোনো ৰাজহুৱা স্থান যেতিয়া তেওঁ ভ্ৰমণ কৰে তেতিয়া তেওঁৰ পৰিচয় পত্ৰ বাৰে বাৰে পৰীক্ষা কৰিহে সকলো আশ্বস্ত হয় বুলি তেওঁ প্ৰকাশ কৰে। ভাৰত তথা শ্ৰীলংকাৰ দৰে দেশতো তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰিছে ক’ভিড কাপুৰে। এতিয়া তেওঁৰ ৩১ বছৰীয়া বাৰ্থডে কেক, তেওঁৰ পৰিচয়পত্ৰ সকলো ভাইৰেল ছ’চিয়েল মিডিয়াত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়