--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মাই নেম ইজ ক’ভিড এণ্ড আই এম নট এ ভাইৰাছ …’। সমগ্ৰ বিশ্বজোৰা মহাব্যাধি ক’ভিড সংক্ৰমণ আৰম্ভ হোৱাৰ আগলৈকে তেওঁৰ কাৰণে সকলো সহজ আছিল। কোনেও তেওঁৰ নামটোক লৈ একো প্ৰশ্ন কৰা নাছিল আশ্বৰ্যও প্ৰকাশ কৰা নাছিল। কিন্তু হঠাতে সকলো সলনি হৈ গ’ল। বিশ্ব বিয়পা মহামাৰী ক’ভিডে তাণ্ডৱ আৰম্ভ কৰিলে আৰু তাৰ পাছতে এই নাম মানুহৰ মুখে মুখে বাগৰিবলৈ আৰম্ভ কৰিলে। লগে লগে এটা আচহুৱা পৰিস্থিতিৰ সন্মুখীন হ’ল এজন ৩১বছৰীয়া যুৱক। ইয়াৰ একমাত্ৰ কাৰণ তেওঁৰ নামটো। বিশ্ববিখ্যাত লেখক শ্বেইক্সপীয়েৰে নামটোনো কি বুলি হয়তো ঠিকেই কৈছিল কিন্তু এই যুৱকজনৰ বাবে তেওঁৰ নামটোৱেই হৈ পৰিছে এটা ডাঙৰ কথা। নিজৰ নামটোক লৈ তেওঁ হাঁহিমেই নে কান্দিম অৱস্থা এতিয়া। কাৰণ তেওঁৰ নাম আন একো নহয়, তেওঁৰ নাম হৈছে ক’ভিড কাপুৰ।

কিছুবছৰ আগলৈকে অতি স্বাভাৱিক আন এশটা নামৰ দৰে এই নামটো এতিয়া হৈ পৰিছে আশ্বৰ্য আৰু আমোদৰ বিষয়। তেওঁ যেতিয়া কাৰোবাৰ আগত গৈ কয় যে, মোৰ নাম ক’ভিড তেতিয়া স্বাভাৱিকতেই সকলোৰে মুখত আশ্বৰ্য আৰু আমোদৰ ভাব এটা ফুটি উঠে। ৩১ বছৰীয়া ক’ভিড কাপুৰ এতিয়া সকলোতে আচহুৱা কিছুমান অবিব্যক্তি আৰু প্ৰতিক্ৰিয়াৰে সন্মুখীন হ’বলগীয়া হয়। এইগৰাকী লোক হৈছে বেংগালুৰুৰ এগৰাকী উদ্যোগী ক’ভিড কাপুৰ।

ক’ভিড কাপুৰেও তেওঁৰ জীৱনলৈ অহা এই অপ্ৰত্যাশিত আৰু আকস্মিক পৰিৱৰ্তনক আমোদেৰেই গ্ৰহণ কৰিছে। তেওঁৰ নামক লৈ বিভিন্নজন লোকতো বিভ্ৰান্ত হয়েই আনকি আৰ্টিফিচিয়েল ইণ্টালিজেন্সো বিভান্ত হৈ পৰে। এই পৰিস্থিতিক লৈ সৰসতাৰে ক’ভিড কাপুৰে তেওঁৰ টুইটাৰ বায়’ত লিখিছে, ‘মই নেম ইজ ক’ভিড এণ্ড আই এম নট এ ভাইৰাছ ।’ শ্বাহৰুখ খান অভিনীতি বিখ্যাত ছবি মাই নেম ইজ খানৰ অনুসৰনেৰে নিজৰ পৰিচয় এনেদৰে দিছে ক’ভিড কাপুৰে। ক’ভিড পৰিস্থিতিৰ পাছত তেওঁ আনকি প্ৰথমবাৰ বিদেশ ভ্ৰমণৰ সময়তো তেওঁ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ টুইটাৰত নিজৰ বায়’ সলনিৰ পাছতে ই ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে আৰু ই নিমিষতে ভাইৰেল হৈ পৰিছে।

নিজৰ নামটো এটা মহামাৰীৰ যহতে মামুহৰ মুখে মুখে হৈ পৰা পৰিস্থিতিক লৈ তেওঁৰনো অনুভৱ কি সেই বিষয়ে ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত ক’ভিডে কয়, ‘এয়া অতি আমোদজনক। আমি প্ৰথমে সকলোৱে খুব হাঁহি-স্ফূৰ্তি কৰিছিলোঁ ইয়াক লৈ। এতিয়া আশ্বৰ্যকৰভাৱে এই নাম বিশ্বতে বিয়পি পৰিছে। মই এতিয়া হাঁহিমেই নে কান্দিম সেয়া একো ভাবিব নোৱৰা অনুভৱ হৈ ৰৈছে।’

তেওঁৰ নামৰ স্ক্ৰীণশ্বট ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পাছত তেওঁ মাকক যেতিয়া দেখুৱাইছিল তেতিয়া মাকেও ইয়াক লৈ খুব ৰসিকতা কৰিছিল বুলি ক’ভিডে প্ৰকাশ কৰে। এতিয়া তেওঁৰ নামটোৰ অৰ্থনো আচলতে কি সেয়াও বহুতেই জানিবলৈ আগ্ৰহ কৰে বুলি তেওঁ প্ৰকাশ কৰে। বিমানবন্দৰ বা আন যিকোনো ৰাজহুৱা স্থান যেতিয়া তেওঁ ভ্ৰমণ কৰে তেতিয়া তেওঁৰ পৰিচয় পত্ৰ বাৰে বাৰে পৰীক্ষা কৰিহে সকলো আশ্বস্ত হয় বুলি তেওঁ প্ৰকাশ কৰে। ভাৰত তথা শ্ৰীলংকাৰ দৰে দেশতো তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰিছে ক’ভিড কাপুৰে। এতিয়া তেওঁৰ ৩১ বছৰীয়া বাৰ্থডে কেক, তেওঁৰ পৰিচয়পত্ৰ সকলো ভাইৰেল ছ’চিয়েল মিডিয়াত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন