--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাৰ বাবে অভিযন্তাসকলহে দায়ী, কিন্তু মানুহে দায়ী কৰে চালকক । এই মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে।  মঙলবাৰে পথ অভিযন্তাসকলক দুৰ্ঘটনাৰ বাবে দায়ী বুলি কৈ গাডকাৰীয়ে কয়  যে ত্ৰুটিপূৰ্ণ পৰিকল্পনা আৰু ত্ৰুটিপূৰ্ণ বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ)ৰ বাবেই  বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। 

'পথ সুৰক্ষা – ভাৰতীয় ৰোডছ @২০৩০  – সুৰক্ষাৰ দণ্ড বৃদ্ধি' শীৰ্ষক কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই)ৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি গাডকাৰীয়ে কয় যে ডিপিআৰ প্ৰস্তুত কৰোঁতে পথ সুৰক্ষাৰ বিষয়টো  আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা উচিত।তেওঁ কয়  "ৰোড ইঞ্জিনিয়াৰিঙৰ বিষয়টো  অতি গুৰুত্বপূৰ্ণ। মই চিআইআই সমিতিক এই বিষয়ত মনোযোগ দিবলৈ আৰু ডিপিআৰ প্ৰস্তুতৰ সময়ত সতৰ্ক হ’বলৈ  অনুৰোধ জনাইছো। ডিপিআৰৰ মান ইমান বেয়া... মই অনুভৱ কৰোঁ যে মূলতঃ অভিযন্তাসকল পথ দুৰ্ঘটনাৰ বাবে দায়বদ্ধ, কিন্তু মানুহে সদায় চালকসকলক দোষ দিয়ে। গতিকে মুখ্য সমস্যাটো হ'ল ৰোড ইঞ্জিনিয়াৰিং," তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয়   যে পথ সুৰক্ষাৰ ক্ষেত্ৰত  কেনেদৰে পথৰ মান উন্নত কৰিব পাৰি  সেই বিষয়ত  এখন সন্মিলন হ'ব লাগে। তেওঁ কয় যে পথৰ ব্যয় হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে  নতুন প্ৰযুক্তি গ্ৰহণৰ বিষয়তো  আলোচনা হোৱা উচিত।

গাডকাৰীয়ে লগতে কয় যে "দুৰ্ভাগ্যবশতঃ" পথ দুৰ্ঘটনাৰ সংখ্যা  ১২% বৃদ্ধি পাইছে আৰু পথ দুৰ্ঘটনাত মৃত্যুৰ ১০% বৃদ্ধি হৈছে ।  ফলত জিডিপিৰ আৰ্থ-সামাজিক লোকচান ৩.১৪% হৈছে।

মন্ত্ৰীগৰাকীয়ে  'পথ দুৰ্ঘটনা ২০২২' সন্দৰ্ভত শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি দাবী কৰে যে ২০২২ চনত ৪.৬ লাখ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ১.৬৮ লাখ লোকৰ মৃত্যু হৈছিল।

"সেইসময়ত প্ৰতি ঘণ্টাত, ৫৩  টা পথ দুৰ্ঘটনা আৰু ১৯ জনৰ মৃত্যু হৈছিল...। দুৰ্ঘটনাত কোনো লোকৰ  মৃত্যু হৈছে এটা পৰিয়ালৰ বাবে  জীৱিকা অৰ্জনৰ ক্ষেত্ৰত ক্ষতি, নিয়োগকৰ্তাৰ লোকচান আৰু অৰ্থনীতিৰ সামগ্ৰিক ক্ষতি," তেওঁ কয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন