--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাৰ বাবে অভিযন্তাসকলহে দায়ী, কিন্তু মানুহে দায়ী কৰে চালকক । এই মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে।  মঙলবাৰে পথ অভিযন্তাসকলক দুৰ্ঘটনাৰ বাবে দায়ী বুলি কৈ গাডকাৰীয়ে কয়  যে ত্ৰুটিপূৰ্ণ পৰিকল্পনা আৰু ত্ৰুটিপূৰ্ণ বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ)ৰ বাবেই  বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। 

'পথ সুৰক্ষা – ভাৰতীয় ৰোডছ @২০৩০  – সুৰক্ষাৰ দণ্ড বৃদ্ধি' শীৰ্ষক কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই)ৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি গাডকাৰীয়ে কয় যে ডিপিআৰ প্ৰস্তুত কৰোঁতে পথ সুৰক্ষাৰ বিষয়টো  আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা উচিত।তেওঁ কয়  "ৰোড ইঞ্জিনিয়াৰিঙৰ বিষয়টো  অতি গুৰুত্বপূৰ্ণ। মই চিআইআই সমিতিক এই বিষয়ত মনোযোগ দিবলৈ আৰু ডিপিআৰ প্ৰস্তুতৰ সময়ত সতৰ্ক হ’বলৈ  অনুৰোধ জনাইছো। ডিপিআৰৰ মান ইমান বেয়া... মই অনুভৱ কৰোঁ যে মূলতঃ অভিযন্তাসকল পথ দুৰ্ঘটনাৰ বাবে দায়বদ্ধ, কিন্তু মানুহে সদায় চালকসকলক দোষ দিয়ে। গতিকে মুখ্য সমস্যাটো হ'ল ৰোড ইঞ্জিনিয়াৰিং," তেওঁ কয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয়   যে পথ সুৰক্ষাৰ ক্ষেত্ৰত  কেনেদৰে পথৰ মান উন্নত কৰিব পাৰি  সেই বিষয়ত  এখন সন্মিলন হ'ব লাগে। তেওঁ কয় যে পথৰ ব্যয় হ্ৰাস কৰিবলৈ আৰু পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে  নতুন প্ৰযুক্তি গ্ৰহণৰ বিষয়তো  আলোচনা হোৱা উচিত।

গাডকাৰীয়ে লগতে কয় যে "দুৰ্ভাগ্যবশতঃ" পথ দুৰ্ঘটনাৰ সংখ্যা  ১২% বৃদ্ধি পাইছে আৰু পথ দুৰ্ঘটনাত মৃত্যুৰ ১০% বৃদ্ধি হৈছে ।  ফলত জিডিপিৰ আৰ্থ-সামাজিক লোকচান ৩.১৪% হৈছে।

মন্ত্ৰীগৰাকীয়ে  'পথ দুৰ্ঘটনা ২০২২' সন্দৰ্ভত শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি দাবী কৰে যে ২০২২ চনত ৪.৬ লাখ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ১.৬৮ লাখ লোকৰ মৃত্যু হৈছিল।

"সেইসময়ত প্ৰতি ঘণ্টাত, ৫৩  টা পথ দুৰ্ঘটনা আৰু ১৯ জনৰ মৃত্যু হৈছিল...। দুৰ্ঘটনাত কোনো লোকৰ  মৃত্যু হৈছে এটা পৰিয়ালৰ বাবে  জীৱিকা অৰ্জনৰ ক্ষেত্ৰত ক্ষতি, নিয়োগকৰ্তাৰ লোকচান আৰু অৰ্থনীতিৰ সামগ্ৰিক ক্ষতি," তেওঁ কয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement