--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেলিষ্ট শ্বাহনাজ পাৰবীনৰ। বুধবাৰে ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেল চলাই থাকোতে মহিলা চেম্পিয়ন চাইকেলিষ্ট শ্বাহনাজ পাৰবীনক খুন্দা মাৰে এখন দ্ৰুতবেগী বাহনে। যাৰ ফলত ঘটনাস্থলীতে মৃত্যুবৰণ কৰে শ্বাহনাজ পাৰবীনে। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখনে। জানিব পৰা মতে, চাইকেল আৰোহী শ্বাহনাজ পাৰবীনে পুৱা ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেলৰ অনুশীলন কৰি থকা সময়তে কেজিএন মহাবিদ্যালয়ৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, শ্বাহনাজ পাৰবীনে ইণ্ডিয়ান চাইকেলিষ্ট সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত ১৮৬০ কিলোমিটাৰ চাইকেল চলাই আৰু ৩৬৯ কিলোমিটাৰ দৌৰি প্ৰথম স্থান লাভ কৰিছিল। যাৰ পিছত শ্বাহনাজ পাৰবীনক এই সাফল্যৰ বাবে কোটাত সন্মানিত কৰা হৈছিল।পথ দুৰ্ঘটনাত শ্বাহনাজৰ কৰুণ মৃত্যু ঘটাত তেওঁৰ গৃহজিলাৰ লগতে ৰাজস্থানত শোকৰ পৰিৱেশ সৃষ্টি হৈছে। শ্বাহনাজ পাৰবীনৰ স্বামী আব্দুল হাকিমে কোতৱালীত অচিনাক্ত বাহনখনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে চালকজনক বিচাৰি উলিয়াবলৈ চিচিটিভি ফুটেজ স্কেন কৰি আছে।

উল্লেখ্য যে পথ দুৰ্ঘটনাত শ্বাহনাজ পাৰবীনৰ মৃত্যু হ'ল যদিও তেওঁৰ দুচকুৱে দেখি থাকিব পৃথিৱীৰ পোহৰ। কোনো অন্ধ লোকক দিয়া হ'ব তেওঁৰ দুচকুৰ কৰ্ণিয়া। তেওঁৰ স্বামী আব্দুল হাকিমে পত্নীৰ নেত্ৰদান কৰাৰ অভিপ্ৰায় প্ৰকাশ কৰে।এই সন্দৰ্ভত জৰুৰীকালীন ৱাৰ্ডৰ এছআৰজিৰ কৰ্তব্যৰত ড০ অজিত ভিন্দা আৰু আব্দুলৰ বন্ধু বাদল আগৰৱালে শিশু ৰোগ বিভাগৰ এক নিদানিক কেন্দ্ৰ ১১৬ নং কোঠাত সেৱা আগবঢ়োৱা নাৰ্চিং কৰ্মচাৰী মহেন্দ্ৰ যাদৱৰ সৈতে যোগাযোগ কৰে। বিভাগটোৰ মুৰব্বী ড০ আৰ.কে. মীনাৰ নিৰ্দেশনাত মহেন্দ্ৰ যাদৱে এছ.আৰ.জি.-ৰ শৱগৃহত শ্বাহনাজ পাৰবীনৰ দুচকুৰ কৰ্ণিয়া সংগ্ৰহ কৰে। এই বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে মুছলমান সম্প্ৰদায়ৰ পৰা এয়াই প্ৰথম নেত্ৰদান লাভ কৰিছে।

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনা কৰি উগ্ৰতাৰা মন্দিৰত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী শৰ্মাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ