--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইকেলিষ্ট শ্বাহনাজ পাৰবীনৰ। বুধবাৰে ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেল চলাই থাকোতে মহিলা চেম্পিয়ন চাইকেলিষ্ট শ্বাহনাজ পাৰবীনক খুন্দা মাৰে এখন দ্ৰুতবেগী বাহনে। যাৰ ফলত ঘটনাস্থলীতে মৃত্যুবৰণ কৰে শ্বাহনাজ পাৰবীনে। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অচিনাক্ত বাহনখনে। জানিব পৰা মতে, চাইকেল আৰোহী শ্বাহনাজ পাৰবীনে পুৱা ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেলৰ অনুশীলন কৰি থকা সময়তে কেজিএন মহাবিদ্যালয়ৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, শ্বাহনাজ পাৰবীনে ইণ্ডিয়ান চাইকেলিষ্ট সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত ১৮৬০ কিলোমিটাৰ চাইকেল চলাই আৰু ৩৬৯ কিলোমিটাৰ দৌৰি প্ৰথম স্থান লাভ কৰিছিল। যাৰ পিছত শ্বাহনাজ পাৰবীনক এই সাফল্যৰ বাবে কোটাত সন্মানিত কৰা হৈছিল।পথ দুৰ্ঘটনাত শ্বাহনাজৰ কৰুণ মৃত্যু ঘটাত তেওঁৰ গৃহজিলাৰ লগতে ৰাজস্থানত শোকৰ পৰিৱেশ সৃষ্টি হৈছে। শ্বাহনাজ পাৰবীনৰ স্বামী আব্দুল হাকিমে কোতৱালীত অচিনাক্ত বাহনখনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে চালকজনক বিচাৰি উলিয়াবলৈ চিচিটিভি ফুটেজ স্কেন কৰি আছে।

উল্লেখ্য যে পথ দুৰ্ঘটনাত শ্বাহনাজ পাৰবীনৰ মৃত্যু হ'ল যদিও তেওঁৰ দুচকুৱে দেখি থাকিব পৃথিৱীৰ পোহৰ। কোনো অন্ধ লোকক দিয়া হ'ব তেওঁৰ দুচকুৰ কৰ্ণিয়া। তেওঁৰ স্বামী আব্দুল হাকিমে পত্নীৰ নেত্ৰদান কৰাৰ অভিপ্ৰায় প্ৰকাশ কৰে।এই সন্দৰ্ভত জৰুৰীকালীন ৱাৰ্ডৰ এছআৰজিৰ কৰ্তব্যৰত ড০ অজিত ভিন্দা আৰু আব্দুলৰ বন্ধু বাদল আগৰৱালে শিশু ৰোগ বিভাগৰ এক নিদানিক কেন্দ্ৰ ১১৬ নং কোঠাত সেৱা আগবঢ়োৱা নাৰ্চিং কৰ্মচাৰী মহেন্দ্ৰ যাদৱৰ সৈতে যোগাযোগ কৰে। বিভাগটোৰ মুৰব্বী ড০ আৰ.কে. মীনাৰ নিৰ্দেশনাত মহেন্দ্ৰ যাদৱে এছ.আৰ.জি.-ৰ শৱগৃহত শ্বাহনাজ পাৰবীনৰ দুচকুৰ কৰ্ণিয়া সংগ্ৰহ কৰে। এই বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে মুছলমান সম্প্ৰদায়ৰ পৰা এয়াই প্ৰথম নেত্ৰদান লাভ কৰিছে।

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনা কৰি উগ্ৰতাৰা মন্দিৰত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী শৰ্মাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন