--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উদয়পুৰৰ এখন দোকানত দৰ্জীক হত্যা কৰাৰ পিছতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে উদয়পুৰত। চোকা অস্ত্ৰ লৈ অহা দুষ্কৃতিকাৰীয়ে মধ্যম বজাৰত এজন যুৱকক হত্যা কৰাৰ পাছৰে পৰা ক্ষোভৰ সৃষ্টি হৈছে মানুহৰ মাজত।ঘটনাটো সংঘটিত হোৱাৰ পাছতে অঞ্চলটোৰ দোকান-পোহাৰসমূহ বন্ধ কৰি দিয়া হয়। এই তীব্ৰ প্ৰতিবাদৰ কাৰণ আছিল হত্যাকাণ্ডৰ কিছু সময়ৰ পিছতে দুজন যুৱকে এটা ভিডিঅ’ মুকলি কৰি চোকা অস্ত্ৰ দেখুৱাই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বাহিনী মোতায়েন কৰা হয়। একে সময়তে বৃহৎ সংখ্যক ব্যৱসায়ীয়ে অঞ্চলটোত শোভাযাত্ৰা উলিয়াই দিহলী গেট ছেক্সনত বিক্ষোভ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়।

আচলতে এই কাণ্ডটো সংঘটিত হৈছিল চহৰৰ আটাইতকৈ ব্যস্ত অঞ্চল মালদাস ষ্ট্ৰীটত। দুস্কৃতিকাৰীৰ লক্ষ্য হৈ পৰা কানহাইলাল টেইলৰ নিজৰ দোকানতে আছিল তে‌তিয়া। প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা পতাৰ পিছত পোহৰলৈ আহে দুই যুৱকে চোকা অস্ত্ৰৰে কানহাইয়া লালক আক্ৰমণ কৰাৰ কথা। তেওঁক বচাবলৈ প্ৰত্যক্ষদৰ্শী অহাৰ আগতেই দুয়ো পলাই যায়। ঘন্টাঘৰ আৰক্ষী থানাই যেতিয়া তথ্যৰ ভিত্তিত সেই স্থানত উপস্থিত হয়, তেতিয়া ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল এয়াই নহয়, লগে লগে দোকানখন বন্ধ কৰি দিয়া হয়৷ 

জানিবলৈ পোৱা মতে, বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নূপুৰ শৰ্মাই কৰা বিতৰ্কিত বক্তব্যক লৈ সমগ্ৰ দেশতে বিতৰ্ক অব্যাহত আছে। মৃত যুৱকজনে তেওঁৰ পক্ষত কৰিছিল পোষ্ট। তেতিয়াৰ পৰা তেওঁ ভাবুকি পাই আছিল বিভিন্ন মাধ্যমৰ পৰা। ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা ভিডিঅ’টো মুকলি কৰা দুই যুৱকে নূপুৰ শৰ্মাৰ বক্তব্যৰো উদ্ধৃতি দিয়া দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ