--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ উদয়পুৰৰ এখন দোকানত দৰ্জীক হত্যা কৰাৰ পিছতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে উদয়পুৰত। চোকা অস্ত্ৰ লৈ অহা দুষ্কৃতিকাৰীয়ে মধ্যম বজাৰত এজন যুৱকক হত্যা কৰাৰ পাছৰে পৰা ক্ষোভৰ সৃষ্টি হৈছে মানুহৰ মাজত।ঘটনাটো সংঘটিত হোৱাৰ পাছতে অঞ্চলটোৰ দোকান-পোহাৰসমূহ বন্ধ কৰি দিয়া হয়। এই তীব্ৰ প্ৰতিবাদৰ কাৰণ আছিল হত্যাকাণ্ডৰ কিছু সময়ৰ পিছতে দুজন যুৱকে এটা ভিডিঅ’ মুকলি কৰি চোকা অস্ত্ৰ দেখুৱাই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বাহিনী মোতায়েন কৰা হয়। একে সময়তে বৃহৎ সংখ্যক ব্যৱসায়ীয়ে অঞ্চলটোত শোভাযাত্ৰা উলিয়াই দিহলী গেট ছেক্সনত বিক্ষোভ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়।

আচলতে এই কাণ্ডটো সংঘটিত হৈছিল চহৰৰ আটাইতকৈ ব্যস্ত অঞ্চল মালদাস ষ্ট্ৰীটত। দুস্কৃতিকাৰীৰ লক্ষ্য হৈ পৰা কানহাইলাল টেইলৰ নিজৰ দোকানতে আছিল তে‌তিয়া। প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা পতাৰ পিছত পোহৰলৈ আহে দুই যুৱকে চোকা অস্ত্ৰৰে কানহাইয়া লালক আক্ৰমণ কৰাৰ কথা। তেওঁক বচাবলৈ প্ৰত্যক্ষদৰ্শী অহাৰ আগতেই দুয়ো পলাই যায়। ঘন্টাঘৰ আৰক্ষী থানাই যেতিয়া তথ্যৰ ভিত্তিত সেই স্থানত উপস্থিত হয়, তেতিয়া ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল এয়াই নহয়, লগে লগে দোকানখন বন্ধ কৰি দিয়া হয়৷ 

জানিবলৈ পোৱা মতে, বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নূপুৰ শৰ্মাই কৰা বিতৰ্কিত বক্তব্যক লৈ সমগ্ৰ দেশতে বিতৰ্ক অব্যাহত আছে। মৃত যুৱকজনে তেওঁৰ পক্ষত কৰিছিল পোষ্ট। তেতিয়াৰ পৰা তেওঁ ভাবুকি পাই আছিল বিভিন্ন মাধ্যমৰ পৰা। ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা ভিডিঅ’টো মুকলি কৰা দুই যুৱকে নূপুৰ শৰ্মাৰ বক্তব্যৰো উদ্ধৃতি দিয়া দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প