--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ জাগিছে কৃষক। মোদী চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে প্ৰতিৰোধৰ মাজৰেই আজি পুনৰ যন্তৰ-মন্তৰ অভিমুখে অগ্ৰসৰ হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কৃষক। সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত সোমবাৰে যন্তৰ মন্তৰত কিষাণ মহাপঞ্চায়তৰ আহ্বান জনোৱা হৈছে। এই মহাপঞ্চায়তত বৃহৎ সংখ্যক কৃষক একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱ নতুন দিল্লীৰ যান-বাহনৰ চলাচলতো ব্যাপক ভাবে পৰিব বুলি আশংকা কৰা হৈছে। যন্তৰ মন্তৰত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈ থকা কৃষক নেতা ৰাকেশ টিকাইতক দেওবাৰে গাজিয়াবাদ সীমান্তৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰিছে। 

টিকাইতক এতিয়া মধু বিহাৰ আৰক্ষী চকীলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে টিকাইটক আটক কৰাৰ পিছতে  সমৰ্থকে  আৰক্ষী থানাৰ বাহিৰত ভিৰ কৰিবলৈ লোৱাত আৰক্ষী বিপাঙত পৰিছে। আৰক্ষীয়ে দিল্লী-গাজীপুৰ সীমান্তত বহু প্ৰতিবাদকাৰীক আবদ্ধ কৰি ৰখাৰ খবৰ আহিছে।

 দিল্লী ট্ৰেফিক পুলিচে প্ৰকাশ  কৰা জাননীত কোৱা হৈছে যে যন্তৰ-মন্তৰত প্ৰায় চাৰিৰ পৰা পাঁচ হাজাৰ কৃষক একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যান-বাহন আৰক্ষীয়ে পথ পথ সলনি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। যান-বাহন আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, কিষাণ মহাপঞ্চায়ত সোমবাৰে পুৱা ১০ বজাৰ পৰা যন্তৰ মন্তৰত আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু আৰক্ষীৰ প্ৰতিৰোধৰ বাবে বহু কৃষকে এতিয়াও প্ৰতিবাস্থলীত উপস্তিত হ'ব পৰা নাই। 

বহু ঠাইৰ পৰা কৃষকসকলে বাহনত বা  খোজ কাঢ়ি যন্তৰ মন্তৰলৈ আহি আছে।  ফলত টলষ্টয় মাৰ্গ, পাৰ্ছনেল ষ্ট্ৰীট, জনপথ, উইণ্ডছৰ প্লেচ, কনট প্লেচ, অশোক ৰোড, বাবা খাৰক সিং মাৰ্গ, পণ্ডিত পন্ত মাৰ্গকে ধৰি  বহু পথ গোটেই দিনটো বন্ধ হৈ থকাৰ সম্ভাৱনা আছে। কৃষকসকলৰ আগমণৰ  প্ৰতি লক্ষ্য ৰাখি, স্থানীয় আৰক্ষীয়ে বহুতো ঠাইত বেৰিকেড সৃষ্টি কৰিছে।

আৰক্ষীয়ে দিল্লীবাসীক ব্যক্তিগত বাহনৰ সলনি মেট্ৰ' ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু সংযুক্ত কিষাণ মৰ্চাৰ (এছকেএম) নেতা টিকাইতক গাজীপুৰ সীমান্তত আটক কৰা হৈছিল। বিশেষ আয়ুক্ত (আইন-শৃংখলা) দীপেন্দ্ৰ পাঠকে এই কথা নিশ্চিত কৰিছে।আটকৰ পিছতে টিকাইটে এইবুলি  টুইট কৰে, "চৰকাৰৰ নিৰ্দেশত কাম কৰা দিল্লী আৰক্ষীয়ে কৃষকসকলৰ কণ্ঠ ৰুদ্ধ  কৰিব নোৱাৰে। এই গ্ৰেপ্তাৰে এক নতুন বিপ্লৱ আনিব। এই সংগ্ৰাম শেষ নিশ্বাসলৈকে অব্যাহত থাকিব। আমি কেতিয়াও থমকি নৰওঁ, ভাগৰি নপৰো"।

ইতিমধ্যে গাজিয়াবাদৰ গাজীপুৰ সীমান্তত আৰক্ষীয়ে পানী নসৰকা নিৰাপত্ত বেহু গঢ়ি তুলিছে। ডিচিপি সমীৰ শৰ্মাই কয়, " বাহিৰৰ জিলা ,  চাৰিআলি, ৰে'ল পথ, টিক্ৰী সীমান্তৰ মেট্ৰ' ষ্টেচনত স্থানীয় আৰক্ষী আৰু সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে, যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়।" দিল্লীৰ মন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ নেতা গোপাল ৰায়ে টিকাইতৰ আটকক গৰিহণা দি এইবুলি কৈছে "যন্তৰ মন্তৰত অনুষ্ঠিত হ'বলগীয়া  আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অহা কৃষক নেতা ৰাকেশ টিকাইতক আৰক্ষীয়ে সীমান্তত বাধা দিয়া কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী আৰু  নিন্দনীয়। '










FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান