--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিফ্টত কেতিয়াবা কিছুমান অঘটন ঘটা আমি শুনিবলৈ পাওঁ। শেহতীয়াকৈ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। লিফ্টৰ ভিতৰত তিনিদিন ধৰি আৱদ্ধ হৈ থাকিল এগৰাকী মহিলা। অৱশেষত তেওঁ সাবটিলে মৃত্যুক। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উজবেকিস্তানৰ ৰাজধানী তাছকেন্দত। ৩২ বছৰীয়া মহিলাগৰাকীয়ে সহায়ৰ বাবে চিঞৰি থাকিল যদিও সেই চিঞৰ গৈ কাৰো কাণত নপৰিল। অৱশেষত লিফ্টৰ ভিতৰতে তেওঁৰ মৃত্যু হয়।

মৃত মহিলাগৰাকীৰ নাম অলগা লিঅ’নটিভা। ৯ মহলীয়া অট্টালিকাটোৰ ওপৰৰ মহলাৰ লিফ্টত আবদ্ধ হৈ পৰিছিল লিঅ’নটিভা। য’ত তেওঁ কোনো ধৰণৰ সহায় লাভ কৰিব পৰা নাছিল। খবৰ অনুসৰি বিদ্যুৎ সংযোগ বিচিন্ন হোৱাৰ বাবে লিফ্টখন ৯ নং মহলাত আবদ্ধ হৈ পৰে। এই সময়ছোৱাত লিঅ’নটিভা লিফ্টত অকলে আছিল।

তিনিটা সন্তানৰ মাতৃ ৩২ বছৰীয়া অলগা লিঅ’ন্টিয়েভাই ডেলিভাৰী লেডী হিচাপে কাম কৰিছিল। প্ৰতিদিনৰ দৰেই সেইদিনাও তেওঁ কামলৈ গৈছিল যদিও গভীৰ নিশালৈকে ঘৰলৈ উভতি নাহিলত পৰিয়ালৰ লোকে আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। ইয়াৰ পাছতে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধান আৰম্ভ হয়। তদন্তৰ অন্তত লিফ্টত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

এই বিষয়ত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। তদন্তত দেখা গৈছে যে যিখন লিফ্টত মহিলাগৰাকীয়ে আবদ্ধ হৈ মৃত্যুবৰণ কৰিছিল, সেইখন চীনত নিৰ্মিত ৰানিং লিফ্ট আছিল। অৱশ্যে পঞ্জীয়ন হোৱা নাছিল। বৰ্তমান বিল্ডিং কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তদন্তত দেখা গৈছে যে লিফ্টখনত বহু সমস্যা আছিল যদিও সেইবোৰ শুধৰোৱা হোৱা নাছিল। ইয়াক গুৰুতৰ গাফিলতিৰ ঘটনা বুলি গণ্য কৰা হৈছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস