--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিফ্টত কেতিয়াবা কিছুমান অঘটন ঘটা আমি শুনিবলৈ পাওঁ। শেহতীয়াকৈ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। লিফ্টৰ ভিতৰত তিনিদিন ধৰি আৱদ্ধ হৈ থাকিল এগৰাকী মহিলা। অৱশেষত তেওঁ সাবটিলে মৃত্যুক। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উজবেকিস্তানৰ ৰাজধানী তাছকেন্দত। ৩২ বছৰীয়া মহিলাগৰাকীয়ে সহায়ৰ বাবে চিঞৰি থাকিল যদিও সেই চিঞৰ গৈ কাৰো কাণত নপৰিল। অৱশেষত লিফ্টৰ ভিতৰতে তেওঁৰ মৃত্যু হয়।

মৃত মহিলাগৰাকীৰ নাম অলগা লিঅ’নটিভা। ৯ মহলীয়া অট্টালিকাটোৰ ওপৰৰ মহলাৰ লিফ্টত আবদ্ধ হৈ পৰিছিল লিঅ’নটিভা। য’ত তেওঁ কোনো ধৰণৰ সহায় লাভ কৰিব পৰা নাছিল। খবৰ অনুসৰি বিদ্যুৎ সংযোগ বিচিন্ন হোৱাৰ বাবে লিফ্টখন ৯ নং মহলাত আবদ্ধ হৈ পৰে। এই সময়ছোৱাত লিঅ’নটিভা লিফ্টত অকলে আছিল।

তিনিটা সন্তানৰ মাতৃ ৩২ বছৰীয়া অলগা লিঅ’ন্টিয়েভাই ডেলিভাৰী লেডী হিচাপে কাম কৰিছিল। প্ৰতিদিনৰ দৰেই সেইদিনাও তেওঁ কামলৈ গৈছিল যদিও গভীৰ নিশালৈকে ঘৰলৈ উভতি নাহিলত পৰিয়ালৰ লোকে আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। ইয়াৰ পাছতে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধান আৰম্ভ হয়। তদন্তৰ অন্তত লিফ্টত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

এই বিষয়ত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। তদন্তত দেখা গৈছে যে যিখন লিফ্টত মহিলাগৰাকীয়ে আবদ্ধ হৈ মৃত্যুবৰণ কৰিছিল, সেইখন চীনত নিৰ্মিত ৰানিং লিফ্ট আছিল। অৱশ্যে পঞ্জীয়ন হোৱা নাছিল। বৰ্তমান বিল্ডিং কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তদন্তত দেখা গৈছে যে লিফ্টখনত বহু সমস্যা আছিল যদিও সেইবোৰ শুধৰোৱা হোৱা নাছিল। ইয়াক গুৰুতৰ গাফিলতিৰ ঘটনা বুলি গণ্য কৰা হৈছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক