--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আসন্ন জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচন৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তীব্ৰতৰ হৈ পৰিছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ তিক্ততা৷ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে বিগত তিনিমাহ ধৰি কঠোৰভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আহিছে।নিৰাপত্তা বাহিনীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছে হাই এলাৰ্ট। ইয়াৰ মাজতে জম্মু-কাশ্মীৰত আজি এক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱৰ খবৰ পোহৰলৈ আহিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি জম্মু-কাশ্মীৰৰ জম্মু দৰবাৰৰ সমীপৰ সুঞ্জৱান সেনা ছাউনীত সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণ৷ সেনা ছাউনীটোৰ 
৩৬ নং ইনফ্ৰেণ্ট্ৰি ব্ৰিগেডৰ দ্বাৰা পৰিচালিত চেণ্ট্ৰি পোষ্ট এলেকাৰ সমীপত এই আক্ৰমণ সংঘটিত হৈছে৷ এই আক্ৰমণত আহত হৈছে এজন সেনা জোৱান৷ সূ্ত্ৰৰ তথ্য অনুসৰি এলেকাটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখযোগ্য যে যোৱা সপ্তাহত ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ(Line of Control) সমীপত অনুপ্ৰৱেশৰ চেষ্টাচলোৱা সন্ত্ৰাসবাদীৰ গোটক প্ৰতিহত কৰে৷ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত হোৱা দুটা পৃথক এনকাউণ্টাৰত কমেও তিনিজন সন্ত্ৰাসবাদী নিহত হয়। 

কেন্দ্ৰীয়শাসিত অঞ্চলটোত ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ উত্তেজনা তীব্ৰতৰ হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে জম্মু-কাশ্মীৰত নিৰ্বাচনী কৰ্তব্যৰ বাবে অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ৩০০ কোম্পানীক নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু