--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আসন্ন জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচন৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তীব্ৰতৰ হৈ পৰিছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ তিক্ততা৷ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে বিগত তিনিমাহ ধৰি কঠোৰভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আহিছে।নিৰাপত্তা বাহিনীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিছে হাই এলাৰ্ট। ইয়াৰ মাজতে জম্মু-কাশ্মীৰত আজি এক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হোৱৰ খবৰ পোহৰলৈ আহিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি জম্মু-কাশ্মীৰৰ জম্মু দৰবাৰৰ সমীপৰ সুঞ্জৱান সেনা ছাউনীত সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণ৷ সেনা ছাউনীটোৰ 
৩৬ নং ইনফ্ৰেণ্ট্ৰি ব্ৰিগেডৰ দ্বাৰা পৰিচালিত চেণ্ট্ৰি পোষ্ট এলেকাৰ সমীপত এই আক্ৰমণ সংঘটিত হৈছে৷ এই আক্ৰমণত আহত হৈছে এজন সেনা জোৱান৷ সূ্ত্ৰৰ তথ্য অনুসৰি এলেকাটোত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

উল্লেখযোগ্য যে যোৱা সপ্তাহত ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ(Line of Control) সমীপত অনুপ্ৰৱেশৰ চেষ্টাচলোৱা সন্ত্ৰাসবাদীৰ গোটক প্ৰতিহত কৰে৷ জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত হোৱা দুটা পৃথক এনকাউণ্টাৰত কমেও তিনিজন সন্ত্ৰাসবাদী নিহত হয়। 

কেন্দ্ৰীয়শাসিত অঞ্চলটোত ১৮ ছেপ্টেম্বৰ, ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ উত্তেজনা তীব্ৰতৰ হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে জম্মু-কাশ্মীৰত নিৰ্বাচনী কৰ্তব্যৰ বাবে অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ৩০০ কোম্পানীক নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ