--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদীৰ প্ৰতিও দৰদৰ অন্ত নাই দেশৰ একাংশ লোকৰ! শুকুৰবাৰে দেশ কঁপোৱা আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণত দোষী সাব্যস্ত লোকসকলৰ শাস্তি ঘোষণা কৰাৰ পাছতে পুনৰ এনে উদাহৰণ দেখিবলৈ পোৱা গৈছে। বিশেষ আদালতে প্ৰদান কৰা ৰায়ক এইবাৰ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে এজন ইছলামিক নেতা। জমিয়ত উলেমা-ঈ-হিন্দৰ মুৰব্বী মৌলানা আৰছাদ মাদানীয়ে বিশেষ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাব বুলি ঘোষণা কৰিছে। তেওঁ দোষী সাব্যস্ত হোৱা লোকসকলৰ সপক্ষে মত প্ৰকাশ কৰি কয় যে, উচ্চ ন্যায়ালয়ৰ পৰা এইসকল লোকে ন্যায় লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আদালতে শাস্তি ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাদানীয়ে কয় যে, বিশেষ আদালতে প্ৰদান কৰা ৰায় অবিশ্বাস্য। আমি এই শাস্তিৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম আৰু আইনী যুঁজ চলাই যাম। দেশৰ নামী অধিবক্তাই দোষী লোকসকলক ফাঁচিৰ দৰে শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ আইনী যুঁজত অৱতীৰ্ণ হ’ব। আমাৰ বিশ্বাস যে, এইসকল লোকে উচ্চ ন্যায়ালয়ৰ পৰা সমুচিত ন্যায় লাভ কৰিব। মাদানীয়ে লগতে কয় যে, এনেদৰে ন্যায় লাভৰ এটা বৃহৎ উদাহৰণ হৈছে অক্ষৰধাম মন্দিৰ আক্ৰমণৰ গোচৰ। যি গোচৰৰ ৰায় প্ৰদান কৰি নিম্ন আদালতে মফটী আব্দুল কায়ুমসহ তিনিজক ফাঁচিৰ শাস্তি শুনাইছিল আৰু আন চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ড দিছিল। গুজৰাট উচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ এই ৰায় অটুট ৰাখিছিল। কিন্তু গোচৰটো যেতিয়া উচ্চতম ন্যায়ালয় পালে তেতিয়া ন্যায়ালয়ে এই সকলোকে সসন্মানে দোষমুক্ত বুলি ঘোষণা কৰে। কেৱল এয়াই নহয় গুজৰাট আৰক্ষীয়ে নিৰপৰাধ লোকক বোমা বিস্ফোৰণত অভিযুক্ত কৰাৰ অপৰাধত তেওঁলোকক ন্যায়ালয়ে ৰ্ভৎসনাও কৰিছিল। প্ৰয়োজনত উচ্চতম ন্যায়ালয়লৈও যাব বুলি ঘোষণা কৰি মাদানীয়ে কয় যে, তেওঁৰ বিশ্বাস যে লোকসকলে ন্যায় লাভ কৰিব। উল্লেখ্য যে, ২০০৮ চনৰ আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত ৪৯জন লোকৰ ভিতৰত ৩৮জনক মৃত্যুদণ্ড বিহিছিল ন্যায়ালয়ে। আন এঘাৰজনক আমৃত্যু কাৰাবাসৰ শাস্তি বিহা হৈছিল। এই গোচৰৰ দ্ৰুত বিচাৰৰ বাবে দায়িত্ব অৰ্পন কৰা এখন বিশেষ আদালতে আনলফুল এক্টিভিটী প্ৰিভেনচন আইন (ইউএপিএ) আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাৰ অধীনত এই ৰায় দিয়ে। এই ৰায় ঘোষণা কৰি বিশেষ ন্যায়াধীশ এ আৰ পেটেলে এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ১লাখকৈ ক্ষতিপূৰণ দিয়াৰ লগতে গুৰুতৰভাৱে আহতলৈ ৫০হাজাৰ আৰু আংশিকভাৱে আহতলৈ ২৫হাজাৰ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিছিল। মৃত্যুদণ্ড বিহা ওছমান অগৰবাত্তিৱালা অস্ত্ৰ আইনৰ গোচৰতো দোষী সাব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক অতিৰিক্তভাৱে এবছৰৰ কাৰাদণ্ডৰ শাস্তিও বিহা হয়। এই গোচৰত দোষী সাব্যস্ত হোৱা ৪৯জন অভিযুক্তৰ আটাইকেইজনৰ বিৰু্দ্ধে ভাৰতীয় দণ্ডবিধি, ইউএপিএ, বিস্ফোৰক সামগ্ৰী আইন, প্ৰিভেনচন অব ডেমেজ অব পাব্লিক প্ৰপাৰ্টী আইনৰ অদীনত সমান্তৰালভাৱে গোচৰ চলোৱা হৈছিল। ৪৮জন দোষীক অতিৰিক্তভাৱে ২.৮৫লাখলৈ টকাৰ জৰিমনাও বিহিছে আদালতে। আনহাতে অস্ত্ৰ আইনত দোষী সাব্যস্ত হোৱা অগৰবাট্টিৱালাক বিহা হৈছে ২.৮৮লাখৰ জৰিমনা। যোৱা ৮ ফেব্ৰুৱাৰীত বিশেষ ন্যায়াধীশে ৭৮জন অভিযুক্তৰ ভিতৰত ৪৯জনক দোষী সাব্যস্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য