--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুত লোকৰে পুৱা শোৱাৰ পৰা উঠাৰ পাছত শৰীৰত জঠৰতা আৰু বিষৰ দৰে অনুভৱ কৰে। যাৰ বাবে পুৱা শোৱাৰ উঠাৰ পাছত বহু লোকে কষ্ট পায়, কেতিয়াবা অফিচত কাম কৰি থাকোতেও এই সমস্যাই দেখা দিয়ে। কিন্তু টোপনিৰ পৰা উঠি অহাৰ পাছত শৰীৰত কিয় বিষ বা জঠৰতা অনুভৱ হয় জানেনে? জানো আহক।

 টোপনিৰ পৰা উঠাৰ পাছত শৰীৰত বিষ হোৱাৰ কাৰণ-

টোপনিৰ পাছত দেহত বিষ হোৱাৰ বহু কাৰণ হ’ব পাৰে। যেনে-শাৰীৰিক দুৰ্বলতা, টোপনিৰ অভাৱ বা শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ। কিন্তু শৰীৰত পুষ্টিৰ অভাৱ ইয়াৰ এটা ডাঙৰ কাৰণ। সাৰ পোৱাৰ পাছত যদি আপোনাৰ শৰীৰত বিষ হয় তেন্তে এই ব্যৱস্থাসমূহ মানি চলক।

 * পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ খাদ্য খাব লাগে-

যদি আপুনিও টোপনিৰ পৰা উঠি অহাৰ পাছত শৰীৰত বিষ হোৱাৰ অনুভৱ কৰে, তেন্তে আপুনি পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰা উচিত। এনে খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, যিবোৰত শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। কাৰণ ই আপোনাৰ মাংসপেশী, হাড়, হজম আৰু শৰীৰত তেজৰ অভাৱ পূৰণ কৰে। ইয়াৰ বাবে আপুনি খাদ্যত গাখীৰ, দৈ, মাখন আৰু মচুৰ দাইল অন্তৰ্ভুক্ত কৰিব লাগে।

* নিয়মীয়া ব্যায়াম কৰক-

সাৰ পোৱাৰ পাছত প্ৰতিদিনে ৩০ মিনিট ব্যায়াম কৰিবলৈ চেষ্টা কৰক। বিশেষকৈ ষ্ট্ৰেচিং আৰু যোগাসন, ইয়াৰ লগতে আপুনি মৰ্ণিংৱাৰ্ক কৰিব পাৰে।

* গৰম পানীৰে গা ধুব লাগে-

গৰম পানীৰে গা ধুলে ভাগৰ দূৰ হয়, যাৰ ফলত আপোনাৰ পেশীবোৰে টান আৰু বিষৰ পৰা সকাহ পায়। কেৱল এয়াই নহয়, গৰম পানীৰে গা ধুলে সতেজ অনুভৱ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু