--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুত লোকৰে পুৱা শোৱাৰ পৰা উঠাৰ পাছত শৰীৰত জঠৰতা আৰু বিষৰ দৰে অনুভৱ কৰে। যাৰ বাবে পুৱা শোৱাৰ উঠাৰ পাছত বহু লোকে কষ্ট পায়, কেতিয়াবা অফিচত কাম কৰি থাকোতেও এই সমস্যাই দেখা দিয়ে। কিন্তু টোপনিৰ পৰা উঠি অহাৰ পাছত শৰীৰত কিয় বিষ বা জঠৰতা অনুভৱ হয় জানেনে? জানো আহক।

 টোপনিৰ পৰা উঠাৰ পাছত শৰীৰত বিষ হোৱাৰ কাৰণ-

টোপনিৰ পাছত দেহত বিষ হোৱাৰ বহু কাৰণ হ’ব পাৰে। যেনে-শাৰীৰিক দুৰ্বলতা, টোপনিৰ অভাৱ বা শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ। কিন্তু শৰীৰত পুষ্টিৰ অভাৱ ইয়াৰ এটা ডাঙৰ কাৰণ। সাৰ পোৱাৰ পাছত যদি আপোনাৰ শৰীৰত বিষ হয় তেন্তে এই ব্যৱস্থাসমূহ মানি চলক।

 * পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ খাদ্য খাব লাগে-

যদি আপুনিও টোপনিৰ পৰা উঠি অহাৰ পাছত শৰীৰত বিষ হোৱাৰ অনুভৱ কৰে, তেন্তে আপুনি পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰা উচিত। এনে খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, যিবোৰত শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। কাৰণ ই আপোনাৰ মাংসপেশী, হাড়, হজম আৰু শৰীৰত তেজৰ অভাৱ পূৰণ কৰে। ইয়াৰ বাবে আপুনি খাদ্যত গাখীৰ, দৈ, মাখন আৰু মচুৰ দাইল অন্তৰ্ভুক্ত কৰিব লাগে।

* নিয়মীয়া ব্যায়াম কৰক-

সাৰ পোৱাৰ পাছত প্ৰতিদিনে ৩০ মিনিট ব্যায়াম কৰিবলৈ চেষ্টা কৰক। বিশেষকৈ ষ্ট্ৰেচিং আৰু যোগাসন, ইয়াৰ লগতে আপুনি মৰ্ণিংৱাৰ্ক কৰিব পাৰে।

* গৰম পানীৰে গা ধুব লাগে-

গৰম পানীৰে গা ধুলে ভাগৰ দূৰ হয়, যাৰ ফলত আপোনাৰ পেশীবোৰে টান আৰু বিষৰ পৰা সকাহ পায়। কেৱল এয়াই নহয়, গৰম পানীৰে গা ধুলে সতেজ অনুভৱ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ