--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পুলৱামাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাহনৰ ওপৰত চলিছিল এক ভয়ংকৰ আত্মঘাতী আক্ৰমণ। জম্মু-কাশ্মীৰৰ পুলৱামাৰ অৱন্তীপুৰত পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে সংঘটিত কৰা এই আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪৪গৰাকী চি আৰ পি এফৰ বীৰ জোৱান৷ উল্লেখ্য যে, সমগ্ৰ দেশ কঁপাই যোৱা এক ভয়ংকৰ আক্ৰমণটোৱে আজি তৃতীয় বৰ্ষত ভৰি দিলে। সেয়েহে তৃতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে শ্বহীদ হোৱা বীৰ জোৱাসকলক দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। এইসকলৰ বীৰ শ্বহীদসকলৰ ভিতৰত আছিল বৰ্তমানৰ তামুলপুৰ জিলাৰ কলবাৰী গাঁৱৰ চি আৰ পি এফৰ ৯৮নং বেটেলিয়নৰ হেড কনিষ্টবল বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰী৷ আজি এই বীৰ শ্বহীদগৰাকীৰ তৃতীয় মৃত্যুবাৰ্ষিকী তিথিত বীৰ শ্বহীদগৰাকীক পৰিয়ালে স্মৰণ কৰে৷ বাথৌ ধৰ্মৰ আৰজ পৰিৱেশন কৰি শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি পৰিয়ালৰ লগতে গাঁওবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে, ভাৰতীয় সেনাবাহিনীৰ বিহাৰ ৰেজিমেণ্টৰ উচ্চপদস্থ বিষয়াসকলে শ্বহীদগৰাকীৰ ঘৰত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধা নিবেদন কৰে৷ স্থানীয় কলবাৰী হাইস্কুলতো আজি বি টি চি প্ৰশাসনে স্থাপন কৰা শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তিত আজি শিক্ষানুষ্ঠানখনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলেও শ্ৰদ্ধাঞ্জলি জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন