--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে জম্মু-শ্ৰীনগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পুলৱামাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাহনৰ ওপৰত চলিছিল এক ভয়ংকৰ আত্মঘাতী আক্ৰমণ। জম্মু-কাশ্মীৰৰ পুলৱামাৰ অৱন্তীপুৰত পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে সংঘটিত কৰা এই আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪৪গৰাকী চি আৰ পি এফৰ বীৰ জোৱান৷ উল্লেখ্য যে, সমগ্ৰ দেশ কঁপাই যোৱা এক ভয়ংকৰ আক্ৰমণটোৱে আজি তৃতীয় বৰ্ষত ভৰি দিলে। সেয়েহে তৃতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে শ্বহীদ হোৱা বীৰ জোৱাসকলক দেশবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। এইসকলৰ বীৰ শ্বহীদসকলৰ ভিতৰত আছিল বৰ্তমানৰ তামুলপুৰ জিলাৰ কলবাৰী গাঁৱৰ চি আৰ পি এফৰ ৯৮নং বেটেলিয়নৰ হেড কনিষ্টবল বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰী৷ আজি এই বীৰ শ্বহীদগৰাকীৰ তৃতীয় মৃত্যুবাৰ্ষিকী তিথিত বীৰ শ্বহীদগৰাকীক পৰিয়ালে স্মৰণ কৰে৷ বাথৌ ধৰ্মৰ আৰজ পৰিৱেশন কৰি শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি পৰিয়ালৰ লগতে গাঁওবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে, ভাৰতীয় সেনাবাহিনীৰ বিহাৰ ৰেজিমেণ্টৰ উচ্চপদস্থ বিষয়াসকলে শ্বহীদগৰাকীৰ ঘৰত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধা নিবেদন কৰে৷ স্থানীয় কলবাৰী হাইস্কুলতো আজি বি টি চি প্ৰশাসনে স্থাপন কৰা শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তিত আজি শিক্ষানুষ্ঠানখনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলেও শ্ৰদ্ধাঞ্জলি জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ