--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘হিজাব পৰিধান নকৰাৰ বাবে ভাৰতত সৰ্বাধিক সংখ্যক ধৰ্ষণকাণ্ড সংঘটিত হয়...’- কৰ্ণাটকত চলি থকা হিজাব বিতৰ্কৰ মাজতে, প্ৰদেশ কংগ্ৰেছৰ নেতা জামিৰ আহমেদে কৰা এক মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দেওবাৰে তেওঁ কৈছিল যে, ভাৰতত উচ্চ সংখ্যক ধৰ্ষণৰ ঘটনা নথিভুক্ত কৰা হৈছে কাৰণ ইয়াত মহিলাসকলে হিজাব পৰিধান নকৰে। আহমেদে কয়, 'যুৱতীসকল যিমানেই ডাঙৰ হৈ আছে৷ তেওঁলোকৰ সৌন্দৰ্যই সকলোকে মুহিত কৰে৷ এই সৌন্দৰ্য লুকুৱাবলৈ তেওঁলোকৰ মুখখন আৱৰণেৰে ঢাকি ৰাখিব লাগে। মই ভাবো যে ভাৰতত বিশ্বত সৰ্বাধিক সংখ্যক ধৰ্ষণৰ ঘটনা আছে। ইয়াৰ কাৰণ কি? কাৰণটো হ'ল তেওঁলোকে তেওঁলোকৰ মুখ ঢাকি নাৰাখে। হিজাব পিন্ধাটো বাধ্যতামূলক নহয়, আৰু বহু বছৰ ধৰি এইটো প্ৰথা হৈ আহিছে৷' কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে শিক্ষানুষ্ঠানসমূহত ৰাজ্য চৰকাৰে আৰোপ কৰা 'হিজাব নিষেধাজ্ঞা'ক প্ৰত্যাহ্বান জনোৱা আৱেদনৰ শুনানি পুনৰ আৰম্ভ হৈছে৷ এই শুনানি কৰাৰ এদিন আগতে আহমেদে কৰা এই মন্তব্যই তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া। লগতে সোমবাৰৰ পৰা, দক্ষিণৰ ৰাজ্যখনত দশম শ্ৰেণীলৈকে বিদ্যালয় পুনৰ খুলিব বুলি ঘোষণা কৰা হৈছে৷ ৮ ফেব্ৰুৱাৰীত, মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছিল৷ বিদ্যালয়ৰ চৌহদত হিজাব পিন্ধাৰ সপক্ষে আৰু বিপক্ষে প্ৰতিবাদৰ সময়ত কেইবাখনো জিলাত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। বিগত বছৰৰ ডিচেম্বৰত কৰ্ণাটক বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে ধৰ্ষণৰ ওপৰত ‘অফ দ্য কাফ’ বুলি কৰা মন্তব্যৰ বাবে ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন