--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰটোৰ শেষত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কোভিডে।  কৰোনা ভাইৰাছে পুনৰ ৰঙা চকু দেখুৱাওৱাৰ পৰিপ্ৰেক্ষিততে  দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশে মাৰাত্মক ভাইৰাছবিধ প্ৰতিৰোধ কৰিবলৈ নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। চিংগাপুৰ আৰু ইণ্ডোনেছিয়াৰ বিমানবন্দৰত অৱতৰণ কৰা যাত্ৰীসকলৰ বাবে মুখা এতিয়া বাধ্যতামূলক কৰা হৈছে।

যাত্ৰীসকলক দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ বিমানবন্দৰ দুটাত মুখা পিন্ধিবলৈ কোৱা হৈছে । বিমানবন্দৰত যাত্ৰীসকলৰ  শৰীৰৰ তাপমাত্ৰাও জোখা হৈছে। স্থানীয় প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বহু যাত্ৰীয়ে ফ্লু, নিউমোনিয়াৰ দৰে লক্ষণ দেখুৱাইছে। 

২০২০ চনত সমগ্ৰ বিশ্বতে কোভিড-১৯ ব্যাপকভাৱে বিয়পি পৰিছিল। এই ভাইৰাছত আক্ৰান্ত হৈ  লাখ লাখ লোকে  প্ৰাণ হেৰুৱাইছিল। ২০২২ চনৰ শেষলৈ কোভিড সংক্ৰমণৰ  ঘটনা ক্ৰমান্বয়ে হ্ৰাস পায়। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই  কৈছে যে কৰোনাই সম্পূৰ্ণৰূপে বিদায় লোৱা নাই। কোভিড  বাৰে বাৰে ঘূৰি আহিব বুলিও কোৱা হৈছে। সাধাৰণ জ্বৰ, চৰ্দি, কাহৰ দৰে, কৰোনায়ো শৰীৰত সহজে খোপনি পুতিব পাৰে। শেহতীয়াকৈ  ছিংগাপুৰ আৰু ইণ্ডোনেছিয়াত কোভিড কিয় বৃদ্ধি পাইছে? ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বছৰটোৰ শেষত বিভিন্ন দেশৰ বহু পৰ্যটক দেশখন ভ্ৰমণ কৰিবলৈ আহে। কোভিড বৃদ্ধিৰ এয়াই এটা ডাঙৰ কাৰণ। 

ইফালে, যোৱা এসপ্তাহত মালয়েছিয়াত কৰোনা ৰোগীৰ সংখ্যা প্ৰায় দুগুণ হৈছে। যোৱা সপ্তাহত, ৩,৬২৬ টা কোভিড সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। এই সংখ্যা পৰৱৰ্তী  সাত দিনত ৬,৭৯৬ লৈ বৃদ্ধি পাইছে। ফলস্বৰূপে, প্ৰশাসনে এতিয়াৰে পৰা সতৰ্ক হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক