--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাস তথা বৰ্বৰতাৰ কাহিনী দেশৰ ভিতৰতে ৰৈ বৈ যোৱা। সাধাৰণ সোধ-পোচৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা লোকো বহুসময়ত সোশৰীৰে উভতি আহিব নোৱৰাৰ ঘটনা ঘটিছে একাধিকবাৰ। বহু ভুৱা এনকাউণ্টাৰৰ ঘটনায়ো কলংকিত কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীক।

এইবাৰ তাৰো এখোপ ওপৰলৈ গৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ ‘পৰাক্ৰম’। তালাচী চলাওতেই নিহত হ’ল এগৰাকী যুৱ ব্যৱসায়ী। ৰাজ্যখনৰ গোৰখপুৰত সংঘটিত হৈছে এই ঘটনা। এখন হোটেলৰ কোঠাত মাজনিশা তালাচী চলাবলৈ গৈ আৰক্ষীৰ এটা দলে এজন ব্যৱসায়ীক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। সোমবাৰে নিশা সংঘটিত হোৱা এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সৈতে জড়িত ছজন আৰক্ষীৰ লোকক ইতিমধ্যে নিলম্বিত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে গোৰখপুৰ আৰক্ষীয়ে। নিহত ব্যৱসায়ীগৰাকীৰ পত্নীৰ অভিযোগৰ আধাৰত ৰুজু কৰা হৈছে গোচৰ। আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে, মুখ্যমন্ত্ৰী আদিত্যনাথৰ নিৰ্দেশ অনুসৰি নিহত ব্যৱসায়ীগৰাকীৰ পৰিয়াললৈ ১০লাখ টকাৰ ক্ষতিপূৰণো আগবঢ়োৱা হৈছে। ইফালে, এই ঘটনাই ইতিমধ্যে ৰাজনৈতিক জগতকো প্ৰভাৱিত কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা অখিলেশ যাদৱে ইয়াক উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে জন্ম দিয়া ‘এনকাউণ্টাৰ সংস্কৃতি’ৰ কুপৰিণাম আখ্যা দিয়ে। মৃত ব্যৱসায়ীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীয়ে বৰ্বৰভাৱে তেওঁক হত্যা কৰা বুলি অভিযোগ কৰিছে। তাৰ বিপৰীয়ে আৰক্ষীয়ে ইয়াক দুৰ্ঘটনা বুলি কৈ দায় সৰাৰ চেষ্টা কৰিছে।


মৃত লোকজনক মনীষ কুমাৰ গুপ্ত বুলি চিনাক্ত কৰা হৈছে। উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা লোকজন আন দুজন ব্যৱসায়িক সহযোগীৰ সৈতে হোটেলখনত আছিল। গুপ্তৰ আন দুজন ব্যৱসায়ী বন্ধুৱে দিয়া বিৱৰণ অনুসৰি নিশা ১২.৩০বজা মানত তেওঁলোকৰ হোটেলৰ কোঠাত আৰক্ষীৰ লোক প্ৰৱেশ কৰিছিল। সুৰামত্ত অৱস্থাত থকা আৰক্ষীৰ লোককেইজনে লোককেইজনক বিভিন্ন ভয়-ভাবুকি দেখুওৱাৰ লগতে তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰি তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰে। হৰবীৰ সিং নামৰ লোকজনে দিয়া সাক্ষ্য অনুসৰি আৰক্ষীয়ে তেওঁকো শাৰীৰিকভাৱে অপদস্ত কৰিছিল আৰু তেওঁক কোঠাৰ পৰা বাহিৰ কৰি দিছিল। তাৰ অলপ পাছতে তেওঁ দেখা পায় যে, মনীষক হোটেলৰ কোঠাৰ পৰা চোঁচৰাই নিছে আৰক্ষীৰ লোককেইজনে। মনীষৰ মুখমণ্ডল তেজেৰে লুটুৰি পুতুৰি হৈ আছিল। আৰক্ষীয়ে হোটেলৰ কোঠাত সন্দেহজনক লোক থকাৰ তথ্য লাভ কৰি তালাচীৰ বাবে আহিছিল আৰু সেই সময়তে দুৰ্ঘটনাক্ৰমে লোকজনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। ইয়াৰ বিপৰীতে মনীষ গুপ্তাৰ পৰিয়ালৰ লোকে এই ঘটনাৰ মাত্ৰ দহ মিনিট আগতে তেওঁ পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছিল বুলি উল্লেখ কৰে। আনকি আৰক্ষীৰ লোক কোঠাত প্ৰৱেশ কৰি তেওঁক ভাবুকি দিয়াৰ কথাও তেওঁ পৰিয়ালৰ লোকক অৱগত কৰিছিল বুলি তেওঁলোকে দাবী কৰিছে। এনে পৰিপ্ৰেক্ষিতত হঠাতে কি দুৰ্ঘটনাত লোকজনৰ মৃত্যু হ’ল সেয়া সহজেই অনুমান কৰিব পাৰি।
উত্তৰ প্ৰদেশ আৰক্ষীৰ বৰ্বৰতা নতুন কথা নহয় যদিও তালাচী চলোৱাৰ সময়তে এনেদৰে এজন যুৱ ব্যৱসায়ীৰ মৃত্যু হোৱাৰ ঘটনাই ৰাজ্যখনৰ আৰক্ষীৰ চৰম দায়িত্বহীনতা আৰু বৰ্বৰ মানসিকতাকো উদঙাই দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ