ডিজিটেল ডেস্ক : ভাৰতৰ চোৰাংচোৱা বাহিনীৰ তথ্য অনুসৰি নিৰাপত্তা বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনবোৰ একত্ৰিত হ’বলৈ নিজৰ মাজতে কুচকাৱাজ আৰম্ভ কৰিছে। শেহতীয়া মাহ কেইটাত উত্তৰ-পূৰ্বাঞ্চলক জোকাৰি যোৱা সন্ত্ৰাসবাদী কাম-কাজৰ পুনৰুত্থান ঘটিছে।
অলপতে প্ৰকাশ পোৱা নিৰাপত্তা বিশেষজ্ঞৰ মন্তব্য অনুসৰি উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনবোৰ চীন-ম্যানমাৰ সীমান্তৰ ওচৰত একেলগ হৈছে। এন এছ চি এন (খাপলাং) গোটৰ লগতে নগা বিদ্ৰোহী সংগঠনবোৰে কেন্দ্ৰৰ সৈতে চলি থকা নগা শান্তি চুক্তিৰ বিৰোধিতা কৰিছে। নগালেণ্ডৰ মন জিলাৰ ওটিঙৰ ঘটনা সন্দৰ্ভতো খৰ্গহস্ত বিদ্ৰোহী সংগঠনসমূহ। এনে একাধিক কাৰণত সমাগত মণিপুৰৰ বিধানসভা নিৰ্বাচন বৰ্জনৰ লগতে কূটাঘাতমূলক কাম-কাজ সংঘটিত কৰিবলৈ বিদ্ৰোহী সংগঠনকেইটা একগোট হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে নিৰাপত্তা বিশেষজ্ঞসকলে।
উল্লেখ্য যে, যোৱা বছৰৰ ৪ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাৰ ওটিঙত সেনাৰ গুলীত ১৪জনকৈ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাব লগা ঘটনাৰ পাছৰ পৰাই দেশত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। আজিও সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ অব্যাহত উত্তৰ-পূৱত। আশা কৰা মতে অতি সোনকালেই উত্তৰ-পূৱৰ পৰা বাতিল হ’ব এই ক’লা আইনখন। কিন্তু বিশেষ সূত্ৰৰ খবৰ অনুসৰি এতিয়াও উত্তৰ-পূৱৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতাই এই আইনখন প্ৰত্যাহাৰ হোৱাটো মনে-প্ৰাণে কামনা কৰা নাই। যাৰ বাবে ৰাজনৈতিক ছাত্ৰছায়াত একাংশ বিচ্ছিন্নতাবাদী গোটে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে, যাতে তেনে কূটাঘাতৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱত বাহাল ৰাখিব পাৰে আফস্পা।
মন কৰিব লগা যে বিগত কেইটামান মাহৰ পৰা অসমৰ বহু যুৱক-যুৱতীয়ে বিভিন্ন কাৰণত নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰাৰ খবৰ পোৱা গৈছে। এক তথ্য অনুসৰি বিগত তিনি মাহত ১৩০ গৰাকীতকৈও অধিক যুৱক-যুৱতীয়ে আলফাত যোগদান কৰিছে। নৱ-প্ৰজন্ম এতিয়া এনেকৈ নিষিদ্ধ সংগঠনটোৰ প্ৰতি অধিক আকৰ্ষিত হোৱাটো অতি তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। কেৱল নিবনুৱা যুৱক-যুৱতীয়েই নহয়, উচ্চশিক্ষিত বহু ব্যক্তি তথা চৰকাৰী চাকৰিৰে সু-সংস্থাপিত ব্যক্তিও ঢাপলি মেলিছে আলফালৈ। বিজেপি চৰকাৰৰ শাসনকালত এই হাৰ বৃদ্ধি পাইছে। কেৱল মাত্ৰ আৱেগেই ইয়াৰ মূল কাৰণ নিশ্চয় নহয়। বিজেপি চৰকাৰৰ ভালেমান হঠকাৰী সিদ্ধান্তও ইয়াৰ অন্যতম কাৰণ বুলি বহুতে ক’ব খোজে। সেয়া যিয়েই নহওক, চৰকাৰে এটা সুস্থিৰ বাতাবৰণ গঢ় দিয়াত ব্যৰ্থ হোৱা বুলি এতিয়া অভিযোগ উঠিছে।
তেনে সময়ত উত্তৰ-পূৱৰ ‘আফস্পা বিৰোধী’ প্ৰতিবাদৰ সমান্তৰালকৈ চলোৱা উগ্ৰবাদী কাৰ্যকলাপে উত্তৰ-পূৱত স্থায়ী হিচাপে থিতাপিহে দিব এই ক’লা আইনখন।