--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ চোৰাংচোৱা বাহিনীৰ তথ্য অনুসৰি নিৰাপত্তা বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনবোৰ একত্ৰিত হ’বলৈ নিজৰ মাজতে কুচকাৱাজ আৰম্ভ কৰিছে। শেহতীয়া মাহ কেইটাত উত্তৰ-পূৰ্বাঞ্চলক জোকাৰি যোৱা সন্ত্ৰাসবাদী কাম-কাজৰ পুনৰুত্থান ঘটিছে।


অলপতে প্ৰকাশ পোৱা নিৰাপত্তা বিশেষজ্ঞৰ মন্তব্য অনুসৰি উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনবোৰ চীন-ম্যানমাৰ সীমান্তৰ ওচৰত একেলগ হৈছে। এন এছ চি এন (খাপলাং) গোটৰ লগতে নগা বিদ্ৰোহী সংগঠনবোৰে কেন্দ্ৰৰ সৈতে চলি থকা নগা শান্তি চুক্তিৰ বিৰোধিতা কৰিছে। নগালেণ্ডৰ মন জিলাৰ ওটিঙৰ ঘটনা সন্দৰ্ভতো খৰ্গহস্ত বিদ্ৰোহী সংগঠনসমূহ। এনে একাধিক কাৰণত সমাগত মণিপুৰৰ বিধানসভা নিৰ্বাচন বৰ্জনৰ লগতে কূটাঘাতমূলক কাম-কাজ সংঘটিত কৰিবলৈ বিদ্ৰোহী সংগঠনকেইটা একগোট হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে নিৰাপত্তা বিশেষজ্ঞসকলে।


উল্লেখ্য যে, যোৱা বছৰৰ ৪ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাৰ ওটিঙত সেনাৰ গুলীত ১৪জনকৈ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাব লগা ঘটনাৰ পাছৰ পৰাই দেশত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। আজিও সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ অব্যাহত উত্তৰ-পূৱত। আশা কৰা মতে অতি সোনকালেই উত্তৰ-পূৱৰ পৰা বাতিল হ’ব এই ক’লা আইনখন। কিন্তু বিশেষ সূত্ৰৰ খবৰ অনুসৰি এতিয়াও উত্তৰ-পূৱৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতাই এই আইনখন প্ৰত্যাহাৰ হোৱাটো মনে-প্ৰাণে কামনা কৰা নাই। যাৰ বাবে ৰাজনৈতিক ছাত্ৰছায়াত একাংশ বিচ্ছিন্নতাবাদী গোটে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে, যাতে তেনে কূটাঘাতৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱত বাহাল ৰাখিব পাৰে আফস্পা।


মন কৰিব লগা যে বিগত কেইটামান মাহৰ পৰা অসমৰ বহু যুৱক-যুৱতীয়ে বিভিন্ন কাৰণত নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰাৰ খবৰ পোৱা গৈছে। এক তথ্য অনুসৰি বিগত তিনি মাহত ১৩০ গৰাকীতকৈও অধিক যুৱক-যুৱতীয়ে আলফাত যোগদান কৰিছে। নৱ-প্ৰজন্ম এতিয়া এনেকৈ নিষিদ্ধ সংগঠনটোৰ প্ৰতি অধিক আকৰ্ষিত হোৱাটো অতি তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। কেৱল নিবনুৱা যুৱক-যুৱতীয়েই নহয়, উচ্চশিক্ষিত বহু ব্যক্তি তথা চৰকাৰী চাকৰিৰে সু-সংস্থাপিত ব্যক্তিও ঢাপলি মেলিছে আলফালৈ। বিজেপি চৰকাৰৰ শাসনকালত এই হাৰ বৃদ্ধি পাইছে। কেৱল মাত্ৰ আৱেগেই ইয়াৰ মূল কাৰণ নিশ্চয় নহয়। বিজেপি চৰকাৰৰ ভালেমান হঠকাৰী সিদ্ধান্তও ইয়াৰ অন্যতম কাৰণ বুলি বহুতে ক’ব খোজে। সেয়া যিয়েই নহওক, চৰকাৰে এটা সুস্থিৰ বাতাবৰণ গঢ় দিয়াত ব্যৰ্থ হোৱা বুলি এতিয়া অভিযোগ উঠিছে।


তেনে সময়ত উত্তৰ-পূৱৰ ‘আফস্পা বিৰোধী’ প্ৰতিবাদৰ সমান্তৰালকৈ চলোৱা উগ্ৰবাদী কাৰ্যকলাপে উত্তৰ-পূৱত স্থায়ী হিচাপে থিতাপিহে দিব এই ক’লা আইনখন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ