--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। ইয়াৰ লগে লগে আৰম্ভ হৈছে ৰাজনৈতিক দলৰ কুচকাৱাজ। ইটো দলে সিটো দলক বাকশক্তিৰে আক্ৰমণ কৰা ৰাজনৈতিক যুদ্ধও তুংগত উঠিছে। অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ৰাজনৈতিক যুদ্ধ তুংগত উঠিছে।উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ, পঞ্জাব আৰু উত্তৰাখণ্ডত অনু্ষ্ঠিত হ’বলগীয়া পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। মূলতঃ দুখন ৰাজ্যৰ নিৰ্বাচনৰ ওপৰতে দৃষ্টি নিবদ্ধ হৈ ৰৈছে দেশৰ জনগণৰ। উত্তৰ প্ৰদেশ আৰু পঞ্জাব। পঞ্জাবত শাসকীয় কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজতে মূল যুঁজখন হোৱাটো স্পষ্ট হৈ পৰিছে।আনহাতে, উত্তৰ প্ৰদেশত অখিলেশ নেতৃত্বৰ সমাজবাদী পাৰ্টীয়ে শাসন নিজৰ দখললৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ মাজতে এক মোক্ষম আঘাত পালে উত্তৰ প্ৰদেশৰ শাসকীয় বিজেপি দলে। ৰাজ্যখনৰ শ্ৰম মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা স্বামী প্ৰসাদ মৌৰ্যই মন্ত্ৰীপদ ত্যাগ কৰাই নহয় বিজেপি এৰি যোগদান কৰিছে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীত। তাৰ পাছতে দলটোৰ আন তিনিজন বিধায়কেও বিজেপি ত্যাগ কৰে। তিলহাৰৰ বিজেপি বিধায়ক ৰৌছন লাল বাৰ্মা, বিলহাউৰ বিধায়ক ভাগৱতী প্ৰসাদ সাগৰ, আৰপ তণ্ডৱাৰীৰ বিধায়ক ব্ৰজেশ প্ৰজাপতিয়ে দলৰ পৰা পদত্যাগ কৰিছে। স্বামী প্ৰসাদ মৌৰ্যৰ দৰে ৰৌছন লাল বাৰ্মায়ো সমাজবাদী পাৰ্টী যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তলা অৰ্ডাৰ কৰাৰ ফটো

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মন্ত্ৰীকে ধৰি বহুকেইজন নেতাই বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতে সমাজবাদী পাৰ্টীয়ে মঙলবাৰে বিজেপিৰ লক্ষ্ণৌত থকা মুখ্য কাৰ্য্যালয়লৈ এটা তলা অৰ্ডাৰ কৰি পঠিয়াইছে। সমাজবাদী পাৰ্টীৰ মুখপাত্ৰ আই পি সিঙে বিজেপিৰ কাৰ্য্যালয়লৈ তলা অৰ্ডাৰ কৰি পঠোৱাৰ এখন ফটো টুইটাৰত শ্বেয়াৰ কৰে। সমাজবাদী পাৰ্টীৰ মুখপাত্ৰগৰাকীয়ে উক্ত তলাটো বিজেপিৰ কৰ্মকৰ্তাসকলে ১০ মাৰ্চত নিজৰ কাৰ্য্যালয়ত লগাই ঘৰলৈ যাব পাৰিব বুলি লগতে কটাক্ষ কৰে। সমগ্ৰ দেশৰ ৰাজনৈতিক মহলতে সমাদবাদী পাৰ্টীয়ে বিজেপিক কৰা কটাক্ষই চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন