--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। ইয়াৰ লগে লগে আৰম্ভ হৈছে ৰাজনৈতিক দলৰ কুচকাৱাজ। ইটো দলে সিটো দলক বাকশক্তিৰে আক্ৰমণ কৰা ৰাজনৈতিক যুদ্ধও তুংগত উঠিছে। অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ৰাজনৈতিক যুদ্ধ তুংগত উঠিছে।উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ, পঞ্জাব আৰু উত্তৰাখণ্ডত অনু্ষ্ঠিত হ’বলগীয়া পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। মূলতঃ দুখন ৰাজ্যৰ নিৰ্বাচনৰ ওপৰতে দৃষ্টি নিবদ্ধ হৈ ৰৈছে দেশৰ জনগণৰ। উত্তৰ প্ৰদেশ আৰু পঞ্জাব। পঞ্জাবত শাসকীয় কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজতে মূল যুঁজখন হোৱাটো স্পষ্ট হৈ পৰিছে।আনহাতে, উত্তৰ প্ৰদেশত অখিলেশ নেতৃত্বৰ সমাজবাদী পাৰ্টীয়ে শাসন নিজৰ দখললৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ মাজতে এক মোক্ষম আঘাত পালে উত্তৰ প্ৰদেশৰ শাসকীয় বিজেপি দলে। ৰাজ্যখনৰ শ্ৰম মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা স্বামী প্ৰসাদ মৌৰ্যই মন্ত্ৰীপদ ত্যাগ কৰাই নহয় বিজেপি এৰি যোগদান কৰিছে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীত। তাৰ পাছতে দলটোৰ আন তিনিজন বিধায়কেও বিজেপি ত্যাগ কৰে। তিলহাৰৰ বিজেপি বিধায়ক ৰৌছন লাল বাৰ্মা, বিলহাউৰ বিধায়ক ভাগৱতী প্ৰসাদ সাগৰ, আৰপ তণ্ডৱাৰীৰ বিধায়ক ব্ৰজেশ প্ৰজাপতিয়ে দলৰ পৰা পদত্যাগ কৰিছে। স্বামী প্ৰসাদ মৌৰ্যৰ দৰে ৰৌছন লাল বাৰ্মায়ো সমাজবাদী পাৰ্টী যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তলা অৰ্ডাৰ কৰাৰ ফটো

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মন্ত্ৰীকে ধৰি বহুকেইজন নেতাই বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতে সমাজবাদী পাৰ্টীয়ে মঙলবাৰে বিজেপিৰ লক্ষ্ণৌত থকা মুখ্য কাৰ্য্যালয়লৈ এটা তলা অৰ্ডাৰ কৰি পঠিয়াইছে। সমাজবাদী পাৰ্টীৰ মুখপাত্ৰ আই পি সিঙে বিজেপিৰ কাৰ্য্যালয়লৈ তলা অৰ্ডাৰ কৰি পঠোৱাৰ এখন ফটো টুইটাৰত শ্বেয়াৰ কৰে। সমাজবাদী পাৰ্টীৰ মুখপাত্ৰগৰাকীয়ে উক্ত তলাটো বিজেপিৰ কৰ্মকৰ্তাসকলে ১০ মাৰ্চত নিজৰ কাৰ্য্যালয়ত লগাই ঘৰলৈ যাব পাৰিব বুলি লগতে কটাক্ষ কৰে। সমগ্ৰ দেশৰ ৰাজনৈতিক মহলতে সমাদবাদী পাৰ্টীয়ে বিজেপিক কৰা কটাক্ষই চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ