--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাৰীবাদ কোনো পশ্চিমীয়া ধাৰণা নহয়। ই হৈছে ভাৰতীয় সভ্যতাৰ একেবাৰে ওচৰ চপা ধাৰণা। এই মন্তব্য কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপুড়ী পণ্ডিতে। মঙলবাৰে তেওঁ এই মন্তব্য কৰে। তেওঁ লগতে কয় যে, দ্ৰৌপদী আৰু সীতাতকৈ ডাঙৰ নাৰীবাদী আন কোনো থাকিব নোৱাৰে।

‘শ্ৰীমতী সুষমা স্বৰাজ স্ত্ৰী শক্তি সন্মান-২০২২’ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ব্যতিক্ৰমী ভাষণক লৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। তেওঁ আধুনিক ভাৰতৰ বৌদ্ধিক বিশ্লেষণৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকলক ভাৰতীয় নাৰীবাদীসকলৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
তেওঁ কয়, ‘নাৰীবাদ পশ্চিমীয়া ধাৰণা নহয় বৰং এয়া ভাৰতীয় সভ্যতাৰ অতি ওচৰ চপা এক ধাৰণা। দ্ৰৌপদী বা সীতাতকৈ আন কোনো ডাঙৰ নাৰীবাদী থাকিব নোৱাৰে কাৰণ তেওঁ আছিল প্ৰথম ‘ছিংগল মাদাৰ’ বা ‘একাকী মাতৃ’। 

জেএইউৰ দৰে শিক্ষানুষ্ঠানৰ মুৰব্বী হোৱালৈ তেওঁৰ নিজৰ যাত্ৰাৰ কথা প্ৰকাশ কৰি পণ্ডিতে কয়, ‘মই দেশৰ দক্ষিণ প্ৰান্তৰ পৰা আহিছোঁ। আমাৰ সভ্যতাত তথা ইতিহাসত কান্নাগী আৰু মণিমেকালাই আছে। মই আমাৰ শিক্ষাৰ্থীসকলক আহ্বান জনাইছোঁ যে, যিসকল আধুনিক ভাৰতৰ বৌদ্ধিক বাখ্যাৰ বাবে আগ্ৰহী তেওঁলোকে যাতে এইসকল মহীয়সীলৈ দৃষ্টিপাত কৰে।

তেওঁ লগতে কয় যে, এই কাৰ্যসূচীত যি নাৰীৰ কৃতিত্বক উদযাপন কৰা হৈছে তেওঁ তেওঁলোক একেই স্থানলৈ উত্তৰণ ঘটা এগৰাকী পুৰুষতকৈ ২০ গুণ অধিক দক্ষ তথা সবল হ’ব লাগিব। ‘মই বিশ্বাস কৰোঁ যে, যিসকল নাৰী আজি এই স্থানত উপস্থিত হৈছে, যিসকলৰ কৃতিত্বক আমি ইয়াত উদাযাপন কৰি আছোঁ তেওঁলোক একেই স্থানলৈ উত্তৰণ ঘটনা এগৰাকী পুৰুষতকৈ ২০ গুণ ভাল হ’ব লাগিব।’ তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন