--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাৰীবাদ কোনো পশ্চিমীয়া ধাৰণা নহয়। ই হৈছে ভাৰতীয় সভ্যতাৰ একেবাৰে ওচৰ চপা ধাৰণা। এই মন্তব্য কৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপুড়ী পণ্ডিতে। মঙলবাৰে তেওঁ এই মন্তব্য কৰে। তেওঁ লগতে কয় যে, দ্ৰৌপদী আৰু সীতাতকৈ ডাঙৰ নাৰীবাদী আন কোনো থাকিব নোৱাৰে।

‘শ্ৰীমতী সুষমা স্বৰাজ স্ত্ৰী শক্তি সন্মান-২০২২’ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ব্যতিক্ৰমী ভাষণক লৈ চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। তেওঁ আধুনিক ভাৰতৰ বৌদ্ধিক বিশ্লেষণৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকলক ভাৰতীয় নাৰীবাদীসকলৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
তেওঁ কয়, ‘নাৰীবাদ পশ্চিমীয়া ধাৰণা নহয় বৰং এয়া ভাৰতীয় সভ্যতাৰ অতি ওচৰ চপা এক ধাৰণা। দ্ৰৌপদী বা সীতাতকৈ আন কোনো ডাঙৰ নাৰীবাদী থাকিব নোৱাৰে কাৰণ তেওঁ আছিল প্ৰথম ‘ছিংগল মাদাৰ’ বা ‘একাকী মাতৃ’। 

জেএইউৰ দৰে শিক্ষানুষ্ঠানৰ মুৰব্বী হোৱালৈ তেওঁৰ নিজৰ যাত্ৰাৰ কথা প্ৰকাশ কৰি পণ্ডিতে কয়, ‘মই দেশৰ দক্ষিণ প্ৰান্তৰ পৰা আহিছোঁ। আমাৰ সভ্যতাত তথা ইতিহাসত কান্নাগী আৰু মণিমেকালাই আছে। মই আমাৰ শিক্ষাৰ্থীসকলক আহ্বান জনাইছোঁ যে, যিসকল আধুনিক ভাৰতৰ বৌদ্ধিক বাখ্যাৰ বাবে আগ্ৰহী তেওঁলোকে যাতে এইসকল মহীয়সীলৈ দৃষ্টিপাত কৰে।

তেওঁ লগতে কয় যে, এই কাৰ্যসূচীত যি নাৰীৰ কৃতিত্বক উদযাপন কৰা হৈছে তেওঁ তেওঁলোক একেই স্থানলৈ উত্তৰণ ঘটা এগৰাকী পুৰুষতকৈ ২০ গুণ অধিক দক্ষ তথা সবল হ’ব লাগিব। ‘মই বিশ্বাস কৰোঁ যে, যিসকল নাৰী আজি এই স্থানত উপস্থিত হৈছে, যিসকলৰ কৃতিত্বক আমি ইয়াত উদাযাপন কৰি আছোঁ তেওঁলোক একেই স্থানলৈ উত্তৰণ ঘটনা এগৰাকী পুৰুষতকৈ ২০ গুণ ভাল হ’ব লাগিব।’ তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত