--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তেওঁৰ বাবে এম এছ ধোনী স্বপ্নৰ নায়ক আৰু স্বপ্নৰ নায়কেই তেওঁৰ হেঁপাহৰ বাহনখনত বাকি দিছে আখৰৰ মুকুতা৷ বহুতৰ বাবে এয়া সপোন সপোন লগা কাহিনী৷ 

অনুৰাগীৰ গাড়ীত অটোগ্ৰাফ দিছে মহেন্দ্ৰ সিং ধোনীয়ে৷ আৰু এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছত ইণ্টাৰনেটত নেটিজেনে আগবঢ়াইছে ভিন্নধৰ্মী প্ৰতিক্ৰিয়া৷ স্বাভাৱিকতে একাংশ অনুৰাগীয়ে ধোনীৰ এই কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে৷ 

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে আকৌ এবাৰ অনুৰাগীসকলক আকৰ্ষিত কৰিলে তেওঁৰ এই সৰল অভিব্যক্তিৰে৷ 

এইবাৰ ধোনীৰ এজন অনুৰাগী অভিষেক কেৰকেট্টাক তেওঁৰ বিএমডব্লিউ- ৭৪০ আই চিৰিজত এক বিশেষ অটোগ্ৰাফ দি আনন্দিত কৰি তুলিলে৷ ধোনীৰ এই অটোগ্ৰাফ দিয়া সময়কণ বুকুত সঞ্চিত কৰি ৰাখিলে অভিষেকে৷

অভিষেক কেৰকেট্টাই পূৰ্বৰে পৰা ধোনীৰ সৈতে হোৱা বাৰ্তালাপৰ আভাস ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আহিছে৷ বিশেষকৈ জিমৰ ভিতৰৰ ভিডিঅ’ শ্বেয়াৰ কৰে অভিষেকে৷ অৱশ্যে, শেহতীয়া হৃদয়স্পৰ্শী ভিডিঅ’টো টুইটাৰলৈও প্ৰসাৰিত হৈছে, য’ত অনুৰাগী আৰু ক্ৰিকেট উৎসাহীসকলে ধোনীৰ ভংগীমাৰ প্ৰতি তেওঁলোকৰ প্ৰশংসাসূচক অভিব্যক্তি প্ৰকাশ কৰিছে।

উল্লেখ্য যে ভিডিঅ’টোৱে ক্ৰিকেটাৰজনৰ সৰলতা আৰু ব্যক্তিগত পৰ্যায়ত অনুৰাগীসকলৰ সৈতে সংযোগ স্থাপন কৰাৰ সামৰ্থকে তুলি ধৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement