--°C
Loading...
Listen to Article
2 min read
80%

লছ এঞ্জেলছঃ কোনো মাতৃয়ে নিজৰ সন্তানৰ বিপদৰ সময়ত হাত সাৱটি বহি থাকিব নোৱাৰে। প্ৰতিগৰাকী মাতৃয়ে নিজ সন্তানৰ বিপদসংকুল পৰিস্থিতিত নিজৰ জীৱনক আহুতি দি হ’লেও সন্তানৰ জীৱন ৰক্ষাৰ বাবে জঁপিয়াই পৰে। শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হৈছে। এগৰাকী মাতৃয়ে তেওঁৰ ৫বছৰীয়া পুত্ৰক সিংহৰ মুখৰ পৰা উদ্ধাৰ কৰাৰ এক বিৰল ঘটনা পোহৰলৈ আহিছে। সিংহৰ মুখত পৰা মাতৃৰ প্ৰচণ্ড ঘোঁচাত প্ৰাণৰক্ষা পৰে শিশুটিৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ ছাণ্টা মনিকা পৰ্বতমালাত সংঘটিত ঘটনাটো চৰ্চিত হৈ পৰিছে।


আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদনৰ মতে, মহিলাগৰাকীৰ সন্তানে ঘৰৰ সন্মুখত খেলি আছিল। মাতৃয়ে ঘৰৰ ভিতৰতে কাম বনত ব্যস্ত আছিল। হঠাতে তেওঁ বাহিৰত এটা অদ্ভুত শব্দ শুনিলে। এটা পাহাৰীয়া সিংহ দৌৰি গৈ তেওঁৰ পুত্ৰক টানি নিয়া প্ৰত্যক্ষ কৰিছিল। শিশুটোৰ মাতৃয়ে সিংহটোক এটাৰ পিছত এটা কৈ খালী হাতেৰে ঘোঁচা মাৰিছিল। ঘোঁচাৰ বেদনাত কাতৰ সিংহটোৱে এসময়ত শিশুটোক মুকলি কৰি দিছিল। সিংহৰ কবলৰ পৰা উদ্ধাৰৰ পাছত অভিভাৱকসকলে শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। বন্যপ্ৰাণী বিভাগকো অৱগত কৰিছিল স্থানীয়লোকে। কেলিফৰ্ণিয়াৰ বন্যপ্ৰাণী বিভাগৰ কৰ্মচাৰীসকলে আহি সিংহটোৰ সম্ভেদ বিচাৰি পায় আৰু পাছত সিংহটোক গুলীয়াই হত্যা কৰা বুলি মৎস আৰু বন্যপ্ৰাণী বিভাগৰ মুখপাত্ৰ কেপ্টেইন পেট্ৰিক ফেয়ে জানিবলৈ দিছে।


পেট্ৰিকে লগতে কয় যে, সিংহৰ আক্ৰমণত শিশুটিয়ে মূৰ আৰু শৰীৰৰ ওপৰভাগত গুৰুতৰ আঘাত পাইছে। বৰ্তমান শিশুটিক লছ এঞ্জেলছৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শিশুটিৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু