--°C
Loading...
Listen to Article
2 min read
80%

লছ এঞ্জেলছঃ কোনো মাতৃয়ে নিজৰ সন্তানৰ বিপদৰ সময়ত হাত সাৱটি বহি থাকিব নোৱাৰে। প্ৰতিগৰাকী মাতৃয়ে নিজ সন্তানৰ বিপদসংকুল পৰিস্থিতিত নিজৰ জীৱনক আহুতি দি হ’লেও সন্তানৰ জীৱন ৰক্ষাৰ বাবে জঁপিয়াই পৰে। শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হৈছে। এগৰাকী মাতৃয়ে তেওঁৰ ৫বছৰীয়া পুত্ৰক সিংহৰ মুখৰ পৰা উদ্ধাৰ কৰাৰ এক বিৰল ঘটনা পোহৰলৈ আহিছে। সিংহৰ মুখত পৰা মাতৃৰ প্ৰচণ্ড ঘোঁচাত প্ৰাণৰক্ষা পৰে শিশুটিৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ ছাণ্টা মনিকা পৰ্বতমালাত সংঘটিত ঘটনাটো চৰ্চিত হৈ পৰিছে।


আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদনৰ মতে, মহিলাগৰাকীৰ সন্তানে ঘৰৰ সন্মুখত খেলি আছিল। মাতৃয়ে ঘৰৰ ভিতৰতে কাম বনত ব্যস্ত আছিল। হঠাতে তেওঁ বাহিৰত এটা অদ্ভুত শব্দ শুনিলে। এটা পাহাৰীয়া সিংহ দৌৰি গৈ তেওঁৰ পুত্ৰক টানি নিয়া প্ৰত্যক্ষ কৰিছিল। শিশুটোৰ মাতৃয়ে সিংহটোক এটাৰ পিছত এটা কৈ খালী হাতেৰে ঘোঁচা মাৰিছিল। ঘোঁচাৰ বেদনাত কাতৰ সিংহটোৱে এসময়ত শিশুটোক মুকলি কৰি দিছিল। সিংহৰ কবলৰ পৰা উদ্ধাৰৰ পাছত অভিভাৱকসকলে শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। বন্যপ্ৰাণী বিভাগকো অৱগত কৰিছিল স্থানীয়লোকে। কেলিফৰ্ণিয়াৰ বন্যপ্ৰাণী বিভাগৰ কৰ্মচাৰীসকলে আহি সিংহটোৰ সম্ভেদ বিচাৰি পায় আৰু পাছত সিংহটোক গুলীয়াই হত্যা কৰা বুলি মৎস আৰু বন্যপ্ৰাণী বিভাগৰ মুখপাত্ৰ কেপ্টেইন পেট্ৰিক ফেয়ে জানিবলৈ দিছে।


পেট্ৰিকে লগতে কয় যে, সিংহৰ আক্ৰমণত শিশুটিয়ে মূৰ আৰু শৰীৰৰ ওপৰভাগত গুৰুতৰ আঘাত পাইছে। বৰ্তমান শিশুটিক লছ এঞ্জেলছৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শিশুটিৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ