--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : ২০ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত বাংলাদেশ দলে নিজৰ চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। বুধবাৰে দলটোৱে নিউজিলেণ্ডক মাত্ৰ ৬০ ৰাণত অল আউট কৰিবলৈ সক্ষম হয়।টছত জয়ী হৈ টম লেথাম নেতৃত্বাধীন নিউজিলেণ্ড দলে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু দলৰ এই সিদ্ধান্ত ভুল প্ৰমাণিত হয়। দলটো মাত্ৰ ১৬ অভাৰ ৫ টা বলতে অল আউট হৈ যায়। সংগ্ৰহ কৰে মাথো ৬০ ৰাণ


খেলখনত লেথাম আৰু নিকোলছ উভয়ে ১৮ ৰাণকৈ সংগ্ৰহ কৰে। বাংলাদেশৰ বলাৰ মুস্তাফিজুৰ ৰহমানে ২ অভাৰ ৫ টা বলত ১৩ ৰাণ খৰছ কৰি ৩ টিকৈ উইকেট দখল কৰিবলৈ সমৰ্থ হয়। মহম্মদ চাইফুদ্দিন, শ্বাকিব আল হাছান, আৰু নাচুম আহমেদে দুটাকৈ উইকেট দখল কৰে। মেহদি হাছানে লাভ কৰে ১ টা উইকেট।


উল্লেখ্য যে নিউজিলেণ্ডৰ বাবে ৬০ ৰাণ যিকোনো আন্তৰাষ্ট্ৰীয় টি ২০ ক্ৰিকেট প্ৰতিযোগিতাত সৰ্বনিম্ন স্ক’ৰ।ইয়াৰ পূৰ্বেও ২০১৪ চনত দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে ৬০ ৰাণত অল আউট হৈছিল। আনহাতে এয়া যিকোনো দলৰেই বাংলাদেশৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰ। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া দলে বাংলাদেশৰ বিৰুদ্ধে সৰ্বনিম্ন স্ক’ৰ কৰিছিল। এই মাহৰ আৰম্ভণীতে অনুষ্ঠিত উক্ত খেলখনত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ৬২ ৰাণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ