--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰেগনে কৰ্ম শক্তি বৃদ্ধি কৰাৰ লগতে নতুন কাম কৰিবলৈ মানুহৰ মনত উদ্দীপনাৰ সৃষ্টি কৰে। তদুপৰি ড্ৰেগন হৈছে প্রাণশক্তি তথা উৎসাহৰ প্ৰতীক। সেইবাবে ড্ৰেগনৰ মূৰ্তি যদি ঘৰৰ পূব দিশত ৰাখিব পাৰি তেন্তে সৌভাগ্য আৰু কৰ্মৰ প্ৰতি উৎসাহ বৃদ্ধি পায়। দৰাচলতে কৰ্মইহে মানুহক সৌভাগ্যৰ বাট মোকলাই দিয়ে। সেয়ে কর্ম শক্তি লাভ কৰিবলৈ মানুহে ড্ৰেগনৰ মূৰ্ত্তি ঘৰৰ পূব দিশত স্থাপন কৰিব লাগে। ড্ৰেগনৰ মূৰ্তি কাঠৰ উপৰি ছেৰামিক ক্ৰিষ্টেল আদিৰ দ্বাৰাও প্ৰস্তুত কৰা হয়। এনেধৰণৰ মূৰ্তি ঘৰৰ পূব দিশত স্থাপন কৰিব পাৰি ।

 কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল ড্ৰেগনৰ মূৰ্তি কেতিয়াও লোৰে তৈয়াৰ কৰা হ'ব নালাগে। কাৰণ পূব দিশৰ উপাদান হৈছে কাঠ। ধাতুরে কাঠ কাটে। সেইবাবে ধাতুৰ সৈতে কাঠৰ সম্পৰ্ক সদায় বিপৰীতমুখী হয়। পূব দিশত ধাতুৰে নিৰ্মাণ কৰা ড্ৰেগনৰ মূৰ্তি ৰাখিলে হিতে বিপৰীতহে হ'ব পাৰে। ড্রোনৰ মূর্তি তেনে স্থানত ৰাখিব লাগে যি স্থানত অধিক হাৰত মানুহৰ সমাগম হয়।

 বিশেষকৈ হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিৰ পূৱ দিশত ড্ৰেগনৰ মূৰ্তি স্থাপন কৰিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ড্ৰেগনৰ মূৰ্তি পিছে কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে। কাৰণ ড্ৰেগন হৈছে সক্ৰিয়তাৰ প্ৰতীক। শোৱনি কোঠাত মানুহে ক্লান্ত শৰীৰ লৈ প্ৰৱেশ কৰে। মানুহে টোপনিৰ জৰিয়তে ক্লান্ত শৰীৰক পুনৰ সক্ৰিয় কৰে । যদি শোৱনি কোঠাত প্ৰাণ শক্তিৰ প্ৰতীক ড্ৰেগনৰ মূৰ্তি ৰখা হয় তেন্তে মানুহৰ টোপনিত ব্যাঘাত জন্মিব। সেইবাবে শোৱনি কোঠাত কেতিয়াও ড্ৰেগনৰ মূৰ্তি ৰাখিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা