--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰুচিকাই নিজৰ ভুল স্বীকাৰ কৰি কয় যে তেওঁৰ বয়স মাত্ৰ ১৫ বছৰ আৰু আৱেগৰ বশৱৰ্তী হৈ তেওঁ অতি অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল।

ডিজিটেল ডেস্ক: CJP প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা ৰুচিকা সিঙে অৱশেষত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছে।


ৰুচিকাই নিজৰ ভুল স্বীকাৰ কৰি কয় যে তেওঁৰ বয়স মাত্ৰ ১৫ বছৰ আৰু আৱেগৰ বশৱৰ্তী হৈ তেওঁ অতি অশ্লীল ভাষা ব্যৱহাৰ কৰিছিল। তেওঁ গভীৰ অনুশোচনা প্ৰকাশ কৰি কয় যে এই ঘটনাৰ ইমান গুৰুতৰ পৰিণতি হ’ব বুলি তেওঁ কেতিয়াও কল্পনা কৰা নাছিল।


ক্ষমাপ্ৰাৰ্থনাৰ সময়ত ৰুচিকাই প্ৰতিশ্ৰুতি দিয়ে যে এয়াই তেওঁৰ ‘প্ৰথম আৰু শেষ ভুল’। তেওঁ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰি সকলোকে তেওঁক ক্ষমা কৰি দিবলৈ অনুৰোধ জনায়। আৱেগিক কণ্ঠেৰে তেওঁ কয়, ‘‘মই ইমানেই লাজ পাইছোঁ যে কাৰো চকুলেও চাব নোৱাৰা হলোঁ।’’


তেওঁৰ এই ক্ষমাপ্ৰাৰ্থনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। বহু ব্যৱহাৰকাৰীয়ে তেওঁৰ অনুশোচনাক ইতিবাচকভাৱে গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই মত প্ৰকাশ কৰিছে যে ঘটনাটোৰ আইনী প্ৰক্ৰিয়া নিজস্ব গতিত আগবাঢ়িব লাগে।


উল্লেখযোগ্য যে, গোচৰটোৰ তদন্ত অব্যাহত থকাৰ লগতে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক বিতৰ্কও এতিয়াও অব্যাহত আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত