--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি যুৱ জনসংখ্যা থকা দেশ। প্রতি বছৰে লাখ লাখ যুৱক-যুৱতীয়ে পঢ়া-শুনা সম্পূৰ্ণ কৰি চাকৰিৰ সন্ধান কৰি ফুৰে। এনে অৱস্থাত প্ৰতি বছৰে প্ৰকাশ কৰা পি এল এফ এছৰ এই প্রতিবেদন অতি গুৰুত্বপূৰ্ণ।

ডিজিটেল ডেস্ক: দেশত এতিয়াও বৃহৎ সংখ্যক যুৱক-যুৱতী নিবনুৱা হৈ আছে আৰু যোৱা এবছৰত নিবনুৱাৰ হাৰ সামান্য হ্রাস পাইছে। এই তথ্য প্রকাশ পাইছে পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ ২০২৫ বৰ্ষৰ পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভেৰ (পি এল এফ এছ) প্রতিবেদনৰ পৰা। ইয়াৰ পৰা জানিব পৰা মতে, দেশৰ প্ৰতি দহজন যুৱক-যুৱতীৰ ভিতৰত এগৰাকী নিবনুৱা। 


আনহাতে, চহৰাঞ্চলত এতিয়া চাকৰি বিচৰাটো যুৱক-যুৱতীসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। প্রতিবেদনখনত উল্লেখ কৰা মতে, দেশত এতিয়া প্রায় ৯.৯% যুৱক নিবনুৱা হৈ আছে। আন কথাত প্রতি ১০ জনৰ ভিতৰত এজন নিবনুৱা। আনহাতে, নগৰাঞ্চলত নিবনুৱা যুৱকৰ হাৰ হ'ল ১৩.৬% আৰু গ্ৰামাঞ্চলত এই হাৰ হ'ল ৮.৩%। 


উল্লেখযোগ্য যে ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি যুৱ জনসংখ্যা থকা দেশ। প্রতি বছৰে লাখ লাখ যুৱক-যুৱতীয়ে পঢ়া-শুনা সম্পূৰ্ণ কৰি চাকৰিৰ সন্ধান কৰি ফুৰে। এনে অৱস্থাত প্ৰতি বছৰে প্ৰকাশ কৰা পি এল এফ এছৰ এই প্রতিবেদন অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা দেশৰ কিমান সংখ্যকে চাকৰি লাভ কৰিছে বা কিমান সংখ্যকে চাকৰিৰ সন্ধান কৰি আছে আৰ দেশৰ সংস্থাপনৰ স্বৰূপৰ কোন দিশে গতি কৰিছে সেই বিষয়ে জানিব পাৰি। প্ৰতিবেদনখনৰ মতে নগৰাঞ্চলত নিবনুৱাৰ হাৰ ১৩.৬%ৰ বিপৰীতে গ্রামাঞ্চলত এই হাৰ হ'ল ৮.৩%। দেশত মুঠ নিবনুৱাৰ হাৰ যোৱা বছৰত আছিল ৩.১০%। 


২০২৪ৰ তুলনাত মুঠ নিবনুৱাৰ হাৰ ০.১% হ্রাস পাইছে। ২০২৪ত এই হাৰ আছিল ৩.২০%। আনহাতে, যুৱক-যুৱতীৰ (১৫-২৯ বছৰ বয়সৰ) নিবনুৱাৰ হাৰ ২০২৪ত ১০.৩০%ৰ পৰা ০.৪% হ্রাস পাই ২০২৫৩ ৯.৯০% হয়। ইফালে, দেশত শিক্ষিত নিবনুৱাৰ হাৰ ২০২৪ত ৭%ৰ পৰা ০.৫% হ্রাস পাই যোৱা বছৰ ৬.৫০% হয়। ২০২৪ৰ তুলনাত দেশত যুৱ প্ৰজন্মৰ নিবনুৱাৰ হাৰ ০.১% হ্রাস পালেও এতিয়া প্রতি দহজনৰ ভিতৰত এজন সংস্থাপনহীন হৈ আছে। ইয়াৰ পৰা এই ইংগিত পোৱা যায় যে নতুন চাকৰি সৃষ্টিৰ গতি এতিয়াও যুৱক-যুৱতীৰ প্ৰয়োজন অনুসাৰে হোৱা নাই। প্রতিবেদনখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল গ্রামাঞ্চল আৰু চহৰাঞ্চলৰ মাজত থকা ব্যৱধান। 


প্রতিবেদনখনত উল্লেখ কৰা তথ্য মতে, গ্রামাঞ্চলৰ তুলনাত নগৰাঞ্চলত চাকৰি পোৱাটো অধিক প্রত্যাহবানমূলক। ইয়াৰ পৰা চহৰাঞ্চলৰ চাকৰিৰ বজাৰত অধিক চাপ থকাৰ ইংগিত দিয়ে। ইয়াত উল্লেখ কৰা মতে, নিয়মীয়া বেতনভোগী চাকৰিৰ অংশ ২২.৪%ৰ পৰা বৃদ্ধি পাই ২৩.৬%লৈ, বৃদ্ধি, স্ব-সংস্থাপিত লোকৰ অংশ ৫৭.৫%ৰ পৰা ৫৬.২%লৈ হ্রাস, কৃষি খণ্ডত সংস্থাপিতৰ হাৰ ৪৪.৮%ৰ পৰা ৪৩%লৈ হ্রাস পাইছে। 


আনহাতে, উৎপাদন আৰু সেৱা খণ্ডত সংস্থাপন বৃদ্ধি পাইছে। ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ শ্ৰম বজাৰ লাহে লাহে অধিক আনুষ্ঠানিক চাকৰিৰ দিশত আগবাঢ়িছে। আনহাতে, দেশত সংস্থাপনৰ স্বৰূপ সলনি হৈছে আৰু লাহে লাহে কৃষি খণ্ডৰ পৰা উদ্যোগ আৰু সেৱা খণ্ডলৈ হস্তান্তৰ হৈছে। আনহাতে, দেশৰ মুঠ ৬১.৬% লোকে বর্তমান চাকৰি কৰি আছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক