--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি কি খাওঁ ? আমি খোৱা সকলোবোৰ বস্তু আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে? আমাৰ খাদ্য অভ্যাসেও আমাক বহু সময়ত ৰোগাক্ৰান্ত কৰি তুলিব পেৰে।নিউয়ৰ্ক পোষ্টত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, শেহতীয়া কৈ অষ্ট্ৰিয়াৰ ডানুবে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ চিকিৎসা বিভাগে চলোৱা নতুন অধ্যয়নত প্ৰকাশ পাইছে - ‘প্লাষ্টিকৰ বটলত সংৰক্ষিত খোৱা পানীৰ ব্যৱহাৰে মানৱ শৰীৰত ৰক্তচাপ বৃদ্ধি কৰিব পাৰে’৷বিশ্ববিদ্যালয় খনৰ গৱেষক দলটোৱে অধ্যয়নটোত প্লাষ্টিকৰ বটলত নথকা তৰল পদাৰ্থ সেৱন কৰা অংশগ্ৰহণকাৰীসকলৰ ৰক্তচাপ যথেষ্ট হ্ৰাস পোৱাৰ তথ্য সদৰী কৰে।

প্লাষ্টিকৰ বটলৰ পানীয়ে কেনেকৈ বৃদ্ধি কৰে ৰক্তচাপ-

পৃথিৱী খন প্ৰদূষিত হোৱাৰ অন্তৰালত মাইক্ৰ’প্লাষ্টিকৰ ভুমিকা অন্যতম।আমি গ্ৰহণ কৰা অধিক সংখ্যক খাদ্য সামগ্ৰীৰ লগতে খোৱা পানীতো মাইক্ৰ’প্লাষ্টিকৰ সৰু সৰু কণাৰ উপস্থিতি ধৰা পৰিছে।যিবিলাক মানৱ স্বাস্থ্যৰ বাবে আটাইতকৈ ক্ষতিকাৰক তথা মানৱ স্বাস্থ্যৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ চিন্তাৰ বিষয় হৈ পৰিছে।

ইতিমধ্যেই হৃদযন্ত্ৰজনিত সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতা, কেন্সাৰ ৰোগৰো মাইক্ৰ’প্লাষ্টিক অন্যতম কাৰক হিচাপে জনা যায়। ‘মাইক্ৰ’প্লাষ্টিকছ’ নামৰ জাৰ্নেলত প্লাষ্টিকৰ বটলৰ পৰা সেৱন কৰা পানী জৰিয়তে তেজত মাইক্ৰ’প্লাষ্টিক প্ৰৱেশ কৰাৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ কৰিছে। এই অধ্যয়নত প্লাষ্টিকৰ বটলৰ ব্যৱহাৰৰ ফলত মাইক্ৰ’প্লাষ্টিকৰ বাবে ৰক্তচাপৰ মাত্ৰা বৃদ্ধিৰ মাজৰ সম্পৰ্কে অধ্যয়নটোত বিশেষভাৱে উল্লেখ কৰা হৈছে ।
 
নিশ্চিতভৱে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস পালে ৰক্তচাপ হ্ৰাস পাব পাৰে বুলি গৱেষক দলটোৱে প্ৰতিবেদনত উল্লেখ কৰিছে। উল্লেখযোগ্য যে অধ্যয়নটোৰ ফলাফলৰ পৰা পোন প্ৰথম বাৰৰ এই তথ্য পোহৰলৈ আহিছে বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড! এটা বিস্কুট ফেক্টৰীসহ ৪টাকৈ বাসগৃহ ভস্মীভূত
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী