--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি কি খাওঁ ? আমি খোৱা সকলোবোৰ বস্তু আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে? আমাৰ খাদ্য অভ্যাসেও আমাক বহু সময়ত ৰোগাক্ৰান্ত কৰি তুলিব পেৰে।নিউয়ৰ্ক পোষ্টত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, শেহতীয়া কৈ অষ্ট্ৰিয়াৰ ডানুবে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ চিকিৎসা বিভাগে চলোৱা নতুন অধ্যয়নত প্ৰকাশ পাইছে - ‘প্লাষ্টিকৰ বটলত সংৰক্ষিত খোৱা পানীৰ ব্যৱহাৰে মানৱ শৰীৰত ৰক্তচাপ বৃদ্ধি কৰিব পাৰে’৷বিশ্ববিদ্যালয় খনৰ গৱেষক দলটোৱে অধ্যয়নটোত প্লাষ্টিকৰ বটলত নথকা তৰল পদাৰ্থ সেৱন কৰা অংশগ্ৰহণকাৰীসকলৰ ৰক্তচাপ যথেষ্ট হ্ৰাস পোৱাৰ তথ্য সদৰী কৰে।

প্লাষ্টিকৰ বটলৰ পানীয়ে কেনেকৈ বৃদ্ধি কৰে ৰক্তচাপ-

পৃথিৱী খন প্ৰদূষিত হোৱাৰ অন্তৰালত মাইক্ৰ’প্লাষ্টিকৰ ভুমিকা অন্যতম।আমি গ্ৰহণ কৰা অধিক সংখ্যক খাদ্য সামগ্ৰীৰ লগতে খোৱা পানীতো মাইক্ৰ’প্লাষ্টিকৰ সৰু সৰু কণাৰ উপস্থিতি ধৰা পৰিছে।যিবিলাক মানৱ স্বাস্থ্যৰ বাবে আটাইতকৈ ক্ষতিকাৰক তথা মানৱ স্বাস্থ্যৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ চিন্তাৰ বিষয় হৈ পৰিছে।

ইতিমধ্যেই হৃদযন্ত্ৰজনিত সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতা, কেন্সাৰ ৰোগৰো মাইক্ৰ’প্লাষ্টিক অন্যতম কাৰক হিচাপে জনা যায়। ‘মাইক্ৰ’প্লাষ্টিকছ’ নামৰ জাৰ্নেলত প্লাষ্টিকৰ বটলৰ পৰা সেৱন কৰা পানী জৰিয়তে তেজত মাইক্ৰ’প্লাষ্টিক প্ৰৱেশ কৰাৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ কৰিছে। এই অধ্যয়নত প্লাষ্টিকৰ বটলৰ ব্যৱহাৰৰ ফলত মাইক্ৰ’প্লাষ্টিকৰ বাবে ৰক্তচাপৰ মাত্ৰা বৃদ্ধিৰ মাজৰ সম্পৰ্কে অধ্যয়নটোত বিশেষভাৱে উল্লেখ কৰা হৈছে ।
 
নিশ্চিতভৱে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস পালে ৰক্তচাপ হ্ৰাস পাব পাৰে বুলি গৱেষক দলটোৱে প্ৰতিবেদনত উল্লেখ কৰিছে। উল্লেখযোগ্য যে অধ্যয়নটোৰ ফলাফলৰ পৰা পোন প্ৰথম বাৰৰ এই তথ্য পোহৰলৈ আহিছে বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ