--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মিছ চেটাৰ্জী বনাম নৰৱে’ নামৰ ছৱিখনেৰে বলিউডত প্ৰত্যাৱৰ্তন ঘটাইছে ৰাণী মুখাৰ্জীয়ে। ‘মৰ্দানী ২’ৰ তিনি বছৰৰ পাছত এয়া ডাঙৰ পৰ্দাত ৰাণীৰ ‘কামবেক’। এতিয়া নায়িকাগৰাকী ব্যস্ত ছবিখনৰ প্ৰচাৰত।

তেওঁৰ অনুৰাগীসকলে ৰাণীক পৰম্পৰাগত সাজ-পোছাকত দেখাতে অধিক অভ্যস্ত হৈ আহিছে। ৰেচমৰ শাৰী মানেই ৰাণী। আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ৰাণীক পশ্চিমীয়া সাজ-পোছাকত বেছি দেখা নাযায়। এইবাৰ ইয়াৰ ব্যতিক্ৰম ঘটিল।



শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাণীয়ে আধুনিক সাজ-পোছাক পিন্ধি ধৰা দিছে। ৰাণীয়ে পিন্ধিছে ক্ৰীম ৰঙৰ চুট, ডাঠ ফ্ৰেমৰ চশমা, পনিটেইলত বান্ধি থোৱা চুলি! ৰাণীৰ অনুৰাগী সকল তেওঁৰ নতুন ৰূপক লৈ অতিশয় সুখী। ৰাণীৰ এই ছবিখন ‘য়শ ৰাজ ফিল্মছ’ৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰা হৈছে।



বিয়াৰ আগতে ৰাণীয়ে কাপোৰৰ ওপৰত কম বেছি পৰিমাণে পৰীক্ষা-নিৰীক্ষা কৰিছিল। কিন্তু বিয়াৰ পিছত দৰ্শকে ৰাণীক ক’তো দেখা নাপালে। বহু দিনৰ মূৰত কেমেৰাত ধৰা পৰিল এনেদৰে।



কেৱল সাজেই নহয়, ৰাণীক বিয়াৰ পিছত যশ ৰাজ ফিল্মছৰ বাহিৰে আন কোনো ছবিত দেখা পোৱা নাছিল। কিন্তু শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ৰাণীয়ে কয়, "আদিত্যই যদি আন নায়িকাৰ সৈতে কাম কৰিব পাৰে, তেন্তে মই কিয় আন কোনো প্ৰযোজকৰ সৈতে কাম কৰিব নোৱাৰো? " গতিকে এই মন্তব্যৰ জৰিয়তে ৰাণীয়ে আন প্ৰডাকচন কোম্পানীৰ সৈতে কাম কৰাৰ ইচ্ছআ ব্যক্ত কৰিছে নেকি? ইয়াক লৈ অনুৰাগীসকলে ইয়াক লৈ যথেষ্ট উৎসাহী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ