--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মিছ চেটাৰ্জী বনাম নৰৱে’ নামৰ ছৱিখনেৰে বলিউডত প্ৰত্যাৱৰ্তন ঘটাইছে ৰাণী মুখাৰ্জীয়ে। ‘মৰ্দানী ২’ৰ তিনি বছৰৰ পাছত এয়া ডাঙৰ পৰ্দাত ৰাণীৰ ‘কামবেক’। এতিয়া নায়িকাগৰাকী ব্যস্ত ছবিখনৰ প্ৰচাৰত।

তেওঁৰ অনুৰাগীসকলে ৰাণীক পৰম্পৰাগত সাজ-পোছাকত দেখাতে অধিক অভ্যস্ত হৈ আহিছে। ৰেচমৰ শাৰী মানেই ৰাণী। আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ৰাণীক পশ্চিমীয়া সাজ-পোছাকত বেছি দেখা নাযায়। এইবাৰ ইয়াৰ ব্যতিক্ৰম ঘটিল।



শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাণীয়ে আধুনিক সাজ-পোছাক পিন্ধি ধৰা দিছে। ৰাণীয়ে পিন্ধিছে ক্ৰীম ৰঙৰ চুট, ডাঠ ফ্ৰেমৰ চশমা, পনিটেইলত বান্ধি থোৱা চুলি! ৰাণীৰ অনুৰাগী সকল তেওঁৰ নতুন ৰূপক লৈ অতিশয় সুখী। ৰাণীৰ এই ছবিখন ‘য়শ ৰাজ ফিল্মছ’ৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰা হৈছে।



বিয়াৰ আগতে ৰাণীয়ে কাপোৰৰ ওপৰত কম বেছি পৰিমাণে পৰীক্ষা-নিৰীক্ষা কৰিছিল। কিন্তু বিয়াৰ পিছত দৰ্শকে ৰাণীক ক’তো দেখা নাপালে। বহু দিনৰ মূৰত কেমেৰাত ধৰা পৰিল এনেদৰে।



কেৱল সাজেই নহয়, ৰাণীক বিয়াৰ পিছত যশ ৰাজ ফিল্মছৰ বাহিৰে আন কোনো ছবিত দেখা পোৱা নাছিল। কিন্তু শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ৰাণীয়ে কয়, "আদিত্যই যদি আন নায়িকাৰ সৈতে কাম কৰিব পাৰে, তেন্তে মই কিয় আন কোনো প্ৰযোজকৰ সৈতে কাম কৰিব নোৱাৰো? " গতিকে এই মন্তব্যৰ জৰিয়তে ৰাণীয়ে আন প্ৰডাকচন কোম্পানীৰ সৈতে কাম কৰাৰ ইচ্ছআ ব্যক্ত কৰিছে নেকি? ইয়াক লৈ অনুৰাগীসকলে ইয়াক লৈ যথেষ্ট উৎসাহী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী