--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা সনথ জয়সূৰিয়াই আইচিচিৰ এটা নিয়ম সলনি কৰাৰ দাবী জনাইছে। শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে টুইটাৰ পোষ্টৰ জৰিয়তে এটা অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁৰ মতে, শচীন টেণ্ডুলকাৰে আইচিচিৰ এই নিয়মৰ অধীনত খেলা হ’লে এদিনীয়াত দুগুণ ৰান আৰু শতাধিক ৰান সংগ্ৰহ কৰিলেহেঁতেন।

এদিনীয়া ক্ৰিকেটৰ এখন মেচত দুটা নতুন বলৰ ব্যৱহাৰ মানি ল’ব পৰা নাই জয়সূৰ্যই। ২০১১ চনত আইচিচিয়ে এই নিয়ম প্ৰৱৰ্তন কৰিছিল। এটা ইনিংছত দুটা নতুন এণ্ডৰ পৰা দুটা নতুন বল ব্যৱহাৰ কৰা হৈছে। কাৰণ ২৫ অভাৰতকৈ বেছি সময় এটা বল ব্যৱহাৰ কৰা নহয়। বলটো কঠিন হোৱাৰ বাবে বেটছমেনসকলে ইয়াৰ সম্পূৰ্ণ সুবিধা লৈছে। ফলত স্ক’ৰটোও বৃদ্ধি পাইছে।

জয়সূৰ্য্যই কয়, “যদি শচীনে দুটা নতুন বল খেলিলেহেঁতেন আৰু আমাৰ যুগত এতিয়াৰ দৰে পাৱাৰ প্লে’ থকা হ’লে তেওঁৰ ৰান আৰু শতক দুগুণ হ’লহেঁতেন৷” 

উল্লেখ্য যে এই বিষয়ে প্ৰথমে টুইট কৰিছিল ৱাকাৰ ইউনিছে। জয়সূৰিয়াই সেই কথা ৰিটুইট কৰি নিজেই কৈছিল। সেই বক্তব্যক সমৰ্থন কৰি অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো সঁহাৰি পোৱা নাই আই চি চিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক