--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে অধ্যৱসায়ৰ বলত সফলতাৰ আকাশ চুব পাৰে। আজি আপোনাক এনে এজন ব্যক্তিৰ কথা কম যিয়ে এখন সৰু ফটো দোকানৰ পৰা উপাৰ্জন কৰি এটা সময়ত গঢ়িলে ব্যৱসায়ৰ বিশাল সাম্ৰাজ্য। বিশাল মেগা মাৰ্টৰ নাম হয়তো সকলোৱে শুনিছে। বিশাল মেগা মাৰ্টৰ গৰাকী হৈছে ৰামচন্দ্ৰ আগৰৱালা। ৰামচন্দ্ৰ আগৰৱালাই তেওঁৰ জীৱনত যথেষ্ট সংগ্ৰাম কৰিছিল। আপুনি জানি আচৰিত হ'ব যে ৰামচন্দ্ৰ আগৰৱালা সৰুৰে পৰা বিশেষভাৱে সক্ষম আছিল। ৰামচন্দ্ৰ শৈশৱতে পলিঅ'ত আক্ৰান্ত হৈছিল। পলিঅ'ত আক্ৰান্ত হৈ তেওঁৰ শৰীৰ পংগু হৈ পৰে। গতিকে তেওঁৰ এই দুৰ্বলতাৰ বাবে তেওঁ কোনো গধুৰ কাম কৰিব পৰা নাছিল, সেয়েহে তেওঁ এখন সৰু ফটোকপিৰ দোকান খুলিছিল। প্ৰায় এবছৰ ধৰি ৰামচন্দ্ৰ আগৰৱালাই এখন ফটোকপিৰ দুকান চলাইছিল, যাৰ পিছত তেওঁ অনুভৱ কৰিছিল যে তেওঁ জীৱনত আৰু অধিক আগুৱাই যাব লাগে, সেয়েহে তেওঁ কলকাতাৰ লাল বজাৰত এখন কাপোৰৰ দোকান খুলিছিল। এই কাপোৰৰ দোকানখন ৰামচন্দ্ৰই প্ৰায় ১৫ বছৰ ধৰি চলাইছিল কিন্তু ৰামচন্দ্ৰ ইয়াতো ৰৈ যাব নিবিচাৰিলে। কলকাতাৰ বজাৰৰ পৰা বাহিৰ ওলাই দিল্লীৰ ডাঙৰ বজাৰত ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লয় ৰামচন্দ্ৰ আগৰৱালাই আৰু ২০০১ চনত তেওঁ দিল্লীলৈ আহে আৰু বিশাল ৰিটেইল নামেৰে ক্ষুদ্ৰ পৰিমাণৰ খুচুৰা ব্যৱসায় আৰম্ভ কৰে। ব্যৱসায়ত সফলতা দেখি তেওঁ বিশাল মেগা মাৰ্ট নামেৰে পৰৱৰ্তী বছৰতে বৃহৎ পৰিমাণত খুচুৰা বিক্ৰী আৰম্ভ কৰে। বজাৰত প্ৰভাৱ পেলাবলৈ ৰামচন্দ্ৰই শ্বেয়াৰ বজাৰৰ পৰা বৃহৎ ঋণ লৈছিল আৰু দুৰ্ভাগ্যবশতঃ সেই সময়ত তেওঁ ৭৫০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু এই লোকচানৰ বাবে হতাশ নহৈ ৰামচন্দ্ৰই ধৈৰ্য্য ধৰি ধৰিছিল কিয়নো তেওঁ জানিছিল যে ব্যৱসায়ত লাভ আৰু লোকচান আছেই। বিশাল মেগামাৰ্টৰ পৰা পোৱা সফলতাৰ বাবে তেওঁ V2 Retail নামৰ এটা নতুন কোম্পানী আৰম্ভ কৰে আৰু পুনৰ তেওঁ এই নতুন কোম্পানীটো সফল কৰাত জড়িত হয়। আজি V2 Retail হৈছে ভাৰতৰ অন্যতম বৃহৎ কোম্পানী। এই কোম্পানীটোৰ দেশৰ ১৭ খন ৰাজ্যত ৯৬ খন দোকান চলি আছে। ৰামচন্দ্ৰ আগৰৱালা নিষ্ঠা আৰু অধ্যৱসায়ৰ উজ্জল প্ৰতীক। দেশৰ বহু ব্যৱসায়ীৰ বাবে অনুপ্ৰেৰণা ৰামচন্দ্ৰ আগৰৱালা। শাৰীৰিক বাধা কেতিয়াও নহয় উন্নতিৰ হেঙাৰ, তাকে প্ৰমাণ কৰি দেখুৱালে ৰামচন্দ্ৰ আগৰৱালাই। আৰু পঢ়কঃ আশ্বৰ্যকৰ! গছত ফল-ফুলহে লাগে, কিন্তু এইজোপা গছত লাগে চকী !

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক