--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে অধ্যৱসায়ৰ বলত সফলতাৰ আকাশ চুব পাৰে। আজি আপোনাক এনে এজন ব্যক্তিৰ কথা কম যিয়ে এখন সৰু ফটো দোকানৰ পৰা উপাৰ্জন কৰি এটা সময়ত গঢ়িলে ব্যৱসায়ৰ বিশাল সাম্ৰাজ্য। বিশাল মেগা মাৰ্টৰ নাম হয়তো সকলোৱে শুনিছে। বিশাল মেগা মাৰ্টৰ গৰাকী হৈছে ৰামচন্দ্ৰ আগৰৱালা। ৰামচন্দ্ৰ আগৰৱালাই তেওঁৰ জীৱনত যথেষ্ট সংগ্ৰাম কৰিছিল। আপুনি জানি আচৰিত হ'ব যে ৰামচন্দ্ৰ আগৰৱালা সৰুৰে পৰা বিশেষভাৱে সক্ষম আছিল। ৰামচন্দ্ৰ শৈশৱতে পলিঅ'ত আক্ৰান্ত হৈছিল। পলিঅ'ত আক্ৰান্ত হৈ তেওঁৰ শৰীৰ পংগু হৈ পৰে। গতিকে তেওঁৰ এই দুৰ্বলতাৰ বাবে তেওঁ কোনো গধুৰ কাম কৰিব পৰা নাছিল, সেয়েহে তেওঁ এখন সৰু ফটোকপিৰ দোকান খুলিছিল। প্ৰায় এবছৰ ধৰি ৰামচন্দ্ৰ আগৰৱালাই এখন ফটোকপিৰ দুকান চলাইছিল, যাৰ পিছত তেওঁ অনুভৱ কৰিছিল যে তেওঁ জীৱনত আৰু অধিক আগুৱাই যাব লাগে, সেয়েহে তেওঁ কলকাতাৰ লাল বজাৰত এখন কাপোৰৰ দোকান খুলিছিল। এই কাপোৰৰ দোকানখন ৰামচন্দ্ৰই প্ৰায় ১৫ বছৰ ধৰি চলাইছিল কিন্তু ৰামচন্দ্ৰ ইয়াতো ৰৈ যাব নিবিচাৰিলে। কলকাতাৰ বজাৰৰ পৰা বাহিৰ ওলাই দিল্লীৰ ডাঙৰ বজাৰত ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লয় ৰামচন্দ্ৰ আগৰৱালাই আৰু ২০০১ চনত তেওঁ দিল্লীলৈ আহে আৰু বিশাল ৰিটেইল নামেৰে ক্ষুদ্ৰ পৰিমাণৰ খুচুৰা ব্যৱসায় আৰম্ভ কৰে। ব্যৱসায়ত সফলতা দেখি তেওঁ বিশাল মেগা মাৰ্ট নামেৰে পৰৱৰ্তী বছৰতে বৃহৎ পৰিমাণত খুচুৰা বিক্ৰী আৰম্ভ কৰে। বজাৰত প্ৰভাৱ পেলাবলৈ ৰামচন্দ্ৰই শ্বেয়াৰ বজাৰৰ পৰা বৃহৎ ঋণ লৈছিল আৰু দুৰ্ভাগ্যবশতঃ সেই সময়ত তেওঁ ৭৫০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু এই লোকচানৰ বাবে হতাশ নহৈ ৰামচন্দ্ৰই ধৈৰ্য্য ধৰি ধৰিছিল কিয়নো তেওঁ জানিছিল যে ব্যৱসায়ত লাভ আৰু লোকচান আছেই। বিশাল মেগামাৰ্টৰ পৰা পোৱা সফলতাৰ বাবে তেওঁ V2 Retail নামৰ এটা নতুন কোম্পানী আৰম্ভ কৰে আৰু পুনৰ তেওঁ এই নতুন কোম্পানীটো সফল কৰাত জড়িত হয়। আজি V2 Retail হৈছে ভাৰতৰ অন্যতম বৃহৎ কোম্পানী। এই কোম্পানীটোৰ দেশৰ ১৭ খন ৰাজ্যত ৯৬ খন দোকান চলি আছে। ৰামচন্দ্ৰ আগৰৱালা নিষ্ঠা আৰু অধ্যৱসায়ৰ উজ্জল প্ৰতীক। দেশৰ বহু ব্যৱসায়ীৰ বাবে অনুপ্ৰেৰণা ৰামচন্দ্ৰ আগৰৱালা। শাৰীৰিক বাধা কেতিয়াও নহয় উন্নতিৰ হেঙাৰ, তাকে প্ৰমাণ কৰি দেখুৱালে ৰামচন্দ্ৰ আগৰৱালাই। আৰু পঢ়কঃ আশ্বৰ্যকৰ! গছত ফল-ফুলহে লাগে, কিন্তু এইজোপা গছত লাগে চকী !

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি