--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি দেশৰ বিভিন্ন ৰাজ্যই ডেংগুৰ প্ৰাদুৰ্ভাৱক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশতে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ প্ৰাদুৰ্ভাৱত প্ৰতি বছৰে বহু লোকে মৃত্যুক আকোৱলি ল’ব লগীয়া হয়। বিশেষকৈ ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱাৰ লগতে মৃত্যুৰ হাৰো বাঢ়ে। 

২০১৬ চনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি যদেশৰ ভিতৰতে মেলেৰিয়াত মৃত্যুৰ হাৰ সৰ্বাধিক ওড়িশাত, তাৰ পিছতে পশ্চিম বংগ।বিশ্ব স্বাস্থ্য সংস্থাৰ এক অধ্যয়নে এই পৰিস্থিতি সলনি হৈছে বুলি প্ৰকাশ পাইছে। WHOৰ প্ৰতিবেদন অনুসৰি বিগত দুটা বছৰত ভাৰতত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ যথেষ্ট হ্ৰাস পাইছে। মৃতকৰ সংখ্যাও তুলনামূলকভাৱে কম হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ‘বিশ্ব মেলেৰিয়া প্ৰতিবেদন-২০২৪’ত দাবী কৰা হৈছে যে ২০২৩ চনৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাইছে। সমীক্ষাটোত মেলেৰিয়া আক্ৰান্তৰ সংখ্যা প্ৰায় ৯৩ শতাংশলৈ হ্ৰাস পাইছে বুলি প্ৰকাশ পাইছে। মেলেৰিয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও প্ৰায় ৬৮ শতাংশলৈ হ্ৰাস পাইছে।বিশ্ব স্বাস্থ্য সংস্থাৰ সদৰি কৰা মতে কেৱল ভাৰতেই নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাইছে। বাংলাদেশ, নেপাল, ইণ্ডোনেছিয়াত যোৱা বছৰৰ তুলনাত মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।

ডব্লিউএইচঅ’ৰ গৱেষকসকলে কয় যে ডেংগু আৰু মেলেৰিয়াৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। সঠিক সময়ত ৰোগ চিনাক্তকৰণ আৰু ইয়াৰ উপযুক্ত চিকিৎসা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে কিয়নো মেলেৰিয়াৰ কোনো সুকীয়া লক্ষণ দেখা নাযায়। এই ৰোগৰ প্ৰথম লক্ষণ হ’ল জ্বৰ। মেলেৰিয়াত আক্ৰান্ত হ’লে কঁপি কঁপি জ্বৰ হয়। কেতিয়াবা জ্বৰ কমে আৰু কেতিয়াবা তীব্ৰ হয়। তেনে লক্ষণে দেখা দিলে ভুক্তভোগী জনৰ মেলেৰিয়া হোৱা বুলি সন্দেহ কৰা হয়। জ্বৰ হ’লে কোনো প্ৰাথমিক প্ৰতিষেধকৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। আৰু তেজৰ পৰীক্ষাৰ পিছত মেলেৰিয়া ধৰা পৰিলে উপযুক্ত চিকিৎসা লাভ কৰিব৷।

লগতে মহৰ বংশ বৃদ্ধি ৰোধ কৰাটোৱে ডেংগু আৰু মেলেৰিয়াৰ  প্ৰথম আৰু প্ৰাথমিক চৰ্ত। ইয়াৰ বাবে ঘৰৰ ক’তো পানী জমা হ’বলৈ দিব নালাগে। এই ৰোগৰ মহে ফুলৰ টাব, টায়াৰ, ভঙা পাত্ৰত জমা হৈ থকা পানীত প্ৰজনন কৰে। সেই দিশত সাৱধান হ’ব লাগে। ৰাতি আৰু শুই থকাৰ সময়ত আঁঠোৱা ব্যৱহাৰ কৰিব লাগে। উল্লেখনীয় যে ইতিমধ্যে চৰকাৰী বা ব্যক্তিগত খণ্ডত মহ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ