--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিলাহী খালে শৰীৰত বহুতো উপকাৰ পোৱা যায়। দৰাচলতে বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট থাকে। সেয়ে শীতকালত বিলাহীয়ে স্বাস্থ্যজনিত বহু সমস্যা দূৰ কৰে। শীতকালত বিলাহীয়ে শৰীৰক জলসঞ্চিত কৰি ৰখাৰ উপৰি স্বাস্থ্যৰ হকে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান প্ৰদান কৰে।

প্ৰতিদিনে বিলাহী খোৱাৰ উপকাৰিতা-

১. হৃদযন্ত্ৰৰ বাবে উপকাৰী:-বিলাহীত প্ৰচুৰ পৰিমাণে লাইকোপেন পোৱা যায়। ইয়াত পোৱা এন্টিঅক্সিডেন্ট হৃদৰোগৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা ১৪ শতাংশ হ্ৰাস পায়। ই তেজত থকা কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাৰ লগতে শৰীৰত এইচ ডি এল কলেষ্টেৰল বৃদ্ধি কৰে। ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

২. ডায়েবেটিছত উপকাৰী:-এজন ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে ১টাকৈ  বিলাহী খাব লাগে। কাৰণ বিলাহীত পোৱা লাইকোপেনে ইনচুলিন কোষৰ উন্নতি সাধন কৰাৰ লগতে কোষবোৰক ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰি শৰীৰত আঁহৰ বিপাকীয় হাৰ বৃদ্ধি কৰে যাৰ ফলত ডায়েবেটিছ হ্ৰাস কৰে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:-বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে। ইয়াৰ উপৰি ইয়াত বিটা-কেৰটিন থাকে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এক গৱেষণাৰ অনুসৰি বিলাহীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা কোষ বৃদ্ধি কৰে আৰু বহু ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে।

৪. কোষ্ঠকাঠিন্য প্ৰতিৰোধত সহায়ক:-বিলাহীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদানৰ লগতে আঁহ থাকে। বিলাহীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা যৌগ থাকে যিয়ে বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে প্ৰতিদিনে বিলাহী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ