--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিলাহী খালে শৰীৰত বহুতো উপকাৰ পোৱা যায়। দৰাচলতে বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট থাকে। সেয়ে শীতকালত বিলাহীয়ে স্বাস্থ্যজনিত বহু সমস্যা দূৰ কৰে। শীতকালত বিলাহীয়ে শৰীৰক জলসঞ্চিত কৰি ৰখাৰ উপৰি স্বাস্থ্যৰ হকে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান প্ৰদান কৰে।

প্ৰতিদিনে বিলাহী খোৱাৰ উপকাৰিতা-

১. হৃদযন্ত্ৰৰ বাবে উপকাৰী:-বিলাহীত প্ৰচুৰ পৰিমাণে লাইকোপেন পোৱা যায়। ইয়াত পোৱা এন্টিঅক্সিডেন্ট হৃদৰোগৰ বাবে অতি উপকাৰী। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা ১৪ শতাংশ হ্ৰাস পায়। ই তেজত থকা কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাৰ লগতে শৰীৰত এইচ ডি এল কলেষ্টেৰল বৃদ্ধি কৰে। ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

২. ডায়েবেটিছত উপকাৰী:-এজন ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে ১টাকৈ  বিলাহী খাব লাগে। কাৰণ বিলাহীত পোৱা লাইকোপেনে ইনচুলিন কোষৰ উন্নতি সাধন কৰাৰ লগতে কোষবোৰক ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰি শৰীৰত আঁহৰ বিপাকীয় হাৰ বৃদ্ধি কৰে যাৰ ফলত ডায়েবেটিছ হ্ৰাস কৰে।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:-বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে। ইয়াৰ উপৰি ইয়াত বিটা-কেৰটিন থাকে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এক গৱেষণাৰ অনুসৰি বিলাহীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা কোষ বৃদ্ধি কৰে আৰু বহু ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰে।

৪. কোষ্ঠকাঠিন্য প্ৰতিৰোধত সহায়ক:-বিলাহীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদানৰ লগতে আঁহ থাকে। বিলাহীত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা যৌগ থাকে যিয়ে বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে প্ৰতিদিনে বিলাহী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক