--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেউজীয়া আপেল খাই পাইছেনে? বহু লোকেই এই আপেল খাই পোৱা নাই বা বহুতে দেখা নাই। আজিকালি বজাৰত সেউজীয়া আপেলো দেখিবলৈ পোৱা যায়। আপেলত লুকাই আছে স্বাস্থ্যৰ সম্পদ। প্ৰতিদিনে আপেল খালে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ সাধন হয়। বেছিভাগ ঠাইতে ৰঙা আপেল খোৱাটো এটা ট্ৰেণ্ড, কিন্তু সেউজীয়া আপেলো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। সেউজীয়া আপেলত কেলচিয়াম, আইৰণ, ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট আদি গুণ আছে, যিয়ে শৰীৰক উপকৃত কৰাৰ লগতে ৰোগবোৰ দূৰত ৰাখে।

সেউজীয়া আপেলৰ উপকাৰিতা

১) হাওঁফাওঁক উপকৃত কৰেঃ সেউজীয়া আপেলে হাওঁফাওঁক উপকৃত কৰে। ইয়াৰ সেৱনে হাওঁফাওঁ শক্তিশালী কৰে। শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ক্ষেত্ৰতো ই সকাহ দিয়ে।

২) চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ সেউজীয়া আপেলত ভিটামিন এ ভাল পৰিমাণে থাকে, যিটো চকুৰ বাবে উপকাৰী। 

৩) ওজন কমোৱাঃ ইয়াত মিনাৰেল, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। ইয়াক খালে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পায়। সেউজীয়া আপেলে প্ৰচুৰ শক্তি দিয়ে। ইয়াক দৈনিক খালে ওজন কমোৱাত সহায়ক হ’ব পাৰে।

৪) পাচনত উপকাৰীঃ হজম শক্তিৰ বাবে সেউজীয়া আপেল অতি উপকাৰী বুলি ধৰা হয়। ইয়াত থকা আঁহবোৰ হজম কাৰ্য্যত অতি উপকাৰী। সেউজীয়া আপেল খালে মেটাবলিজম উন্নত হয়।

৫) লিভাৰ শক্তিশালী কৰেঃ সেউজীয়া আপেলত থকা পুষ্টিকৰ উপাদানে লিভাৰক শক্তিশালী কৰাৰ কাম কৰে। সেউজীয়া আপেলত এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ পোৱা যায়। এইবোৰ হজম শক্তিৰ বাবে উপকাৰী।

৬) হাড়বোৰ শক্তিশালী কৰি তোলেঃ সেউজীয়া আপেলত কেলচিয়াম ভাল পৰিমাণে থাকে। হাড়ৰ স্বাস্থ্যৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। বয়সৰ পাছত মহিলাৰ হাড় দুৰ্বল হ’বলৈ ধৰে। এনে অৱস্থাত আপুনি দৈনিক সেউজীয়া আপেল সেৱন কৰিব পাৰে।

৭) মানসিক স্বাস্থ্যৰ বাবে উপকাৰীঃ সেউজীয়া আপেলত কুৱেৰচেটিন নামৰ এবিধ মৌল পোৱা যায়। মানসিক স্বাস্থ্য শক্তিশালী কৰাৰ বাবে সেউজীয়া ৰঙৰ আপেল অতি উত্তম বুলি গণ্য কৰা হয়। এলঝেইমাৰ ৰোগত আক্ৰান্ত লোকসকলে নিয়মিতভাৱে সেউজীয়া আপেল সেৱন কৰিব লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক