--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে দিল্লী চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। দিল্লী চৰকাৰে সকলো চৰকাৰী বিদ্যালয়ক আধুনিকীকৰণ কৰাৰ বাবে হাতে-কামে লাগিছে। যোৱা কেইবছৰমানৰ পৰা দিল্লী চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত বহুতো সুবিধা প্ৰদান কৰিছে। চৰকাৰৰ এই ব্যৱস্থাত অভিভাৱকসকলে সুখী হৈ চৰকাৰৰ কামৰ শলাগ লৈছে। এতিয়া এই শিক্ষাখণ্ডখণ্ডটোত আৰু অধিক নতুনত্ব আনিবৰ বাবে কেজৰিৱাল চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। 

দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত শীঘ্ৰেই চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব আৰু অভিভাৱকসকলৰ সৈতে লাইভ ফিড শ্বেয়াৰ কৰা হ’ব বুলি এক সূত্ৰত প্ৰকাশ পাইছে। আম আদমী পাৰ্টিয়ে ২০১৯ চনত সকলো চৰকাৰী বিদ্যালয়তে চিচিটিভি কেমেৰা স্থাপন কৰাৰ লগতে অভিভাৱকসকলক শ্ৰেণীকোঠাৰ লাইভ ফিড দিয়াৰ কথা ঘোষণা কৰিছিল। জানিব পৰা অনুসৰি পিডব্লিউডিয়ে শ্ৰেণীকোঠা আৰু বিদ্যালয় নিৰ্মাণৰ প্ৰকল্প কাৰ্যকৰী কৰি আছে আৰু শ্ৰেণীকোঠাত চিচিটিভি স্থাপনৰ পৰিকল্পনা কৰি আছে। তদুপৰি অভিভাৱক সকলৰ লগত ফিড ভাগ-বতৰা কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সকলোবোৰ দিল্লীৰ শিক্ষা বিভাগৰ উৰ্বৰ মগজুৰ সৃষ্টি বুলি চৰ্চা আৰম্ভ হৈছে। এই অভিনৱ পদক্ষেপৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে পাঠদান ব্যৱস্থাত স্বচ্ছতা নিশ্চিত কৰা। 

শিক্ষা বিভাগৰ পৰিকল্পনাত কোৱা হৈছে যে অভিভাৱকৰ সৈতে সকলোবোৰ ভাগ-বতৰা কৰিলে স্বচ্ছতা নিশ্চিত হ’ব আৰু তেওঁলোকৰ সন্তানে বিদ্যালয়ত কি পঢ়িছে বা কি শিকিছে এই সকলোবোৰ কথা অভিভাৱকে জানিব পাৰিব। লাইভ চিচিটিভি ভিডিঅ’ ফুটেজ উপলব্ধ কৰিবলৈ অভিভাৱকসকলক ব্যক্তিগত আইডি আৰু পাছৱৰ্ডৰ সৈতে ব্যক্তিগত সুৰক্ষিত লগইন প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। ছাত্ৰ-ছাত্ৰীৰ সবিশেষ আৰু অভিভাৱকৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি সকলো চৰকাৰী বিদ্যালয়ে পিডব্লিউডিক প্ৰদান কৰিব আৰু সকলোবোৰ ইয়াৰ চফটৱেৰত আপডেট কৰা হ’ব। দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত চিচিটিভি কেমেৰা স্থাপনৰ নির্মাণ কাম পিডব্লিউডিৰ জৰিয়তে কৰা হ’ব৷ 

কিছুদিনৰ পৰা পিডব্লিউডিয়ে এনে বিদ্যালয় আৰু শ্ৰেণীকোঠা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে য’ত চি চি টিভি কেমেৰা লগোৱা হ’ব। কোৱা হৈছে যে, চিচিটিভি কেমেৰাৰ সহায়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অভিভাৱকে চকু ৰখাই নহয়, শিক্ষকসকলে কেনেদৰে পাঠদান কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ লগত কেনে ব্যৱহাৰ কৰে তাৰ ওপৰতো অভিভাৱকে নজৰ ৰাখিব পাৰিব। চিচিটিভি কেমেৰা স্থাপন কৰাৰ পিছত অভিভাৱকসকলে নিজৰ সন্তানৰ কাৰ্যকলাপ, শিশুটি কেনেকৈ বিদ্যালয়লৈ আহে, বিদ্যালয়ত কেনেদৰে আচৰণ কৰে আৰু পঢ়া-শুনা কেনেদৰে কৰে সেই বিষয়ে জানিব পাৰিব। ইয়াৰ ফলত বিদ্যালয় প্ৰশাসন আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ মাজত এক স্বচ্ছতা আহিব বুলি ভবা হৈছে। দিল্লী চৰকাৰৰ এই পদক্ষেপক সকলোৱে একমুখে শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য