--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : ভাৰতবৰ্ষ এখন নদীপ্ৰধান দেশ আৰু ইয়াৰ বিভিন্ন প্ৰদেশেৰে বৈ আছে ৪০০খনতকৈও অধিক নৈ-উপনৈ। কিন্তু আজি আমি ক’ব ওলাইছো এখন ব্যতিক্ৰমী নদীৰ কথা, যি বাকী নদীবোৰতকৈ সম্পূৰ্ণ পৃথক। যাৰ পানীত পোৱা যায় বহু সোণ। সেই নদীখনৰ নাম জানেনে?

 পানীত সোণ পোৱা এই নৈখনৰ নাম সুবৰ্ণৰেখা। কেৱল নৈখনৰ নামটোৰ অৰ্থ সোণ নহয়, ইয়াৰ পানীতো পোৱা যায় বহুতো সোণ। এই নৈখনে এতিয়া হৈ পৰিছে স্থানীয় লোকৰ একমাত্ৰ উপাৰ্জনৰ উৎস। ঝাৰখণ্ডৰ তামাৰ আৰু সৰন্দাত যুগ যুগ ধৰি নদীৰ পৰা সোণ পৰিশোধন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে ইয়াৰ স্থানীয় বাসিন্দাসকলে। এই নৈৰ উৎস ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত। ঝাৰখণ্ডৰ পৰা আৰম্ভ কৰি ই প্ৰথমে পশ্চিমবংগৰ মাজেৰে আৰু তাৰ পাছত ওড়িশাৰ মাজেৰে বৈ গৈ শেষত বংগোপসাগৰত পৰে।

 উল্লেখ্য যে, বহু বছৰ ধৰি বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা আৰু বহু প্ৰচেষ্টা কৰিও আজিপৰ্যন্ত সুবৰ্ণৰেখা নদীত সোণ কিয় পোৱা যায় সেই কথা স্পষ্ট হ’ব পৰা নাই। ৪৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ স্থানীয় নাম ‘কাৰকৰী নদী। কিন্তু বিজ্ঞানীসকলৰ মতে নদীখনৰ অধিকাংশই শিলৰ ওপৰেৰে বৈ যায়, সেয়ে তাৰ পৰা সোণ অহাৰ সম্ভাৱনা বেছি। কিন্তু তেওঁলোকে নিশ্চিতভাৱে একো কব পৰা নাই।

 অৱশ্যে এই নদীৰ পৰা সোণ উলিওৱাটো একেবাৰে সহজ কথা নহয়। ইয়াৰ বাবে তেওঁলোকে গোটেই দিনটো পৰিশ্ৰম কৰিবলগা হয়। সোণৰ পৰিমাণ অতি কম হোৱাৰ বাবে ইয়াৰ স্থানীয় বাসিন্দাসকলৰ আয় বৰ বেছি নহয়। দিনটোৰ বহু কষ্টৰ অন্ততহে সৰ্বাধিক ৬০ৰ পৰা ৭০টা সোণৰ কণা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই সোণৰ কণা ৮০ৰ পৰা ১০০ টকা (ভাৰতীয় টকা)ত বিক্ৰী কৰিব পাৰে। সেই হিচাপে এই কামত জড়িত শ্ৰমিকসকলে মাহে প্ৰায় ৮ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন