--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া। ড০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ৪৮ বছৰীয়া ভগৱন্ত মান। এই বিয়াখনত তেওঁলোকৰ পৰিয়াল আৰু খুব ঘনিষ্ঠ মানুহকেইজনহে উপস্থিত থাকিব। দুয়োটা পৰিয়ালে কেৱল নিজৰ বিশেষ আত্মীয়কহে বিয়াৰ বাবে মাতিছে। বিয়ালৈ যদিও কম মানুহক নিমন্ত্ৰণ দিয়া হৈছে তেওঁলোকৰ আতিথ্যত কিন্তু অলপো কৃপণালি কৰা হোৱা নাই। ভগৱন্ত মান আৰু গুৰপ্ৰীত কৌৰৰ বিয়াত অতিথিসকলক কিহেৰে আপ্যায়ন কৰা হ’ব তাৰ খাদ্য মেন্যুখন পোহৰলৈ আহিছে। 

ভেজিটেবল আইটেমত আছে কাঢ়াই পনীৰ, মাছৰুম পিঁয়াজ, এপ্ৰিকোট ষ্টাফড কুফ্টা, কালোনজী আলু, ভেজটিবেল জলফ্ৰেজী, চানা মছলা, তন্দুৰী কুলচা, দল মাখানী।ইয়াৰ বিপৰীতে ছুইট ডিজাৰ্টত থাকিব মুগ দাল হালৱা, শ্বাহী টুকড়া, আংগুৰি ৰসমালাই, মাহ দি জলেবি, আইচক্ৰীম, ড্ৰাই ফ্ৰুটছ ৰাবৰী, ফ্ৰেচ ফ্ৰুট ট্ৰিফল, গুলাব জামুন। জিৰা অনিয়ন পোলাও, নৱৰতন বিৰিয়ানী, বুৰানী ৰায়তা, পাপড়, চাটনি, ছয় প্ৰকাৰৰ চালাদ আদিৰে ভৰপূৰ হৈ থাকিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বিয়াৰ মেনু। ভগৱন্ত মানৰ এইখন দ্বিতীয় বিবাহ। এই বিবাহৰ পৰিকল্পনা অতি গোপনভাৱে কৰা হৈছিল। আনকি কিছুমান আত্মীয়ই টিভিৰ পৰাহে এই বিবাহৰ তথ্য লাভ কৰা বুলিও জনাইছিল। এই বিয়াত এটা সৰু অনুষ্ঠান পৰিবেশন কৰা হ’ব য’ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰিয়াল উপস্থিত থাকিব। দৰাৰ পিতৃৰ ৰীতি-নীতি অৰবিন্দ কেজৰিৱালে সম্পন্ন কৰিব। ইয়াৰ বাহিৰেও ৰাঘৱ চাধা ইতিমধ্যে মানৰ ঘৰ পোৱাৰ পিছতেই বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।
 ভগৱন্ত মানৰ কইনা ড০ গুৰপ্ৰীত কৌৰ কোন? ৩২ বছৰীয়া গুৰপ্ৰীত কৌৰৰ ঘৰ হাৰিয়ানাত। বৰ্তমান তেওঁ আৰু তেওঁৰ পৰিয়াল পঞ্জাৱৰ ৰাজপুৰাত বাস কৰে। গুৰপ্ৰীত তেওঁৰ পৰিয়ালৰ তৃতীয়গৰাকী ছোৱালী, তেওঁৰ দুগৰাকী বায়েক আছে। গুৰপ্ৰীতৰ দুয়োগৰাকী বায়েক বিদেশত থাকে। পিতৃয়ে কৃষিৰ কাম চোৱা-চিতা কৰে। গুৰপ্ৰীতে মহৰ্ষি মাৰকান্দেশ্বৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা এম বি বি এছ কৰিছে। সম্প্ৰতি বিয়াখনৰ বাবে এসপ্তাহৰ বাবে চণ্ডীগড়লৈ আহিছে গুৰপ্ৰীতৰ পৰিয়াল। তথ্য অনুসৰি গুৰপ্ৰীত কৌৰ ভগৱন্ত মানৰ পৰিয়ালৰ সৈতে আগৰে পৰা যোগাযোগত আছিল। মানৰ পৰিয়ালক তেওঁ বহুবাৰ লগ পাইছে। মানৰ শপত গ্ৰহণ অনুষ্ঠানতো অংশ লৈছিল গুৰপ্ৰীত কৌৰে। 

গুৰপ্ৰীত কৌৰৰ পিতৃৰ নাম ইন্দৰজিৎ সিং আৰু মাতৃৰ নাম ৰাজ কৌৰ। তথ্য অনুসৰি ২০১৯ চনত গুৰপ্ৰীতে ভগৱন্ত মানক লগ পাইছিল। মান তেতিয়া সাংসদ আছিল। একে সময়তে প্ৰায় ডেৰ বছৰ আগতে তেওঁ ভগৱন্ত মানৰ পৰিয়ালক লগ পাইছিল। মানৰ মাক আৰু ভনীয়েকে গুৰপ্ৰীতক বৰ ভাল পাইছিল। জানিব পৰা অনুসৰি গুৰপ্ৰীত কৌৰেও ৰাজনীতিত যোগদান কৰিবলৈ আগ্ৰহী। কিন্তু গুৰপ্ৰীতৰ পৰিয়ালে বিচাৰিছিল যে প্ৰথমে তেওঁৰ বিয়াখন হওক। এই বিবাহৰ লগে লগে গুৰপ্ৰীতৰ ৰাজনীতিৰ দুৱাৰো খোল খাব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ