--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কুইন হিচাবে পৰিচিত কংগনা ৰাণাৱটে সময়ে সময়ে নানান বিষয়ত মাত মাতি আহিছে। বহু সময়ত বিতৰ্কৰো সূত্ৰপাত ঘটাই আহিছে। কংগনাৰ স্পষ্টবাদী হিচাবে নামো আছে।  এতিয়া অভিনেত্ৰীগৰাকীয়ে দেশৰ যুৱ প্ৰজন্মক দেশৰ প্ৰতি  দায়বদ্ধ কৰাৰ বাবে এটা নতুন উপায় উদ্ভাৱন কৰিছে। 

কংগনাই শেহতীয়াকৈ এইবুলি পৰামৰ্শ আগবঢ়াইছে "স্নাতক হোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ বাবে  সামৰিক প্ৰশিক্ষণ বাধ্যতামূলক হ'ব লাগে। তেতিয়াহে যুৱ প্ৰজন্ম ভণ্ডামি আৰু দায়িত্বহীনতাৰ পৰা মুক্ত হ'ব। সেই সময়ৰ পৰাই শিক্ষাৰ্থীসকলক অনুশাসন শিকোৱা উচিৎ। কাৰণ তেওঁলোক দেশৰ ভৱিষ্যত।’’ কেৱল সেয়াই  নহয়, কংগনাই বলীউডৰ তাৰকা আৰু ক্ৰিকেট তাৰকাসকলৰ আচৰণৰ বিষয়তো  প্ৰশ্ন উত্থাপন কৰিছে।

কংগনাই কয় "যেতিয়া বলীউডৰ তাৰকাসকলে চীনা শিল্পীসকলক প্ৰশংসা কৰে, ক্ৰিকেটাৰসকলে পাকিস্তানী ক্ৰিকেটাৰসকলক আলিঙ্গন কৰে, সীমান্তত বহি থকা সেনা জোৱানসকলে সুধিছে, আমিয়েই  অকলে চীন আৰু পাকিস্তানক শত্ৰু বুলি বিবেচনা কৰোঁ নেকি? দুয়োখন দেশৰ মাজৰ সংঘাত আৰু উত্তেজনা কেৱল আমাৰ বাবেই নেকি? আৰু সেই কাৰণে আমি পাকিস্তানক  উত্তৰ দিবলৈ 'তেজছ' বনাইছিলো। যেতিয়া এজন সৈনিকে সীমান্তত যুঁজি থাকে, দেশৰ বহুতে  ঘৰত বহি তেওঁৰ বিষয়ে অপমানজনক মন্তব্য কৰে’’।   কংগনাই বিদেশী সামগ্ৰী পৰিহাৰ কৰিব লাগে বুলিও কয়। 

কংগনাক পৰৱৰ্তী সময়ত 'তেজছ'ত দেখা যাব। শেহতীয়াকৈ, ছবিখনৰ ট্ৰেইলাৰ ভাৰতীয় বায়ু সেনা দিৱসত মুকলি কৰা হৈছিল। ছবি খনত অভিনেত্ৰীগৰাকীক এজন যুঁজাৰু পাইলটৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ