--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কুইন হিচাবে পৰিচিত কংগনা ৰাণাৱটে সময়ে সময়ে নানান বিষয়ত মাত মাতি আহিছে। বহু সময়ত বিতৰ্কৰো সূত্ৰপাত ঘটাই আহিছে। কংগনাৰ স্পষ্টবাদী হিচাবে নামো আছে।  এতিয়া অভিনেত্ৰীগৰাকীয়ে দেশৰ যুৱ প্ৰজন্মক দেশৰ প্ৰতি  দায়বদ্ধ কৰাৰ বাবে এটা নতুন উপায় উদ্ভাৱন কৰিছে। 

কংগনাই শেহতীয়াকৈ এইবুলি পৰামৰ্শ আগবঢ়াইছে "স্নাতক হোৱাৰ পিছত শিক্ষাৰ্থীসকলৰ বাবে  সামৰিক প্ৰশিক্ষণ বাধ্যতামূলক হ'ব লাগে। তেতিয়াহে যুৱ প্ৰজন্ম ভণ্ডামি আৰু দায়িত্বহীনতাৰ পৰা মুক্ত হ'ব। সেই সময়ৰ পৰাই শিক্ষাৰ্থীসকলক অনুশাসন শিকোৱা উচিৎ। কাৰণ তেওঁলোক দেশৰ ভৱিষ্যত।’’ কেৱল সেয়াই  নহয়, কংগনাই বলীউডৰ তাৰকা আৰু ক্ৰিকেট তাৰকাসকলৰ আচৰণৰ বিষয়তো  প্ৰশ্ন উত্থাপন কৰিছে।

কংগনাই কয় "যেতিয়া বলীউডৰ তাৰকাসকলে চীনা শিল্পীসকলক প্ৰশংসা কৰে, ক্ৰিকেটাৰসকলে পাকিস্তানী ক্ৰিকেটাৰসকলক আলিঙ্গন কৰে, সীমান্তত বহি থকা সেনা জোৱানসকলে সুধিছে, আমিয়েই  অকলে চীন আৰু পাকিস্তানক শত্ৰু বুলি বিবেচনা কৰোঁ নেকি? দুয়োখন দেশৰ মাজৰ সংঘাত আৰু উত্তেজনা কেৱল আমাৰ বাবেই নেকি? আৰু সেই কাৰণে আমি পাকিস্তানক  উত্তৰ দিবলৈ 'তেজছ' বনাইছিলো। যেতিয়া এজন সৈনিকে সীমান্তত যুঁজি থাকে, দেশৰ বহুতে  ঘৰত বহি তেওঁৰ বিষয়ে অপমানজনক মন্তব্য কৰে’’।   কংগনাই বিদেশী সামগ্ৰী পৰিহাৰ কৰিব লাগে বুলিও কয়। 

কংগনাক পৰৱৰ্তী সময়ত 'তেজছ'ত দেখা যাব। শেহতীয়াকৈ, ছবিখনৰ ট্ৰেইলাৰ ভাৰতীয় বায়ু সেনা দিৱসত মুকলি কৰা হৈছিল। ছবি খনত অভিনেত্ৰীগৰাকীক এজন যুঁজাৰু পাইলটৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু