--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি প্ৰবল জোকাৰণি সৃষ্টি কৰা হিজাব বিতৰ্কৰ ওপৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে ঐতিহাসিক ৰায়দান। স্কুল-কলেজত পিন্ধিব নোৱাৰিব হিজাব।হিজাব নিষিদ্ধৰ বিৰুদ্ধে দাখিল সকলো আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে কয় যে ইছলাম ধৰ্মত হিজাব পিন্ধাটো বাধ্যতামূলক নহয়। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থী, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম কাজীৰ পূৰ্ণ বিচাৰপীঠ উডুপীৰ যুৱতীৰ আবেদনৰ শুনানিৰ বাবে গঠন কৰা হৈছিল। এই ছাত্ৰীসকলে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যে তেওঁলোকক বিদ্যালয়ত ইউনিফৰ্মৰ লগতে হিজাব পিন্ধাৰ অনুমতি দিয়া হওক। তেওঁলোকে কৈছিল যে এয়া তেওঁলোকৰ ধৰ্মীয় আস্থাৰ অংশ।হিজাব গোচৰৰ শুনানি গ্ৰহণ কৰি থকা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠত হাজিৰ হোৱা ৰাজ্যিক অধিবক্তা জেনেৰেল প্ৰভুলিঙ্গ নাভাদগীয়ে কৈছিল, “হিজাব এটা প্ৰয়োজনীয় ধৰ্মীয় পৰম্পৰা নহয়। ড০ ভীমৰাও আম্বেদকাৰে সংবিধান সভাত কৈছিল যে “আমি আমাৰ ধৰ্মীয় নিৰ্দেশনাবোৰ শিক্ষানুষ্ঠানৰ বাহিৰত ৰাখিব লাগে”। উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিৰাপত্তাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বেংগালুৰুতো জাৰি কৰা হৈছে ১৪৪ ধাৰা। লগতে কৰ্ণাটক হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থীৰ আৱাসৰ বাহিৰতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। আৰু পঢ়কঃ কাকো মুখ দেখুৱাৰ যোগ্য নহয়! জেকেটেৰে সম্পূৰ্ণ মুখ ঢাকি চিনেমা চাবলৈ আহিল ৰাজ কুন্দ্ৰা BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক