--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্টম আয়ুৰ্বেদ দিৱস উপলক্ষে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে কয় যে পাৰমাণৱিক শক্তি, কীটনাশক আৰু প্ৰদূষিত পৰিৱেশৰ এই যুগত আয়ুৰ্বেদ এক আশীৰ্বাদ। নিৰন্তৰ প্ৰচেষ্টাৰে আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ দেশতে ৮ হাজাৰৰো অধিক সুস্থতা কেন্দ্ৰ স্থাপন কৰিছে। আয়ুষ খণ্ডৰ সেৱা প্ৰদান আৰু অধিক শক্তিশালী কৰাৰ বাবে আয়ুষ গ্ৰীড প্ৰকল্প আৰম্ভ কৰা হয় আৰু ইয়াক শক্তিশালী কৰাৰ ব্যৱস্থা কৰা হৈছে। আয়ুৰ্বেদ দিৱস প্ৰতি বছৰে ধনবন্তৰী জয়ন্তীত উদযাপন কৰা হয়। প্ৰতি বছৰে এই অনুষ্ঠান আয়োজনৰ জৰিয়তে সমগ্ৰ বিশ্বতে আয়ুৰ্বেদ দিৱসৰ প্ৰচাৰ বৃদ্ধি পাইছে। 

বিশ্বব্যাপী প্ৰচাৰৰ বাবে সমগ্ৰ বিশ্বতে ঔষধি উদ্ভিদ খেতিৰ প্ৰয়োজনীয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। এইবাৰ অষ্টম আয়ুৰ্বেদ দিৱস উপলক্ষে আয়ুৰ্বেদ দিৱসৰ এটা মাইক্ৰ’ৱেবছাইট তৈয়াৰ কৰা হয় যিয়ে সমগ্ৰ বিশ্বৰ প্ৰায় ২০ কোটি লোকৰ সমৰ্থন লাভ কৰে।  ভাষণত শ্ৰী সোণোৱালে কয় যে আয়ুৰ্বেদ দিৱসৰ বিশ্বব্যাপী অভিযান ‘এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ’ৰ বাৰ্তা আৰু জি-২০ বৈঠকৰ বিশ্বব্যাপী বিষয়বস্তু ‘বসুধৈৱ কুটুম্বকম-ই যি অনন্য সাঁচ বহুৱাইছে তাক সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে।

                                                                                     

কাৰ্যসূচীৰ বিশেষ অতিথি হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ শ্ৰী জ্ঞান চান্দ গুপ্তাই দেশ তথা বিশ্বই বৃহৎ পৰিসৰত আয়ুৰ্বেদ দিৱস উদযাপন কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ক প্ৰশংসা কৰাৰ লগতে আয়ুৰ্বেদৰ উন্নয়নৰ বাবে হাৰিয়ানা চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে তাৰ ওপৰতো আলোকপাত কৰে।

আয়ুৰ্বেদ দিৱস উদযাপনত উপস্থিত থকা কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত মুঞ্জাপাৰা মহেন্দ্ৰ ভাইয়ে কয় যে আয়ুৰ্বেদিক ঔষধৰ আণৱিক গুণ  সম্বন্ধে জানিবলৈ আই আই টি, এইমছ, চি এছ আই আৰৰ দৰে প্ৰতিষ্ঠানসমূহে আয়ুষৰ সৈতে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। ইছৰো (ভাৰতীয় মহাকাশ গৱেষণা সংস্থা)ৰ সহায়ত সমগ্ৰ দেশতে উপলব্ধ ঔষধি উদ্ভিদৰ মেপিং কৰা হৈছে। শ্ৰী মুনাজপাৰাই কয় যে আয়ুৰ্বেদ কেৱল মানুহৰ স্বাস্থ্যৰ মাজতে সীমাবদ্ধ নহয়, ইয়াৰ লগত জড়িত আন আন ধাৰাও আছে যেনে বৃক্ষয়ুৰ্বেদ, পশু আয়ুৰ্বেদ এই সকলোবোৰ মিলি এক সুস্থ আয়ুৰ্বেদ পৰিৱেশৰ সৃষ্টি কৰে। এফএছএছএআই-ৰ দ্বাৰা আয়ুৰ্বেদ খাদ্য নিয়ন্ত্ৰণৰ অধিসূচনা আয়ুষৰ বাবে এক বৃহৎ সফলতা।

এই উপলক্ষে আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই কয় যে অষ্টম আয়ুৰ্বেদ দিৱস উদযাপনৰ বাবে বিশেষভাৱে সৃষ্টি কৰা মাইক্ৰ’ছাইটত লিপিবদ্ধ হোৱা তথ্যৰ পৰা দেখা গৈছে যে সমগ্ৰ বিশ্বৰ প্ৰায় ২০ কোটি লোকে  মুঠ ২০ হাজাৰ কাৰ্যকলাপত এই অভিযানত সহযোগিতা আগবঢ়াইছে। লগতে প্ৰায় ১৭ লাখ লোকে অংশগ্ৰহণ কৰে। এই মাইক্ৰ’ছাইটটোৱে ১০২খন দেশৰ লগতে ৪২৪টা স্থানত “ৰাণ ফৰ আয়ুৰ্বেদ”ৰ আয়োজনৰ কথা প্ৰকাশ কৰিছে। লগতে প্ৰায় ৮০খন দেশৰ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়ত বাতৰি প্ৰকাশ পায়।

                                                                                      
হাৰিয়ানাৰ অতিৰিক্ত মুখ্য সচিব ড° জি অনুপমা, সৰ্বভাৰতীয় আয়ুৰ্বেদ মহাসন্মিলনৰ সভাপতি পদ্ম ভূষণ বৈদ্য ত্ৰিগুণ জী, আয়ুষ মন্ত্ৰালয়ৰ আয়ুৰ্বেদ উপদেষ্টা বৈদ্য মনোজ নেশ্ৰীয়েও এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ৰ বিত্তীয় উপদেষ্টা তথা অতিৰিক্ত সচিব জয়দীপ মিশ্ৰ, আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব কবিতা গাৰ্গ, ৰাষ্ট্ৰীয় ভাৰতীয় চিকিৎসা ব্যৱস্থা পৰিষদৰ অধ্যক্ষ বৈদ্য জয়ন্ত দেৱপূজাৰী আৰু নেশ্যনেল কাউন্সিল ফৰ ইণ্ডিয়ান চিষ্টেম অৱ মেডিচিন আৰু চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিচাৰ্চ ইন আয়ুৰ্বেদিক বিজ্ঞানৰ সঞ্চালক প্ৰধান অধ্যাপক ৰবি নাৰায়ণ এই কাৰ্যসূচীত উপস্থিত থাকে। লগতে উপস্থিত থাকে আচাৰ্য্য আৰু বহু আয়ুৰ্বেদিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল।

উল্লেখযোগ্য যে এই অনুষ্ঠানত ৰাষ্ট্ৰীয় ধনবন্তৰী আয়ুৰ্বেদ বঁটা ঘোষণা কৰা হয়। বৈদ্য আৰ এম আৱাহাদ, বৈদ্য পি ভি দমনীয়া, বৈদ্য এল মহাদেৱন শৰ্মালৈ আয়ুৰ্বেদৰ ক্ষেত্ৰখনত বিশেষ সেৱা আগবঢ়োৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়।

'আমি আয়ুৰ্বেদৰ গণবাৰ্তাক জনসাধাৰণৰ অংশগ্ৰহণেৰে গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিব লাগিব আৰু আয়ুৰ্বেদক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰিব লাগিব'। এই বাৰ্তাৰে আয়ুৰ্বেদ দিৱসৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক