--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু শাস্ত্ৰমতে শনিবাৰৰ দিনটো শনি দেৱতাৰ বাবে সমৰ্পিত। যিলোকৰ ওপৰত শনিদেৱৰ কৃপা থাকে তেওঁলোকৰ জীৱনত ৰাজসুখ প্ৰাপ্ত হয় বুলি একাংশ লোকে ধাৰণা কৰে৷ 

কিছুলোকে বিশ্বাস কৰে যে শনিৰ কোপদৃষ্টি যাৰ ওপৰত পৰে সেইজনৰ জীৱন ধ্বংস হৈ যায়, জীৱনত বহু ধৰণৰ সমস্যা আহিবলৈ ধৰে। কোৱা হয় যে শনিক যিয়ে সচাঁ মনেৰে কিবা বিচাৰে তাৰ মনোকামনা পূৰ্ণ হয়।

শনিবাৰৰ দিনটোত শনিয়ে ভালপোৱা কেইটামান কাম কৰি শনি দেৱতাক সন্তুষ্ট কৰিব লাগে৷ ইয়াৰ দ্বাৰা শনিৰ ক্ৰোধৰ পৰা মুক্তি পায় আৰু শনি সন্তুষ্ট হয়। যিসকলে নিজৰ জীৱনত সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ বাবে এইবোৰ পথ অনুসৰণ কৰিলে সমস্যাৰ অন্ত পৰিব আৰু জীৱনত বেয়া পৰিঘটনা ঘটা বন্ধ হ’ব। গতিকে আপুনিও শনিবাৰে এনে আচৰণ কৰি শনিক সন্তুষ্ট কৰিব পাৰে!

১. দান কৰা
বিশ্বাস অনুসৰি, শনি মহাৰাজে দান-বৰঙণি ভাল পায়৷ গতিকে শনিবাৰে এই কামটো কৰক। এনে কৰিলে শনিৰ আশীৰ্বাদৰ বৰষুণ আপোনাৰ ওপৰত পৰিব, অত্যাৱশ্যকীয় সামগ্ৰী দান কৰক। প্ৰসংগক্ৰমে শনিবাৰে ক’লা ৰহৰৰ দাইল, ক’লা তিল দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।

২. শনি মন্ত্ৰ
শনিক সন্তুষ্ট কৰাৰ বাবে শনি দেৱৰ বাবে মন্ত্ৰৰ বিশেষ গুৰুত্ব আছে। এই মন্ত্ৰ জপ কৰিলে জীৱনৰ বিপদৰ অন্ত পৰে। ইয়াৰ লগতে চাকৰি আৰু ব্যৱসায়ৰ সংকটও পাৰ হৈ যায়। কোৱা হয়, শনিবাৰে শনি মন্ত্ৰ জপ কৰিলে ধন, ব্যৱসায়, চাকৰিৰ লগত জড়িত যিকোনো সমস্যা সমাধান হয় বুলি বিশ্বাস কৰা হয়।

৩. সাৰমেয় সেৱা
শনিবাৰে শনি মহাৰাজক সন্তুষ্ট কৰিবলৈ সৰ্বোত্তম দিন, এই দিনটোত ক’লা কুকুৰৰ সেৱা কৰিলে শনি সন্তুষ্ট হয়। ক’লা কুকুৰ নাপালে যিকোনো কুকুৰক সেৱা কৰি শনি দেৱক সন্তুষ্ট কৰিব পাৰে। কুকুৰৰ সেৱা কৰা আৰু কুকুৰে আশীৰ্বাদ প্ৰদান কৰা সকলৰ ওপৰত ভগৱান শনি সদায় সন্তুষ্ট হয়।

৪. ক’লা কাপোৰ আৰু জোতা দান
শনিবাৰে ক’লা কাপোৰ আৰু জোতা দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি আপোনাৰ স্বাস্থ্যজনিত সমস্যা হৈ আছে, তেন্তে আপুনি ক’লা কাপোৰ দান কৰিব লাগে। শনিবাৰে সন্ধিয়া এজন দুখীয়া লোকক ক’লা কাপোৰ আৰু জোতা দান কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ লাভালাভ হোৱাটো নিশ্চিত৷

৫. হনুমানক দৰ্শন
এইদিনা হনুমানক দৰ্শন নকৰিলে শনি প্ৰসন্ন নহয়। সেই কাৰণে শনিদেৱক পূজা কৰা পাছত হনুমানক দৰ্শন কৰিবলৈ পাহৰি নাযাব। 

৬. সৰিয়হৰ তেল দান
শনিবাৰৰ দিনটোত সৰিয়হৰ তেল দান কৰাটোও অতি লাভজনক বুলি বিশ্বাস কৰা হয়। এই দিনটোত সৰিয়হ দান কৰাৰ ফলত ৰৈ থকা কাম পুনৰ আৰম্ভ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা