ডিজিটেল ডেস্ক: আহি আছে সাগৰীয় ঘূর্ণী বতাহ ‘অৰ্ণৱ’। বংগোপ সাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপ উপকূলৰ দিশে অগ্ৰসৰ হোৱাৰ লগে লগে অতি প্রবল বৰষুণৰ আশংকাত ওড়িশা আৰু অন্ধ্র প্রদেশত সতর্কবাণী জাৰি কৰা হৈছে।
বর্তমান সময়ত এই নিম্নচাপে ঘূর্ণী বতাহৰ ৰূপ লোৱা নাই যদিও ই ঘূর্ণী বতাহলৈ ৰূপান্তৰিত হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞানে আশংকা প্রকাশ কৰিছে। উত্তৰ ভাৰত মহাসাগৰৰ ঘূর্ণী বতাহৰ নামকৰণৰ তালিকা অনুসৰি ইয়াৰ নাম 'অৰ্ণৱ' ৰখা হ'ব।
আই এম ডিয়ে প্রকাশ কৰা মতে, বুধবাৰে নিশা আৰু ২৪ ছেপ্টেম্বৰৰ পুৱতি নিশাৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম আৰু গোপালপুৰৰ মাজেৰে উত্তৰ অন্ধ্র প্রদেশ-দক্ষিণ ওড়িশা উপকূলেৰে এই ঘূর্ণী বতাহে ভূ-ভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ বাবে ওড়িশা প্রশাসনে ৰাজ্যখনৰ সাতখন জিলাত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে। উৎস: দৈনিক জনমভূমি