--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰতিষ্ঠিত আলোচনী ‘টাইম’-এ প্ৰকাশ কৰিছে  ২০২২ চনৰ 'বিশ্বৰ ১০০ জন প্ৰভাৱশালী লোক'ৰ তালিকা। ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ৰাজনীতিলৈকে বিভিন্ন ক্ষেত্ৰৰ পৰা বিশ্বৰ ১০০ জন চেলিব্ৰিটীক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে ‘টাইম আলোচনী’খনে। ভাৰতীয়ৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কৰুণা নুণ্ডী আৰু তাৰ পিছতে উদ্যোগপতি গৌতম আদানীয়ে এই তালিকাত স্থান লাভ কৰিছে। কাশ্মীৰৰ মানৱ অধিকাৰ কৰ্মী খুৰৰাম পাৰভেজকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। একে সময়তে ইউক্ৰেইন যুদ্ধৰ পাছত সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কীৰ নামো এই তালিকাত সন্নিবিষ্ট হৈছে। 

উচ্চতম ন্যায়ালয়ৰ অধিবক্তাগৰাকীৰ বিষয়ে ‘টাইম আলোচনী’-এ লিখিছে, ‘প্ৰায়ে আইনী জগতখনক কঠিন চাৰ্ট আৰু বলিষ্ঠ যুক্তিৰে চিনাকি কৰাই দিছে তেওঁ। কৰুণা নুণ্ডী অৱশ্যে কেৱল এগৰাকী অধিবক্তা নহয়, এগৰাকী ৰাজহুৱা কৰ্মীও। দক্ষতাৰে আৰু সাহসেৰে আদালতৰ কক্ষৰ ভিতৰত আৰু বাহিৰত সমাজৰ হৈ পৰিৱৰ্তনৰ বিষয়ে মাত মাতি আহিছে।’ উল্লেখ্য যে,  মহিলাৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰি অহাৰ লগতে ধৰ্ষণবিৰোধী আইনসমূহৰ সংস্কাৰৰ দিশতো পোষকতা কৰিছে কৰুণা নুণ্ডীয়ে। কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন সম্পৰ্কীয় গোচৰসমূহৰ বিৰুদ্ধেও সাহসেৰে যুঁজ অহাৰ লগতে অতি শেহতীয়াকৈ তেওঁ ভাৰতবৰ্ষৰ ধৰ্ষণ আইনক প্ৰত্যাহ্বান জনোৱাও দেখা গৈছে।

ইফালে, আদানীৰ প্ৰসংগত ‘টাইম’আলোচনীয়ে লিখিছে, ‘আদানীৰ এসময়ৰ আঞ্চলিক ব্যৱসায় এতিয়া বিমানবন্দৰ, ব্যক্তিগত বন্দৰ, সৌৰ আৰু তাপশক্তি, আৰু গ্ৰাহক সামগ্ৰীসমূহক সামৰি লৈছে। আদানী গ্ৰুপ এতিয়া বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ এক ৰাষ্ট্ৰীয় বিশাল প্ৰতিষ্ঠান, আদানীয়ে লোকচক্ষুৰ পৰা আঁতৰত থাকিলেও, নীৰৱে নিজৰ সাম্ৰাজ্য গঢ়ি তুলিছে।’

আলোচনীখনে লগতে কয়, ‘যেনেকৈ বহু দেশে বিগত সময়ত এনেদৰে গোলকীয় সংঘৰ সৃষ্টি কৰিছে, ভাৰততো ইটোৱে সিটোক শক্তিশালী কৰা অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ অভূতপূৰ্ব কেন্দ্ৰীভূতকৰণৰ মাজেৰে পাৰ হৈ গৈছে। যদি নৰেন্দ্ৰ মোদী দ্বিতীয়টোৰ প্ৰতীক, তেন্তে আদানী প্ৰথমটোৰ পোষ্টাৰ বয়, যিদৰে তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ২০২৫ চনৰ ভিতৰত ভাৰতক ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ মোদীৰ উল্লেখিত লক্ষ্যৰ সৈতে আদানীৰ যাত্ৰাৰ হয়তো এয়া মাত্ৰ আৰম্ভণিহে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ