--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ আৰ্থিক সংকট অধিক ভয়াৱহ হৈ পৰিছে। মুদ্ৰাস্ফীতিৰ হাৰ ৪৭ শতাংশলৈ বৃদ্ধি পালে। সেই দেশৰ নাগৰিকে দৈনন্দিন প্রয়োজনীয় প্রয়োজনীয় প্রয়োজন পূৰণৰ বাবে সংগ্রাম কৰি আছে৷ এনে পৰিস্থিতিত এজন শীৰ্ষ কৰ বিষয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈ এখন আকৰ্ষণীয় পত্ৰ লিখিছে।

বিষয়াগৰাকীয়ে লিখিছে যে দেশৰ আৰ্থিক সংকটৰ বাবে সংসাৰ চলাবলৈ তেওঁৰ সমস্যা হৈছে। সেয়ে নূন্যতম প্ৰয়োজনীয়তা পূৰণৰ বাবে দুৰ্নীতিৰ পথত খোজ দিয়াৰ অনুমতি প্ৰধানমন্ত্ৰীৰ পৰা বিচাৰিছে।

কৰ সংগ্ৰাহকজনে পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি কয় যে তেওঁ নিজৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে দুৰ্নীতিৰ লগত জড়িত হ’ব বিচাৰে। দুৰ্নীতিত লিপ্ত হ’বলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পৰা অনুমতি বিচাৰে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত কৰ বিষয়াগৰাকীয়ে লিখিছে, “আমাৰ প্ৰিয় দেশখনৰ এই মুহূৰ্তত বিপদজনক অৰ্থনৈতিক অৱস্থাৰ বিষয়ে মই অৱগত। আপোনাৰ চৰকাৰে দেশৰ অৰ্থনীতিত যথাৰ্থ অৱস্থা পুনৰ ঘূৰাই আনিবলৈ কোনো প্ৰচেষ্টা চলোৱা নাই।’’

চিঠিখনত তেওঁ লগতে লিখিছে যে তেওঁ যোৱা ৪ বছৰ ধৰি কৰ বিষয়া হিচাপে কাম কৰি আহিছে। কিন্তু কেতিয়াও দুৰ্নীতিৰ লগত নিজকে জড়িত কৰা নাছিল। কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতিত তেওঁৰ হাতত দুৰ্নীতি কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। দুৰ্নীতিৰ কামত জড়িত হ’লে অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰি বুলিও লিখিছে কৰ বিষয়াগৰাকীয়ে। ফলত দৈনন্দিন নূন্যতম প্ৰয়োজনীয়তা সহজেই পূৰণ কৰিব পৰা যাব।

বিগত কেইমাহমানৰ পৰা আৰ্থিক সংকটে জুৰুলা কৰি আহিছে পাকিস্তান। চৰকাৰী পৰিসংখ্যা অনুসৰি পাকিস্তানত পিয়াঁজৰ মূল্য বিগত কিছুদিনত ২২৮.২৮ শতাংশ বৃদ্ধি পাইছে। ১৬৫.৮৮ শতাংশ বৃদ্ধি পাইছে চিগাৰেটৰ মূল্য। ডিজেল আৰু কলৰ মূল্য ক্ৰমে ১০২.৮৯ শতাংশ আৰু ৮৯.১৭ শতাংশ বৃদ্ধি পাইছে।

তাৰমাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কৰ বিষয়াগৰাকীৰ এই চিঠিখন। অৱশ্যে পত্ৰখনৰ সত্যতা এতিয়াও সন্দেহৰ আৱৰ্তত আছে সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন