--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ আৰ্থিক সংকট অধিক ভয়াৱহ হৈ পৰিছে। মুদ্ৰাস্ফীতিৰ হাৰ ৪৭ শতাংশলৈ বৃদ্ধি পালে। সেই দেশৰ নাগৰিকে দৈনন্দিন প্রয়োজনীয় প্রয়োজনীয় প্রয়োজন পূৰণৰ বাবে সংগ্রাম কৰি আছে৷ এনে পৰিস্থিতিত এজন শীৰ্ষ কৰ বিষয়াই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফলৈ এখন আকৰ্ষণীয় পত্ৰ লিখিছে।

বিষয়াগৰাকীয়ে লিখিছে যে দেশৰ আৰ্থিক সংকটৰ বাবে সংসাৰ চলাবলৈ তেওঁৰ সমস্যা হৈছে। সেয়ে নূন্যতম প্ৰয়োজনীয়তা পূৰণৰ বাবে দুৰ্নীতিৰ পথত খোজ দিয়াৰ অনুমতি প্ৰধানমন্ত্ৰীৰ পৰা বিচাৰিছে।

কৰ সংগ্ৰাহকজনে পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি কয় যে তেওঁ নিজৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে দুৰ্নীতিৰ লগত জড়িত হ’ব বিচাৰে। দুৰ্নীতিত লিপ্ত হ’বলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পৰা অনুমতি বিচাৰে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত কৰ বিষয়াগৰাকীয়ে লিখিছে, “আমাৰ প্ৰিয় দেশখনৰ এই মুহূৰ্তত বিপদজনক অৰ্থনৈতিক অৱস্থাৰ বিষয়ে মই অৱগত। আপোনাৰ চৰকাৰে দেশৰ অৰ্থনীতিত যথাৰ্থ অৱস্থা পুনৰ ঘূৰাই আনিবলৈ কোনো প্ৰচেষ্টা চলোৱা নাই।’’

চিঠিখনত তেওঁ লগতে লিখিছে যে তেওঁ যোৱা ৪ বছৰ ধৰি কৰ বিষয়া হিচাপে কাম কৰি আহিছে। কিন্তু কেতিয়াও দুৰ্নীতিৰ লগত নিজকে জড়িত কৰা নাছিল। কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতিত তেওঁৰ হাতত দুৰ্নীতি কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। দুৰ্নীতিৰ কামত জড়িত হ’লে অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰি বুলিও লিখিছে কৰ বিষয়াগৰাকীয়ে। ফলত দৈনন্দিন নূন্যতম প্ৰয়োজনীয়তা সহজেই পূৰণ কৰিব পৰা যাব।

বিগত কেইমাহমানৰ পৰা আৰ্থিক সংকটে জুৰুলা কৰি আহিছে পাকিস্তান। চৰকাৰী পৰিসংখ্যা অনুসৰি পাকিস্তানত পিয়াঁজৰ মূল্য বিগত কিছুদিনত ২২৮.২৮ শতাংশ বৃদ্ধি পাইছে। ১৬৫.৮৮ শতাংশ বৃদ্ধি পাইছে চিগাৰেটৰ মূল্য। ডিজেল আৰু কলৰ মূল্য ক্ৰমে ১০২.৮৯ শতাংশ আৰু ৮৯.১৭ শতাংশ বৃদ্ধি পাইছে।

তাৰমাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কৰ বিষয়াগৰাকীৰ এই চিঠিখন। অৱশ্যে পত্ৰখনৰ সত্যতা এতিয়াও সন্দেহৰ আৱৰ্তত আছে সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা