--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিভাৱকসকলে যদি তেওঁলোকৰ সন্তানৰ ফটো ছচিয়েল মিডিয়াত আপলোড কৰে তেন্তে শাস্তিৰ সন্মুখীন হ’ব। অৱশ্যে এই নিয়ম ভাৰতত কৰা হোৱা নাই। এই নিয়ম কৰা হৈছে ফ্ৰান্সত । প্ৰযুক্তিবিদ্যাৰ যুগত বহুতে   শিশুটিৰ হাঁহি, ছুনুক-থানাক মাত উচ্চাৰণ, প্ৰথমে খোজকঢ়া আদিৰ ছবি তথা  ভিডিঅ' ছ’চিয়েল মিডিয়াত আপলোড কৰে।

 শিশুৰ জন্মদিনৰ কেক কটা আদি কথাবোতো আছেই।  কিন্তু ফ্ৰান্সত সেয়া  আৰু কৰিব নোৱাৰিব। ছ'চিয়েল মিডিয়াত শিশুৰ ফটো পোষ্ট কৰাটো দেশ খনত শীঘ্ৰে নিষিদ্ধ কৰা হ’ব পাৰে।  এই সন্দৰ্ভত এখন আইন প্ৰণয়ন কৰা হৈছে। যদি কোনোবাই এই  আইন ভংগ কৰে তেন্তে  শাস্তিৰ সন্মুখীন হ'ব লাগিব। ফ্ৰান্সৰ  আইন প্ৰণেতাসকলে কয় যে শিশুৰ গোপনীয়তা সুৰক্ষিত কৰিব লাগিব। 

নতুন বিধেয়কখন গৃহীত কৰোৱা ফ্ৰান্সৰ সাংসদ ব্ৰোনো ষ্টুডাৰে কয় যে অভিভাৱকসকলে ক'ব পাৰে যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিবই । তাত আনৰ   আপত্তি ক’ত? কিন্তু এইক্ষেত্ৰত শিশুটিৰ সন্মতিও গুৰুত্বপূৰ্ণ কথা। 

এই যুক্তিৰ আধাৰতেই নতুন বিধেয়কখন গৃহীত হৈছে। আইনখন সোনকালেই ফ্ৰান্সত কাৰ্যকৰী হ'ব। তাৰ পিছত যদি কোনো অভিভাৱকে আইন অনুসৰণ নকৰাকৈ শিশুৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰে তেন্তে ব্যৱস্থা লোৱা হ'ব। শিশু মনোবিজ্ঞানীসকলে ফ্ৰান্সৰ নতুন আইন খনৰ প্ৰশংসা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন