--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰুছ-ইউক্ৰেইনৰ যুদ্ধক কেন্দ্ৰ কৰি পশ্চিমীয়া দেশৰ সৈতে সংঘাত তীব্ৰতৰ হৈ পৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। ৰাছিয়াৰ বিৰু্দ্ধে ইউৰোপ-আমেৰিকাই যুদ্ধক্ষেত্ৰত নমা নাই যদিও অৰ্থনৈতিক ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাকে ধৰি বিভিন্ন বাধা-নিষেধ আৰোপেৰে ৰাছিয়াক ব্যতিব্যস্ত কৰাৰ চেষ্টা কৰিছিল। কিন্তু এইবাৰ প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈছে ভ্লাডিমিৰ পুটিন। ইউক্ৰেইনত মাৰ্কিন আগ্ৰাসন প্ৰতিৰোধৰ বাবেই ৰাছিয়াই সামৰিক অভিযান চলোৱা বুলি দাবী কৰি অহা হৈছে। আৰু এইবাৰ আমেৰিকাৰ বিৰুদ্ধেই যুদ্ধংদেহি ৰূপ লৈছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। এইবাৰ জো বাইডেনক নিষিদ্ধ কৰিছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে। আমেৰিকাৰ বিভিন্ন ৰুছ বিৰোধী পদক্ষেপৰ প্ৰত্যুত্তৰ দি এই সিদ্ধান্ত গ্ৰহণ কৰে পুটিনে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি কেইবাজনো উচ্চপদস্থ মাৰ্কিন বিষয়াক নিষিদ্ধ কৰা হৈছে। তেওঁলোকে ভৱিষ্যতে ৰাছিয়াত প্ৰৱেশ কৰিব নোৱাৰিব। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে মঙলবাৰে এক চৰকাৰী বিবৃতিত কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ তৰফৰ পৰা ‘ৰুছফোবিয়া’ ব্যাপকভাৱে বিয়পাই দিয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, জো বাইডেনকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলৰ দেশখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু প্ৰতিৰক্ষা সচিবৰ ওপৰতো একেই নিষেধাজ্ঞা অব্যাহত থাকিব। আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ এই যুদ্ধংদেহী মনোভাৱে এতিয়া তেওঁৰ অনমীয়তাকো যেন স্পষ্ট কৰি দিছে। অধিক আগ্ৰাসী ৰূপ লৈ যুদ্ধত অৱতীৰ্ণ হোৱা ৰাছিয়াই সমগ্ৰ বিশ্বকে যেন এতিয়া প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে। উল্লেখ্য যে, বিগত ২০ দিনে ইউক্ৰেইনৰ ভূমিত চলি আছে ৰুছ সামৰিক আগ্ৰাসন। bfc banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ