--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰুছ-ইউক্ৰেইনৰ যুদ্ধক কেন্দ্ৰ কৰি পশ্চিমীয়া দেশৰ সৈতে সংঘাত তীব্ৰতৰ হৈ পৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ। ৰাছিয়াৰ বিৰু্দ্ধে ইউৰোপ-আমেৰিকাই যুদ্ধক্ষেত্ৰত নমা নাই যদিও অৰ্থনৈতিক ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাকে ধৰি বিভিন্ন বাধা-নিষেধ আৰোপেৰে ৰাছিয়াক ব্যতিব্যস্ত কৰাৰ চেষ্টা কৰিছিল। কিন্তু এইবাৰ প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈছে ভ্লাডিমিৰ পুটিন। ইউক্ৰেইনত মাৰ্কিন আগ্ৰাসন প্ৰতিৰোধৰ বাবেই ৰাছিয়াই সামৰিক অভিযান চলোৱা বুলি দাবী কৰি অহা হৈছে। আৰু এইবাৰ আমেৰিকাৰ বিৰুদ্ধেই যুদ্ধংদেহি ৰূপ লৈছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। এইবাৰ জো বাইডেনক নিষিদ্ধ কৰিছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে। আমেৰিকাৰ বিভিন্ন ৰুছ বিৰোধী পদক্ষেপৰ প্ৰত্যুত্তৰ দি এই সিদ্ধান্ত গ্ৰহণ কৰে পুটিনে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি কেইবাজনো উচ্চপদস্থ মাৰ্কিন বিষয়াক নিষিদ্ধ কৰা হৈছে। তেওঁলোকে ভৱিষ্যতে ৰাছিয়াত প্ৰৱেশ কৰিব নোৱাৰিব। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে মঙলবাৰে এক চৰকাৰী বিবৃতিত কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ তৰফৰ পৰা ‘ৰুছফোবিয়া’ ব্যাপকভাৱে বিয়পাই দিয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, জো বাইডেনকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলৰ দেশখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু প্ৰতিৰক্ষা সচিবৰ ওপৰতো একেই নিষেধাজ্ঞা অব্যাহত থাকিব। আমেৰিকাৰ বিৰুদ্ধে পুটিনৰ এই যুদ্ধংদেহী মনোভাৱে এতিয়া তেওঁৰ অনমীয়তাকো যেন স্পষ্ট কৰি দিছে। অধিক আগ্ৰাসী ৰূপ লৈ যুদ্ধত অৱতীৰ্ণ হোৱা ৰাছিয়াই সমগ্ৰ বিশ্বকে যেন এতিয়া প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে। উল্লেখ্য যে, বিগত ২০ দিনে ইউক্ৰেইনৰ ভূমিত চলি আছে ৰুছ সামৰিক আগ্ৰাসন। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ