--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মাত্ৰ ৮ৰ পৰা ১০ টা কিচমিচ আপুনি ৰাতি পানীত তিয়াই থওক আৰু পুৱা কিচমিচৰ সৈতে তিয়াই থোৱা পানীখিনি খাওক। তিয়াই থোৱা কিচমিচত প্ৰচুৰ পৰিমাণে লো, পটাছিয়াম,কেলচিয়াম, মেগনেছিয়াম আৰু প্ৰাকৃতিক চেনী থাকে।

ডিজিটেল ডেস্কঃ কিচমিচ আমাৰ শৰীৰৰ বাবে এক অতি উৎকৃষ্ট শুকান ফল। ইয়াক ইংৰাজীত ‘Raisin’ বুলি কোৱা হয়৷ কিচমিচ তৈয়াৰ কৰা হয় শুকান আঙুৰৰ পৰা৷ কিচমিচত প্ৰচুৰ পৰিমাণৰ ফেট’জ আৰু গ্ল’কজ পোৱা যায়৷


গতিকে খেলুৱৈ, ব’ডি বিল্ডাৰ তথা আন সকলোৰে শৰীৰত শক্তি যোগানৰ ক্ষেত্ৰত কিচমিচে বিশেষ ভূমিকা পালন কৰে৷ আঙুৰক বিশেষ পদ্ধতিৰে শুকোৱাৰ পাছত কিচমিচ বোলা হয়। যদি আপুনি দৈনিক পানীত তিয়াই থোৱা কিচমিচ খোৱাৰ অভ্যাস কৰে তেন্তে আপুনি বহুকেইটা বেমাৰৰ পৰা বাছি থাকিব পাৰিব।


মাত্ৰ ৮ৰ পৰা ১০ টা কিচমিচ আপুনি ৰাতি পানীত তিয়াই থওক আৰু পুৱা কিচমিচৰ সৈতে তিয়াই থোৱা পানীখিনি খাওক। তিয়াই থোৱা কিচমিচত প্ৰচুৰ পৰিমাণে লো, পটাছিয়াম,কেলচিয়াম, মেগনেছিয়াম আৰু প্ৰাকৃতিক চেনী থাকে।


এই সকলোকেইটা উপাদানেই মানুহৰ শৰীৰটো সু স্বাস্থ্যৱান কৰি ৰখাত অভূতপূৰ্ব সহায় কৰে।আঙুৰত থকা পৌষ্টিক গুণসমূহ- কেল’ৰিজ, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, আইৰণ, পটেছিয়াম, মেগনেছিয়াম, কপাৰ, জিংক, ফছফৰাছ, কেলচিয়াম, ফাইবাৰ, শৰ্কৰা, কেল’ৰী, মাইক্ৰ’নিউট্ৰেন্ট আদি। অন্যহাতে ই শৰীৰৰ বাবে ৰোগনাশক, বেক্টেৰীয়ানাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্যনাশক।


পানীত তিয়াই থোৱা কিচমিচৰ উপকাৰিতাৰ বিষয়ে জানো আহক


১)ই শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে শৰীৰটোক অন্য ভাইৰাছ আৰু বেক্টেৰিয়াৰ সৈতে যুঁজি থাকিব পৰাকৈ সৱল কৰি ৰাখে।


২) উচ্চ ৰক্তচাপ আৰু হাইপাৰ টেনশ্যন হ্ৰাস কৰে।


৩)হৃদৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰাও বচাই ৰখাত সহায় কৰে।


৪)কিচমিচে মানুহৰ শৰীৰত তেজ বৃদ্ধি কৰে।কাৰণ কিচমিচ হৈছে আইৰণৰ প্ৰধান উৎস।


৫)ইয়াত থকা ভিটামিন বি কমপ্লেক্সে তেজ গঠন হোৱাত সহায় কৰে।অকল সেয়াই নহ‘য় ইয়াত থকা কপাৰে তেজৰ কণিকা গঠন কৰি তেজৰ পৰিমাণ বৃদ্ধি কৰে।


৬)তিয়াই থোৱা কিচমিচে মানুহৰ শৰীৰত হজম শক্তি বৃদ্ধি কৰে। আচলতে কিচমিচত থকা আঁহে মানুহৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে।


৭)যিবিলাক লোকৰ গেছৰ সমস্যা, শৌচৰ সমস্যা, গেষ্ট্ৰিক, ডায়েৰীয়া আদি আছে তেওঁলোকে তিয়াই থোৱা কিচমিচ খাব লাগে৷


৮)মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।


৯)তিয়াই থোৱা কিচমিচ আৰু পানীয়ে কিডনী পৰিস্কাৰ তথা সংক্ৰমণ দূৰ কৰে।


১০) যিকোনো জ্বৰ বা শাৰীৰিক দুৰ্বলতাত ই অতি উপকাৰী।


অৱশ্যে ডায়বেটিক ৰোগীয়ে কিচমিচ খোৱাটো অপকাৰী। তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে কিচমিচ খোৱা উচিত।


গতিকে ৮-১০ টা কিচমিচ ৰাতি এগিলাচ পৰিস্কাৰ পানীত তিয়াই থওক পুৱা খালী পেটত কিচমিচ কেইটা খোৱাৰ পাছত সেই পানীখিনিও খাওক৷ নিতৌ এনেদৰে কিচমিচ সেৱন কৰিলে আমি সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো প্ৰায় নিশ্চিত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি