--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মাত্ৰ ৮ৰ পৰা ১০ টা কিচমিচ আপুনি ৰাতি পানীত তিয়াই থওক আৰু পুৱা কিচমিচৰ সৈতে তিয়াই থোৱা পানীখিনি খাওক। তিয়াই থোৱা কিচমিচত প্ৰচুৰ পৰিমাণে লো, পটাছিয়াম,কেলচিয়াম, মেগনেছিয়াম আৰু প্ৰাকৃতিক চেনী থাকে।

ডিজিটেল ডেস্কঃ কিচমিচ আমাৰ শৰীৰৰ বাবে এক অতি উৎকৃষ্ট শুকান ফল। ইয়াক ইংৰাজীত ‘Raisin’ বুলি কোৱা হয়৷ কিচমিচ তৈয়াৰ কৰা হয় শুকান আঙুৰৰ পৰা৷ কিচমিচত প্ৰচুৰ পৰিমাণৰ ফেট’জ আৰু গ্ল’কজ পোৱা যায়৷


গতিকে খেলুৱৈ, ব’ডি বিল্ডাৰ তথা আন সকলোৰে শৰীৰত শক্তি যোগানৰ ক্ষেত্ৰত কিচমিচে বিশেষ ভূমিকা পালন কৰে৷ আঙুৰক বিশেষ পদ্ধতিৰে শুকোৱাৰ পাছত কিচমিচ বোলা হয়। যদি আপুনি দৈনিক পানীত তিয়াই থোৱা কিচমিচ খোৱাৰ অভ্যাস কৰে তেন্তে আপুনি বহুকেইটা বেমাৰৰ পৰা বাছি থাকিব পাৰিব।


মাত্ৰ ৮ৰ পৰা ১০ টা কিচমিচ আপুনি ৰাতি পানীত তিয়াই থওক আৰু পুৱা কিচমিচৰ সৈতে তিয়াই থোৱা পানীখিনি খাওক। তিয়াই থোৱা কিচমিচত প্ৰচুৰ পৰিমাণে লো, পটাছিয়াম,কেলচিয়াম, মেগনেছিয়াম আৰু প্ৰাকৃতিক চেনী থাকে।


এই সকলোকেইটা উপাদানেই মানুহৰ শৰীৰটো সু স্বাস্থ্যৱান কৰি ৰখাত অভূতপূৰ্ব সহায় কৰে।আঙুৰত থকা পৌষ্টিক গুণসমূহ- কেল’ৰিজ, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, আইৰণ, পটেছিয়াম, মেগনেছিয়াম, কপাৰ, জিংক, ফছফৰাছ, কেলচিয়াম, ফাইবাৰ, শৰ্কৰা, কেল’ৰী, মাইক্ৰ’নিউট্ৰেন্ট আদি। অন্যহাতে ই শৰীৰৰ বাবে ৰোগনাশক, বেক্টেৰীয়ানাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্যনাশক।


পানীত তিয়াই থোৱা কিচমিচৰ উপকাৰিতাৰ বিষয়ে জানো আহক


১)ই শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে শৰীৰটোক অন্য ভাইৰাছ আৰু বেক্টেৰিয়াৰ সৈতে যুঁজি থাকিব পৰাকৈ সৱল কৰি ৰাখে।


২) উচ্চ ৰক্তচাপ আৰু হাইপাৰ টেনশ্যন হ্ৰাস কৰে।


৩)হৃদৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰাও বচাই ৰখাত সহায় কৰে।


৪)কিচমিচে মানুহৰ শৰীৰত তেজ বৃদ্ধি কৰে।কাৰণ কিচমিচ হৈছে আইৰণৰ প্ৰধান উৎস।


৫)ইয়াত থকা ভিটামিন বি কমপ্লেক্সে তেজ গঠন হোৱাত সহায় কৰে।অকল সেয়াই নহ‘য় ইয়াত থকা কপাৰে তেজৰ কণিকা গঠন কৰি তেজৰ পৰিমাণ বৃদ্ধি কৰে।


৬)তিয়াই থোৱা কিচমিচে মানুহৰ শৰীৰত হজম শক্তি বৃদ্ধি কৰে। আচলতে কিচমিচত থকা আঁহে মানুহৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে।


৭)যিবিলাক লোকৰ গেছৰ সমস্যা, শৌচৰ সমস্যা, গেষ্ট্ৰিক, ডায়েৰীয়া আদি আছে তেওঁলোকে তিয়াই থোৱা কিচমিচ খাব লাগে৷


৮)মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।


৯)তিয়াই থোৱা কিচমিচ আৰু পানীয়ে কিডনী পৰিস্কাৰ তথা সংক্ৰমণ দূৰ কৰে।


১০) যিকোনো জ্বৰ বা শাৰীৰিক দুৰ্বলতাত ই অতি উপকাৰী।


অৱশ্যে ডায়বেটিক ৰোগীয়ে কিচমিচ খোৱাটো অপকাৰী। তেনেক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে কিচমিচ খোৱা উচিত।


গতিকে ৮-১০ টা কিচমিচ ৰাতি এগিলাচ পৰিস্কাৰ পানীত তিয়াই থওক পুৱা খালী পেটত কিচমিচ কেইটা খোৱাৰ পাছত সেই পানীখিনিও খাওক৷ নিতৌ এনেদৰে কিচমিচ সেৱন কৰিলে আমি সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো প্ৰায় নিশ্চিত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু