--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ মাজত সোণৰ অলংকাৰৰ আদৰ অতি বেছি। সোণৰ নেকেলেচ, আঙঠি, ব্ৰেচলেট আৰু কাণফুলি পিন্ধি সকলোৱে নিজকে সজাই পৰাই ভাল পায়। বহুতে দৈনিক সোণ পিন্ধে, যাৰ ফলত ইয়াৰ জিলিকনি কমি যায়। অবিৰত ব্যৱহাৰৰ বাবে ই লেতেৰা হৈ পৰে। সোণৰ গহনাত আগৰ দৰে জিলিকনি ঘূৰাই আনিবলৈ কেনেদৰে পৰিস্কাৰ কৰিব লাগে জানো আহক।

১) ডিচ চাবোনেৰে পৰিষ্কাৰঃ এটা বাটিত গৰম পানী লৈ তাত লিকুইড ডিচ ডিটাৰজেন্ট দিব। উত্তম ফলাফলৰ বাবে ছডিয়াম মুক্ত চেল্টজাৰ ব্যৱহাৰ কৰক। ইয়াত থকা কাৰ্বনেচনে গহনাবোৰৰ মলি দূৰ কৰাত সহায় কৰে। এতিয়া গহনাবোৰ কোমল ব্ৰিষ্টলযুক্ত টুথব্ৰাছেৰে পৰিষ্কাৰ কৰি পানীৰে ধুই পেলাওক। শেষত কোমল কাপোৰেৰে গহনাবোৰ শুকুৱাই মচি দিব।

২) টুথপেষ্টেৰে পৰিষ্কাৰঃ টুথপেষ্টেৰেও গহনা পৰিষ্কাৰ কৰিব পাৰি। টুথপেষ্টত একৰ পৰা দুচামুচ পানী মিহলাই এটা পাতল দ্ৰৱ প্ৰস্তুত কৰক।  কাপোৰ বা পুৰণি ব্ৰাছ ব্যৱহাৰ কৰি গহনাবোৰ মলি পৰিষ্কাৰ কৰিব পাৰে। শেষত গহনাবোৰ পৰিষ্কাৰ পানীৰে ভালদৰে ধুব।

৩) বেকিং চোডা আৰু ভিনেগাৰেৰে পৰিষ্কাৰঃ এটা বাটিত এক চতুৰ্থাংশ কাপ বেকিং চোডা আৰু ২ চামুচ গৰম পানী দি পেষ্ট বনাওক। এই পেষ্টটো গহনাবোৰৰ ওপৰত ঘঁহি দিব। এতিয়া গহনাবোৰৰ ওপৰত থকা বেকিং চোডা পৰিষ্কাৰ কৰিবলৈ প্ৰথমে ভিনেগাৰেৰে ধুব আৰু তাৰ পিছত গৰম পানীৰে ধুব।

সাৱধান হওক-

সোণৰ গহনা পৰিষ্কাৰ কৰিবলৈ কেতিয়াও ব্লিচ ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত গহনাবোৰৰ ৰং সলনি হ’ব পাৰে।

সোণৰ গহনা সদায় আন গহনাৰ পৰা পৃথকে ৰাখক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন