--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলাৰ মাজত সোণৰ অলংকাৰৰ আদৰ অতি বেছি। সোণৰ নেকেলেচ, আঙঠি, ব্ৰেচলেট আৰু কাণফুলি পিন্ধি সকলোৱে নিজকে সজাই পৰাই ভাল পায়। বহুতে দৈনিক সোণ পিন্ধে, যাৰ ফলত ইয়াৰ জিলিকনি কমি যায়। অবিৰত ব্যৱহাৰৰ বাবে ই লেতেৰা হৈ পৰে। সোণৰ গহনাত আগৰ দৰে জিলিকনি ঘূৰাই আনিবলৈ কেনেদৰে পৰিস্কাৰ কৰিব লাগে জানো আহক।

১) ডিচ চাবোনেৰে পৰিষ্কাৰঃ এটা বাটিত গৰম পানী লৈ তাত লিকুইড ডিচ ডিটাৰজেন্ট দিব। উত্তম ফলাফলৰ বাবে ছডিয়াম মুক্ত চেল্টজাৰ ব্যৱহাৰ কৰক। ইয়াত থকা কাৰ্বনেচনে গহনাবোৰৰ মলি দূৰ কৰাত সহায় কৰে। এতিয়া গহনাবোৰ কোমল ব্ৰিষ্টলযুক্ত টুথব্ৰাছেৰে পৰিষ্কাৰ কৰি পানীৰে ধুই পেলাওক। শেষত কোমল কাপোৰেৰে গহনাবোৰ শুকুৱাই মচি দিব।

২) টুথপেষ্টেৰে পৰিষ্কাৰঃ টুথপেষ্টেৰেও গহনা পৰিষ্কাৰ কৰিব পাৰি। টুথপেষ্টত একৰ পৰা দুচামুচ পানী মিহলাই এটা পাতল দ্ৰৱ প্ৰস্তুত কৰক।  কাপোৰ বা পুৰণি ব্ৰাছ ব্যৱহাৰ কৰি গহনাবোৰ মলি পৰিষ্কাৰ কৰিব পাৰে। শেষত গহনাবোৰ পৰিষ্কাৰ পানীৰে ভালদৰে ধুব।

৩) বেকিং চোডা আৰু ভিনেগাৰেৰে পৰিষ্কাৰঃ এটা বাটিত এক চতুৰ্থাংশ কাপ বেকিং চোডা আৰু ২ চামুচ গৰম পানী দি পেষ্ট বনাওক। এই পেষ্টটো গহনাবোৰৰ ওপৰত ঘঁহি দিব। এতিয়া গহনাবোৰৰ ওপৰত থকা বেকিং চোডা পৰিষ্কাৰ কৰিবলৈ প্ৰথমে ভিনেগাৰেৰে ধুব আৰু তাৰ পিছত গৰম পানীৰে ধুব।

সাৱধান হওক-

সোণৰ গহনা পৰিষ্কাৰ কৰিবলৈ কেতিয়াও ব্লিচ ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত গহনাবোৰৰ ৰং সলনি হ’ব পাৰে।

সোণৰ গহনা সদায় আন গহনাৰ পৰা পৃথকে ৰাখক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস