--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শতকৰ অৰ্ধশতক! কিং কোহলীয়ে এদিনীয়া ক্ৰিকেটত শতকৰ এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। গেলেৰীৰ পৰা শচীন তেণ্ডুলকাৰে নিজেই থিয় হৈ হাত চাপৰি বজালে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ইমানদিনে শচীনৰ হাতত আছিল। কিং কোহলীৰ এই প্ৰদৰ্শনে মুখৰিত কৰি তুলিলে ষ্টেডিয়াম৷

বুধবাৰে বিশ্বকাপৰ ছেমি ফাইনেলত শচীন তেণ্ডুলকাৰৰ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ ভংগ কৰে কোহলীয়ে। ইয়াৰ পিছত শচীনে এটা বিশ্বকাপত কৰা ৬৭৩ ৰানৰ বিশ্ব অভিলেখ ভংগ কৰে। পিছত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰে। মুঠতে বুধবাৰে কোহলীয়ে শচীনৰ তিনিটা অভিলেখ ভংগ কৰে।

কোহলীয়ে এদিনীয়া ক্ৰিকেটত ৫০ শতকৰ মাইলৰ খুঁটিত উপনীত হোৱা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। তাৰ পূৰ্বে ৮০ ৰান সংগ্ৰহ কৰা অৱস্থাত বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহৰ শচীনৰ অভিলেখো ভংগ কৰে। ২০০৩ চনৰ বিশ্বকাপত শচীনে ৬৭৩ ৰান সংগ্ৰহ কৰিছিল। আজিৰ দিনটোতে তেওঁ বিশ্বৰ ষষ্ঠ ক্ৰিকেটাৰ হিচাপে বিশ্বকাপত ৬০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হয়। শচীন, মেথিউ হেডেন, ডেভিদ ৱাৰ্নাৰ, ৰোহিত শৰ্মা আৰু চাকিব আল হাছানৰ হাতত এই কৃতিত্ব আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী