--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শতকৰ অৰ্ধশতক! কিং কোহলীয়ে এদিনীয়া ক্ৰিকেটত শতকৰ এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। গেলেৰীৰ পৰা শচীন তেণ্ডুলকাৰে নিজেই থিয় হৈ হাত চাপৰি বজালে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ইমানদিনে শচীনৰ হাতত আছিল। কিং কোহলীৰ এই প্ৰদৰ্শনে মুখৰিত কৰি তুলিলে ষ্টেডিয়াম৷

বুধবাৰে বিশ্বকাপৰ ছেমি ফাইনেলত শচীন তেণ্ডুলকাৰৰ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ ভংগ কৰে কোহলীয়ে। ইয়াৰ পিছত শচীনে এটা বিশ্বকাপত কৰা ৬৭৩ ৰানৰ বিশ্ব অভিলেখ ভংগ কৰে। পিছত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰে। মুঠতে বুধবাৰে কোহলীয়ে শচীনৰ তিনিটা অভিলেখ ভংগ কৰে।

কোহলীয়ে এদিনীয়া ক্ৰিকেটত ৫০ শতকৰ মাইলৰ খুঁটিত উপনীত হোৱা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। তাৰ পূৰ্বে ৮০ ৰান সংগ্ৰহ কৰা অৱস্থাত বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহৰ শচীনৰ অভিলেখো ভংগ কৰে। ২০০৩ চনৰ বিশ্বকাপত শচীনে ৬৭৩ ৰান সংগ্ৰহ কৰিছিল। আজিৰ দিনটোতে তেওঁ বিশ্বৰ ষষ্ঠ ক্ৰিকেটাৰ হিচাপে বিশ্বকাপত ৬০০ ৰানৰ মাইলৰ খুঁটিত উপনীত হয়। শচীন, মেথিউ হেডেন, ডেভিদ ৱাৰ্নাৰ, ৰোহিত শৰ্মা আৰু চাকিব আল হাছানৰ হাতত এই কৃতিত্ব আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক