--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লং লেগ আৰু ডিপ মিডউইকেটৰ মাজত ৪১ নং অভাৰৰ চতুৰ্থ বল খেলি বিৰাট কোহলীয়ে ৰান লোৱা আৰম্ভ কৰে। এই মেচখনৰ বাকী চিংগলছৰ তুলনাত এই ৰানটো অলপ বেলেগ। সেই এক ৰাণেৰে তেওঁ শচীন তেণ্ডুলকাৰক অভাৰটেক কৰিছিল। এদিনীয়া ক্ৰিকেটত সেয়া আছিল ৫০তম শতিকাৰ দৌৰ।

ষ্টেডিয়ামত তেতিয়া কেৱল “কোহলিইইই, কোহলিইইইই” চিঞৰি উঠে। এসময়ত এই পথাৰত "শচীন, শচীন"ৰ শব্দ শুনা গৈছিল। বুধবাৰে খেলপথাৰত বহি চিঞৰ-বাখৰ সলনি হোৱা শুনিলে। আৰু যাৰ বাবে চিঞৰ, শচীনে সেই মহান শতক অৰ্জন কৰাৰ পিছত থিয় হৈ হাত চাপৰি বজাইছিল। মাষ্টাৰ ব্লাষ্টাৰ তেওঁৰ উত্তৰসূৰীৰ কৃতিত্বত আপ্লুত হৈ পৰিছে।

টুইটাৰত শচীনে কোহলীক অভিনন্দন জনাই এটা মুহূৰ্তৰ সোঁৱৰণ কৰে৷ লিখে- ‘‘প্ৰথমবাৰৰ বাবে ভাৰতীয় ড্ৰেছিং ৰুমত তোমাক লগ পোৱাৰ সময়ত তোমাক দলৰ সতীৰ্থই প্ৰেংক কৰি মোৰ ভৰি স্পৰ্শ কৰোৱাইছিল। সেইদিনা মই হাঁহি বন্ধ কৰিব নোৱাৰিছিলোঁ৷ কিন্তু অলপ পিছতে, তুমি তোমাৰ আবেগ আৰু দক্ষতাই মোৰ হৃদয়খন চুই গ’ল। মই ইমানেই সুখী যে সেই সৰু ল’ৰাটো ডাঙৰ হৈ ‘বিৰাট’ খেলুৱৈ হৈ পৰিছে।’’

টেণ্ডুলকাৰে আৰু লিখে- ‘‘এজন ভাৰতীয়ই মোৰ অভিলেখ ভংগ কৰাত ইয়াতকৈ বেছি সুখী হ’ব নোৱাৰিলোঁ৷ আটাইতকৈ ডাঙৰ মঞ্চত - বিশ্বকাপৰ ছেমি ফাইনেলত - আৰু মোৰ ঘৰুৱা খেলপথাৰত কৰাটো কেকৰ ওপৰত আইচিঙৰ দৰে৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক