--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ বৈদেশিক সচিব মার্কো ৰুবিঅ'ই লেবাননৰ ৰাষ্ট্ৰপতি যোছেফ আওন আৰু ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক কূটনৈতিক আলোচনা আৰম্ভ কৰাৰ আহ্বান জনাইছে।

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ যুদ্ধখনে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমেৰিকা আৰু ইজৰাইলে পূৰ্ণ শক্তিৰে ইৰানৰ বিৰুদ্ধে যুদ্ধত নামি পৰিছে। সেই অনুপাতে ইৰানেও সমানে প্রত্যাক্ৰমণ আৰম্ভ কৰিছে। মার্কিন সামৰিক বাহিনীয়ে দেওবাৰে ইৰানৰ ড্ৰ'ন আৰু ৰাডাৰ ব্যৱস্থাত ভয়াৱহ ক্ষেপণাস্ত্র আক্রমণ চলায়। ইৰানে আমেৰিকাৰ এখন ড্র'ন ভূপাতিত কৰাৰ অভিযোগ তুলি মার্কিন সেনাই এই আক্রমণ কৰে। 


ইফালে, কুৱেইটৰ সামৰিক সূত্রই প্রকাশ কৰা মতে, দেশখনে ইৰানৰ বহু মিছাইল আৰু ড্ৰ'ন এয়াৰ ডিফেন্স ব্যৱস্থাৰ দ্বাৰা ধ্বংস কৰে। একে সময়তে ইজৰাই লেও লেবাননত হিজবুল্লাৰ বিৰুদ্ধে ভয়াৱহ আক্রমণ আৰম্ভ কৰিছে। দেশ দুখনৰ মাজত যুদ্ধ-বিৰতি চুক্তি হৈছিল যদিও সেই চুক্তিক অৱমাননা কৰি দুয়োপক্ষই আক্রমণ-প্রত্যাক্রমণ অব্যাহত ৰখিছে। দেওবাৰে ইজৰাইলী সেনাই দক্ষিণ লেবাননৰ এটা দুর্গ নিজৰ দখললৈ নিয়ে, য'ৰ পৰা সমগ্র লেবানন আৰু উত্তৰ ইজৰাইল দেখা পোৱা যায়। পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে ইজৰাইল-হিজবুল্লাৰ যুদ্ধই ইৰান-আমেৰিকাৰ সম্ভাব্য যুদ্ধ-বিৰতিলৈও শংকা কঢ়িয়াই আনিছে। 


আমেৰিকাৰ বৈদেশিক সচিব মার্কো ৰুবিঅ'ই লেবাননৰ ৰাষ্ট্ৰপতি যোছেফ আওন আৰু ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুক কূটনৈতিক আলোচনা আৰম্ভ কৰাৰ আহ্বান জনাইছে। আমেৰিকাই প্রস্তাৱ দিছে যে হিজবুল্লাই প্রথমে আক্রমণ বন্ধ কৰক আৰু তাৰ পাছতে ইজৰাইলেও বেইৰুটত আক্রমণ বন্ধ কৰিব। ইফালে, মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ট্রুথ ছ'চিয়েলযোগে প্রকাশ কৰিছে যে ইৰানে নিশ্চিতভাৱেই আমেৰিকাৰ লগত এখন চুক্তি কৰিব বিচাৰিছে, কিন্তু সেই চুক্তিখন আমেৰিকাৰ মনঃপুত হ'ব লাগিব। আনফালে, ইৰানৰ মুখ্য শান্তি আলোচক মহম্মদ বাগেৰ গালিবাফে প্রকাশ কৰিছে যে দেশখনে আমেৰিকাক কেতিয়াও বিশ্বাসত নলয়। ইৰানৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰা চুক্তিতহে দেশখনে সমর্থন জনাব।

উৎস: দৈনিক জনমভূমি

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক