--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালৰ এক গৱেষণাই কঢ়িয়াই আনিছে আশাৰ ৰেঙনী। তথ্য  অনুসৰি ৪০ টকাৰ বেজীৰে স্তন কেন্সাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যাব। বেজীৰ এটা মাত্ৰাই স্তন কেন্সাৰ কোষবোৰক সুস্থিৰ কৰি তুলিব, যাৰ ফলত এই কোষবোৰ শৰীৰৰ আন অংশলৈ বিয়পি পৰাত বাধা আহিব। একক ড’জ বেজীৰ খৰচ মাত্ৰ ৩০ৰ পৰা ৪০ টকা।

২০১১ চনত টাটা মেম’ৰিয়েল হাস্পতালে স্তন কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে এই অধ্যয়ন আৰম্ভ কৰিছিল। এই অধ্যয়নটোৰ নাম আছিল ‘অস্ত্ৰোপচাৰৰ পূৰ্বে স্থানীয় এনাস্থেটিকৰ পেৰি-টিউমাৰেল অনুপ্ৰৱেশৰ প্ৰাৰম্ভিক স্তন কেন্সাৰত জীয়াই থকাৰ ওপৰত প্ৰভাৱ’। সমগ্ৰ দেশৰ ১১টা কেন্সাৰ কেন্দ্ৰৰ সৈতে জড়িত আছিল এই অধ্যয়নত।

টাটা মেম’ৰিয়েল হস্পিতালৰ মেডিকেল অংক’লজীৰ অধ্যাপক তথা অধ্যয়নৰ অন্যতম সহযোগী ডাঃ সুদীপ গুপ্তাই কয় যে, "এই গৱেষণাই স্তন কেন্সাৰত এক সস্তা আৰু ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিব পৰা চিকিৎসা প্ৰদান কৰে। গৱেষণাই প্ৰমাণ কৰে যে,"ভাৰতীয় কেন্দ্ৰসমূহে বিশ্বব্যাপী প্ৰভাৱৰ সৈতে জড়িত অধ্যয়নক ডিজাইন আৰু পৰিচালনা কৰিব পাৰে।" এই বেজী প্ৰথমে স্থানীয় এনাস্থেচিয়াৰ অধীনত ব্যৱহাৰ কৰা হয় কৰ্কট ৰোগৰ আক্ৰান্ত অংশবোৰ অজ্ঞান কৰি ৰাখিবলৈ। অস্ত্ৰোপচাৰৰ পূৰ্বে টিউমাৰৰ চাৰিওফালে এই বেজী দিয়া হয়।

এই বেজীয়ে প্ৰতি বছৰে এক লাখ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। ডাঃ সুদীপ গুপ্তাৰ মতে, এই বেজী ব্যৱহাৰ কৰাৰ ফলত স্তন কেন্সাৰৰ পৰা আৰোগ্য হোৱাৰ হাৰ পাঁচ শতাংশ বৃদ্ধি পাইছে। সাধাৰণতে অস্ত্ৰোপচাৰৰ পিছত ৮১ শতাংশ স্তন কেন্সাৰ আৰোগ্য হয় যদিও এই বেজী ব্যৱহাৰ কৰাৰ পিছত ই ৮৬ শতাংশলৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ