--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালৰ এক গৱেষণাই কঢ়িয়াই আনিছে আশাৰ ৰেঙনী। তথ্য  অনুসৰি ৪০ টকাৰ বেজীৰে স্তন কেন্সাৰ ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যাব। বেজীৰ এটা মাত্ৰাই স্তন কেন্সাৰ কোষবোৰক সুস্থিৰ কৰি তুলিব, যাৰ ফলত এই কোষবোৰ শৰীৰৰ আন অংশলৈ বিয়পি পৰাত বাধা আহিব। একক ড’জ বেজীৰ খৰচ মাত্ৰ ৩০ৰ পৰা ৪০ টকা।

২০১১ চনত টাটা মেম’ৰিয়েল হাস্পতালে স্তন কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে এই অধ্যয়ন আৰম্ভ কৰিছিল। এই অধ্যয়নটোৰ নাম আছিল ‘অস্ত্ৰোপচাৰৰ পূৰ্বে স্থানীয় এনাস্থেটিকৰ পেৰি-টিউমাৰেল অনুপ্ৰৱেশৰ প্ৰাৰম্ভিক স্তন কেন্সাৰত জীয়াই থকাৰ ওপৰত প্ৰভাৱ’। সমগ্ৰ দেশৰ ১১টা কেন্সাৰ কেন্দ্ৰৰ সৈতে জড়িত আছিল এই অধ্যয়নত।

টাটা মেম’ৰিয়েল হস্পিতালৰ মেডিকেল অংক’লজীৰ অধ্যাপক তথা অধ্যয়নৰ অন্যতম সহযোগী ডাঃ সুদীপ গুপ্তাই কয় যে, "এই গৱেষণাই স্তন কেন্সাৰত এক সস্তা আৰু ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিব পৰা চিকিৎসা প্ৰদান কৰে। গৱেষণাই প্ৰমাণ কৰে যে,"ভাৰতীয় কেন্দ্ৰসমূহে বিশ্বব্যাপী প্ৰভাৱৰ সৈতে জড়িত অধ্যয়নক ডিজাইন আৰু পৰিচালনা কৰিব পাৰে।" এই বেজী প্ৰথমে স্থানীয় এনাস্থেচিয়াৰ অধীনত ব্যৱহাৰ কৰা হয় কৰ্কট ৰোগৰ আক্ৰান্ত অংশবোৰ অজ্ঞান কৰি ৰাখিবলৈ। অস্ত্ৰোপচাৰৰ পূৰ্বে টিউমাৰৰ চাৰিওফালে এই বেজী দিয়া হয়।

এই বেজীয়ে প্ৰতি বছৰে এক লাখ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। ডাঃ সুদীপ গুপ্তাৰ মতে, এই বেজী ব্যৱহাৰ কৰাৰ ফলত স্তন কেন্সাৰৰ পৰা আৰোগ্য হোৱাৰ হাৰ পাঁচ শতাংশ বৃদ্ধি পাইছে। সাধাৰণতে অস্ত্ৰোপচাৰৰ পিছত ৮১ শতাংশ স্তন কেন্সাৰ আৰোগ্য হয় যদিও এই বেজী ব্যৱহাৰ কৰাৰ পিছত ই ৮৬ শতাংশলৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু